• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিল আই আই টি বোম্বেৰ শিক্ষাৰ্থী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2019 12:22 pm
IIT_protest

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে আইআইটি বোম্বেৰ শিক্ষাৰ্থী। ফটো : নৰ্থইষ্ট নাও

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ লগতে সমগ্ৰ দেশতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে শুকুৰবাৰে বিয়লি ৫ বজাত আই আই টি বোম্বেত অধ্যয়নৰত উত্তৰ-পূৰ্বাঞ্চল তথা ভাৰতৰ অন্য প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক, ২০১৬’ৰ তীব্ৰ বিৰোধিতা কৰি মৌন সমদল উলিয়ায় ৷

তদুপৰি, আই আই টি বোম্বেৰ শিক্ষক, ছাত্ৰ, কৰ্মচাৰী তথা আন আন নাগৰিকসকলক উক্ত বিধেয়কখনৰ ভয়াবহতা সম্পৰ্কে সচেতন কৰিবলৈ ইংৰাজী ভাষাত লিখা প্ৰচাৰ-পত্ৰও ‘নৰ্থ ইষ্ট কালেক্টিভ’ নামৰ ছাত্ৰ গোটৰ উদ্যোগত আই আই টি চৌহদৰ ভিতৰত বিতৰণ কৰা হয় ৷

Apply Now

প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলে কয়,’‘নাগৰিকত্ব আইন (সংশোধনী) বিধেয়ক ২০১৬’ৰ মূল লক্ষ্য হৈছে নাগৰিকত্ব আইন, ১৯৫৫’ৰ সংশোধন কৰি পাকিস্তান,আফগানিস্তান আৰু বাংলাদেশৰ হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্ছী আৰু খ্ৰীষ্টান ধৰ্মীয় লোকসকলক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা ৷ অৰ্থাৎ মোদী চৰকাৰে এই বিধেয়কখনৰ জৰিয়তে ধৰ্মৰ ভিত্তিত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ বাট মুকলি কৰিব বিচাৰিছে।‘’

‘’এয়া ভাৰতীয় সংবিধানৰ ধৰ্মনিৰপেক্ষতা আৰু সমতাৰ ধাৰণাৰ প্ৰতি ভাবুকি ৷ সেয়ে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে সংবিধান ৰক্ষাৰ স্বাৰ্থতে এই বিধেয়কখনৰ বিৰোধিতা কৰিব লাগে,’’-শিক্ষাৰ্থীসকলে এইদৰে মন্তৱ্য কৰে।

তেওঁলোকে লগতে কয়, ‘’এই বিধেয়কখন বিশেষভাৱে অসমবিৰোধী ৷ কিয়নো ই ঐতিহাসিক অসম চুক্তিক অৱমাননা কৰিছে ৷ নাগৰিকত্ব সংশোধনী বিধেয়কখন আইনত পৰিণত হ’লে ভাৰতীয় সংবিধানৰ মূল ভেটিটো আঘাতপ্ৰাপ্ত হোৱাৰ লগতে অসমত থকা লাখ লাখ অবৈধ হিন্দু বাংলাদেশীয়ে ভাৰতীয় নাগৰিকত্ব পাব আৰু অসম চুক্তি তথা উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত চলি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)খন অৰ্থহীন হৈ পৰিব ৷’’

ভাৰতৰ মূলসুঁতিৰ কেতবোৰ সংবাদ মাধ্যম তথা দল-সংগঠনে এন আৰ চিক লৈ মিথ্যাচাৰ আৰু উদ্দেশ্যপ্ৰণোদিত অপপ্ৰচাৰ চলোৱাৰ বিৰোধিতা কৰি আই আই টি বোম্বেৰ অসমীয়া ছাত্ৰসকলে বক্তব্য প্ৰদান কৰে যে এন আৰ চি কোনো কাৰণতে মুছলমানবিৰোধী, বাঙালীবিৰোধী বা বহিঃৰাজ্যৰ ভাৰতীয় নাগৰিকবিৰোধী নহয়, ই মাথোঁ ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছত অসমলৈ অহা বিদেশী চিনাক্ত কৰিবৰ বাবে প্ৰস্তুত কৰা এক দস্তাৱেজ ৷

তেওঁলোকে স্পষ্ট কৰি দিয়ে ‘’এই বিধেয়কৰ জৰিয়তে লাখ লাখ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিলে উত্তৰ-পূৰ্বাঞ্চল, বিশেষকৈ অসমৰ জনগাঁথনি সম্পূৰ্ণ সলনি হোৱাৰ লগতে ইয়াৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠীসমূহৰ ভাষা-সংস্কৃতিৰ অস্তিত্ব সংকটাপন্ন হ’ব ৷’’

প্ৰতিবাদী ছাত্ৰসমাজে শাসকশ্ৰেণীৰ বিভাজনৰ ৰাজনীতি তথা সাম্প্ৰদায়িক এজেণ্ডাবোৰ প্ৰতিহত কৰিবলৈ সমূহ ৰাইজক ঐক্যবদ্ধ হ’বলৈ আহ্বান জনোৱাৰ  লগতে ফেচিবাদী চৰকাৰ তথা তেওঁলোকৰ স্তাৱকসকলৰ প্ৰৰোচনাৰ প্ৰতি সঁহাৰি নিদি সম্পূৰ্ণ অহিংস আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলন চলাই যাবলৈ সমূহ অসমপ্ৰেমী তথা গণতন্ত্ৰপ্ৰেমী ৰাইজক আহ্বান জনায় ৷

ত্ৰিপুৰাত চৰকাৰে বিধেয়কবিৰোধী জনসাধাৰণৰ গালৈ গুলী নিক্ষেপ কৰা আৰু অসমৰ বিধেয়ক বিৰোধী আন্দোলনৰ অগ্ৰণী কৰ্মী ডঃ হীৰেন গোহাঁই, অখিল গগৈ আৰু মনজিৎ মহন্তৰ বিৰুদ্ধে ষড়যন্ত্ৰমূলকভাৱে অসমৰ ফেচিবাদী চৰকাৰে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়া কাৰ্যক আই আই টি বোম্বেৰ ছাত্ৰ-ছাত্ৰীসকলে ধিক্কাৰ দিয়ে৷ এয়া বিধেয়কবিৰোধী আন্দোলন প্ৰশমিত কৰা বা ইয়াক অন্য দিশলৈ ধাৱমান কৰাৰ ফেচিবাদী চৰকাৰৰ চক্ৰান্ত বুলি অভিহিত কৰে শিক্ষাৰ্থীসকলে৷

আনহাতে, শিক্ষাৰ্থীসকলে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে সাম্প্ৰদায়িক তথা অসমবিৰোধী বিধেয়কখন বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদ কৰি যাব বুলি স্পষ্টভাৱে ঘোষণা কৰে৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd