NORTHEAST NOW (Assamese)

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm · এন ই নাও নিউজ, গুৱাহাটী

৩৭০ টকাৰ বিৰিয়ানীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ বাবে পুনৰ ক্ষমা বিচাৰিছে ষ্টেণ্ড-আপ কমেডিয়ান প্ৰণীত মৰে। গুৰুগ্ৰামত অনুষ্ঠিত তেওঁৰ এটা অনুষ্ঠানৰ ভিডিঅসামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল কমেডিয়ানগৰাকী। এইবাৰ এটা ভিডিঅবাৰ্তাৰ জৰিয়তে তেওঁ স্বীকাৰ কৰিছে যে অনুষ্ঠানৰ সময়ত আপত্তিজনক মন্তব্য কৰা দৰ্শকজনক তৎক্ষণাত বাধা নিদিয়াটো তেওঁৰ ডাঙৰ ভুল আছিল।

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅটোত প্ৰণীত মৰে কয় যে তেওঁ বহু আগতেই বিষয়টো সন্দৰ্ভত নিজৰ বক্তব্য প্ৰকাশ কৰিব বিচাৰিছিল। কিন্তু তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট বন্ধ হৈ থকাৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল। তেওঁ কয়, “মোৰ অনুষ্ঠানৰ ভিডিঅটো আপোনালোকে হয়তো দেখিছে। তাৰ বাবে মই যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছোঁ। মোৰ অনুভৱ হৈছে, এই ঘৃণা হয়তো মোৰ প্ৰাপ্য।

প্ৰণীত মৰৰ অনুষ্ঠানত দৰ্শকৰ সৈতে হোৱা কথোপকথনৰ সময়ত হিমাংশু জাংৰা নামৰ এজন ব্যক্তিয়ে এটা ডেটৰ অভিজ্ঞতা বৰ্ণনা কৰিছিল। তেওঁ দাবী কৰিছিল যে এগৰাকী মহিলাৰ সৈতে খাবলৈ গৈ এখন প্লেট চিকেন বিৰিয়ানীৰ বাবে ৩৭০ টকা খৰচ কৰাৰ পিছত তেওঁ তাৰ বিনিময়ত কিবা এটা লাভ কৰাৰ আশা কৰিছিল। তেওঁৰ এই মন্তব্যক বহু লোকে মহিলাৰ প্ৰতি অপমানজনক আৰু অসংবেদনশীল বুলি সমালোচনা কৰে।

প্ৰথম অৱস্থাত ভাইৰেল হোৱা ভিডিঅটোত হিমাংশু জাংৰাৰ কেৱল কেইটামান মন্তব্যহে দেখা গৈছিল। পিছত অনুষ্ঠানটোৰ এটা দীঘলীয়া ভিডিঅসামাজিক মাধ্যমত প্ৰকাশ পায়। সেই ভিডিঅত তেওঁ এগৰাকী মহিলাৰ সৈতে তেওঁৰ আচৰণৰ বিষয়ে অধিক আপত্তিজনক মন্তব্য কৰা দেখা যায়। অনুষ্ঠানস্থলীত সেই সময়ত হাঁহি-ধেমালি চলি থকাক লৈও সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

নিজৰ ক্ষমা প্ৰাৰ্থনাৰ ভিডিঅত প্ৰণীত মৰে কয়, “তেওঁ আপত্তিজনক মন্তব্য কৰাৰ সময়ত মই বিচাৰিলে তাতেই তেওঁক বাধা দিব পাৰিলোঁহেঁতেন। কিন্তু মই সেয়া নকৰিলোঁ। ফলত বিষয়টো অধিক বেছি বিয়পি পৰিল। ইয়াৰ বাবে যিসকল লোকে আঘাত পাইছে, তেওঁলোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ।

কমেডিয়ানগৰাকীয়ে লগতে কয় যে তেওঁৰ বিৰুদ্ধে চলি থকা আইনী প্ৰক্ৰিয়াত তেওঁ কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰি আছে। তেওঁ জনসাধাৰণৰ ওচৰত আৰু এটা সুযোগ বিচাৰি কয় যে ভৱিষ্যতে তেওঁ অধিক দায়িত্বশীল ব্যক্তি হিচাপে নিজকে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব।

Related News