• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাইলৈ ফাইনেল: ভাৰতে বিশ্বজয় কৰিলেই ১০০ কোটি টকাৰ পুৰস্কাৰ; ঘোষণা ব্যৱসায়ীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2023 6:23 pm
World Cup final Astrotalk
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাইলৈ অনুষ্ঠিত হ’ব ক্ৰিকেট বিশ্বকাপৰ বহু প্ৰতীক্ষিত ফাইনেল। তৃতীয়বাৰৰ বাবে বিশ্বজয়ৰ লক্ষ্যৰে আহমেদাবাদত কাইলৈ কেংগাৰু বাহিনীৰ বিপক্ষে অৱতীৰ্ণ হ’ব ভাৰত। বিশ্বজয়ৰ আশাত উদগ্ৰীৱ হৈ আছে দেশবাসী।

বিশ্বকাপৰ সাফল্যৰ পিছত স্বাভাৱিকতেই ভাৰতীয় দলৰ খেলুৱৈসকললৈ পুৰস্কাৰৰ সোঁত ব’ব। ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত এয়া এক সুলভ দৃশ্য। পিছে এইবাৰ কেৱল খেলুৱৈৰে নহয়, ভাৰতে বিশ্বকাপ জয় কৰিলে কঁপাল ফুলিব দেশবাশীৰো!

Apply Now

আহমেদাবাদত যদি কাইলৈ অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ভাৰতে বিশ্বকাপ জয় কৰিবলৈ সক্ষম হয়, দেশৰ একাংশ লোকে লাভ কৰিব এশ কোটি টকাৰ পুৰস্কাৰ। এগৰাকী ব্যৱসায়ীয়ে ঘোষণা কৰিছে এই বৃহৎ ধনৰাশিৰ পুৰস্কাৰ।

অনলাইল জ্যোতিষ এপ্লিকেচন এষ্ট্ৰ’টকৰ চিইঅ’ পুনীত গুপ্তাই কৰিছে এই ঘোষণা। গুপ্তাৰ প্ৰতিশ্ৰুতি, ভাৰতে যদি বিশ্বকাপৰ খিতাপ অৰ্জন কৰে, এষ্ট্ৰ’টক ব্যৱহাৰকাৰীসকলক তেওঁ বিতৰণ কৰিব ১০০ কোটি টকা।

লিংকডইনত এক পোষ্ট যোগে তেওঁ কৰিছে এই ঘোষণা। পোষ্টটোত তেওঁ কয় যে ২০১১ চনত ভাৰতে যেতিয়া শেষবাৰৰ বাবে বিশ্বকাপ জয় কৰিছিল, তেওঁ তেতিয়া কলেজত পঢ়ি আছিল। সেই দিনটোক তেওঁ জীৱনৰ অন্যতম সুখৰ দিন বুলি অভিহিত কৰে।

মেচখনৰ আগদিনাৰ উত্তেজনাপূৰ্ণ পৰিৱেশ স্মৰণ কৰি তেওঁ কয় যে, ফাইনেলৰ আগদিনা গোটেই ৰাতি তেওঁলোকে আলোচনা কৰিছিল ফাইনেলত ভাৰতৰ সম্ভাৱ্য কৌশলৰ বিষয়ে আৰু সেয়ে সেইদিনা ভালদৰে টোপনি অহা নাছিল তেওঁলোকৰ।

২০১১ত বিশ্বকাপ জয়ৰ সুখানুভূতিৰ বিষয়েও তেওঁ পোষ্টটোত বৰ্ণনা কৰে। বিশ্বজয়ৰ সেই সুখানুভূতি এইবাৰ এষ্ট্ৰ’টক পৰিয়ালৰ মাজলৈ লৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে গুপ্তাই। তেওঁ উল্লেখ কৰা মতে, এই পৰিকল্পনাৰ বিষয়ে তেওঁ আজি পুৱা বিত্তীয় দলৰ সৈতে আলোচনা কৰে।

নিজৰ ইচ্ছা আৰু বিত্তীয় দলৰ পৰামৰ্শ মৰ্মেই তেওঁ ভাৰতে বিশ্বকাপ জয় কৰিলে এষ্ট্ৰ’টক ব্যৱহাৰকাৰীসকলক ১০০ কোটি বিতৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া বুলি ঘোষণা কৰিছে। এই ঘোষণা কৰি তেওঁ লগতে সকলোকে ভাৰতীয় দলৰ সাফল্যৰ বাবে প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd