• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঙা তেজৰ ক’লা বেহা: বৰপেটা মেডিকেল কলেজ হাস্পাতলত কৰ্মচাৰীৰ সহযোগত তেজৰ ব্যৱসায়

অবাধে তেজ বিক্ৰীৰ ফলত বৰপেটাৰ এজন যুৱকৰ মৃত্যু

পুলেন্দ্র দাস by পুলেন্দ্র দাস
August 10, 2020 7:17 am
index

তেজৰ দালালীত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চিন্ময় দাস নামৰ যুৱকজন। ফটো: নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চলিছে ৰঙা তেজৰ ক’লা বেহা ৷

চিকিৎসা মহাবিদ্যালয়খনৰ ব্লাড বেংকৰ কৰ্মচাৰী চফিউল হুছেইনৰ নেতৃত্বত তেজৰ এই ব্যৱসায় চলি থকা বুলি ৰাইজে অভিযোগ তুলিছে ৷

Apply Now

উল্লেখ্য যে, তেজৰ অবৈধ ব্যৱসায়ৰ বাবে দালালৰ জৰিয়তে টাৰ্গেট কৰি লোৱা হৈছে বৰপেটা চহৰৰ একাংশ কম বয়সীয়া যুৱক আৰু অভাৱী পৰিয়ালৰ লোকক ৷

শেহতীয়াভাৱে তেজ ব্যৱসায়ী চক্ৰৰ কবলত পৰি বৰপেটা চহৰৰ ঘোঁৰামাৰা হাটীৰ এজন যুৱকৰ মৃত্যু হোৱাৰ পাছতেই তেজ ব্যৱসায়ী চক্ৰটোৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ ৷

ৰাইজৰ অভিযোগ বৰপেটা চহৰৰ ঘোঁৰামাৰাহাটীৰ চিন্ময় দাস ওৰফে লেং নামৰ দালালজনে চহৰখনৰ যুৱকসকলক টাৰ্গেট কৰি চলাই আছে তেজৰ ব্যৱসায় ৷

ইপিনে ঘোঁৰামাৰাহাটীৰ সত্যজিৎ দাস নামৰ যুৱকজনৰ পৰা এমাহৰ ভিতৰতে কেবাবাৰো ৰক্ত সংগ্ৰহ কৰাৰ ফলত সত্যজিৎ দাস নামৰ যুৱকজনৰ অলপতে মৃত্যু হয় ৷

যুৱকজনৰ এনে কৰুণ মৃত্যুৰ ফলত দুটি কনমানি সন্তানৰ সৈতে এই দূৰ্ভগীয়া পৰিয়ালটোলৈ নামি আহিছে কাল অমানিশা ৷

যুৱকজনৰ পত্নীয়ে জনোৱা মতে এমাহৰ ভিতৰতে কেবাবাৰো তেজ দিয়াৰ ফলত শৰীৰত তেজৰ পৰিমাণ কমি গৈছিল ৷ তথাপি ব্লাড বেংকৰ কৰ্মচাৰীয়ে দালাল চিন্ময় দাসৰ জৰিয়তে যুৱকজনৰ পৰা প্ৰায়ে ৰক্ত সংগ্ৰহ কৰি থকাৰ ফলতে যুৱকজন অবশেষত মৃত্যুমুখত পৰে ৷

ইপিনে বৰপেটা চহৰৰ ঘোঁৰামাৰাহাটীৰ একাংশ কম বয়সীয়া যুৱকক টাৰ্গেট কৰি তেজৰ ব্যৱসায় চলাই আহিছিল চিন্ময় দাসে ৷

মুলত: তেজ ব্যৱসায়ী চক্ৰটোৰ দালাল চিন্ময় দাসে কোনো লোক বা গৰ্ভৱতী মহিলাক তেজৰ প্ৰয়োজন বুলি কৈ বৰপেটা মেডিকেল কলেজ হাস্পাতললৈ ফুচুলাই নিছিল কিছুমান কম বয়সীয়া যুৱকক ৷

সত্যজিৎ দাসৰ অকাল মৃত্যুৰ কৰুণ ঘটনাটোৰ পিছতে এটা এটা কৈ ওলাই আছে চিন্ময় দাস আৰু বৰপেটা মেডিকেল কলেজ হাস্পাতলৰ ব্লাড বেংকৰ কৰ্মচাৰীৰ বলি হোৱা যুৱকসকলৰ কাহিনী ৷

এই ঘটনাৰ পিচতে ক্ষুভিত ৰাইজে দালাল চিন্ময় দাসৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত গোচৰ ৰুজু কৰিছে ৷

বৰপেটা মেডিকেল কলেজ হাস্পাতলৰ ব্লাড বেংকৰ কৰ্মচাৰী তেজৰ ব্যৱসায়ত জৰিতৰ গুৰুতৰ অভিযোগ উঠাৰ পিছতেই তদন্তৰ নিৰ্দেশ দিছে বৰপেটা মেডিকেল কলেজ হাস্পাতল কৰ্তৃপক্ষই ৷

বৰপেটা মেডিকেল কলেজ হাস্পাতলৰ অধীক্ষক ডাঃ ববীজিৎ গোস্বামীয়ে জনোৱা মতে, এই অভিযোগ সন্দৰ্ভত ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু দোষী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা লোৱা হ’ব।

তেজৰ দালালীৰ লগত জড়িত চিন্ময় দাস নামৰ এজন যুৱকক ইতিমধ্যে বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অনুসন্ধান আৰম্ভ কৰিছে ৷

পুলেন্দ্র দাস

পুলেন্দ্র দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd