NORTHEAST NOW (Assamese)

ডিমৌত আবকাৰী বিভাগ আৰু আৰক্ষীৰ যৌথ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা

February 12, 2019 7:15 am · পাৰ্শ্বজ্যোতি গগৈ
আবকাৰী বিভাগৰ অভিযান। ফটো: নৰ্থ-ইষ্ট নাও

শিৱসাগৰ জিলা আবকাৰী বিভাগ আৰু ডিমৌ আৰক্ষীয়ে সোমবাৰে অতৰ্কিতে চলোৱা এক যৌথ অভিযানত ডিমৌ আৰু কেন্দুগুৰি অঞ্চলৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰা আৰু চুলাই মদ জব্দ কৰা হয়।

জিলা আবকাৰী পৰিদৰ্শক অৰুনজ্যোতি ভৰালীৰ নেতৃত্বত যোৱা অবকাৰী বিভাগৰ এটা দলে ডিমৌ আৰক্ষীৰ সহযোগত ডিমৌৰ ৰাইচাইৰ বিভিন্ন স্থানত প্ৰথমে  অভিযান চলাই বাঁহনিৰ মাজত লুকুৱাই থোৱা অৱস্থাত বহু কাৰ্ট’ন অবৈধ অৰুণাচলী সুৰা আৰু কেইবাশ লিটাৰ চুলাই মদ জব্দ কৰবলৈ সক্ষম হয়।

পৰবৰ্তী পৰ্য্যায়ত  অভিযানকাৰী দলটোৱে কেন্দুগুৰি অঞ্চলৰ বিভিন্ন স্থানত অভিযান চলাই হাবিৰ মাজত প্লাষ্টিকৰ ড্ৰামৰ লগতে বিভিন্ন পাত্ৰত লুকুৱাই থোৱা অৱস্থাত ২৭০০ লিটাৰ চুলাই মদ জব্দ কৰে।তদুপৰি দলটোৱে ডিমৌৰ বহুকেইখন ধাবা আৰু দোকানতো তালাচী চলাই অবৈধ অৰুণাচলী সুৰা জব্দ কৰে।

অভিযানকাৰী দলটোৰ নেতৃত্বত যোৱা এজন আৰক্ষী বিষয়াৰ ভাষ্য অনুসৰি জব্দ হোৱা অবৈধ সুৰা সমুহ কোনো ব্যক্তি বা দোকানৰ পৰিবৰ্তে  হাবি আৰু বাঁহনিৰ মাজত উদ্ধাৰ হোৱা বাবে কোনো ব্যক্তিক আটক কৰিব পৰা ন’গল।

স্থানীয় ৰাইজে অবৈধ সুৰাৰ বিৰুদ্ধে অঞ্চলটোত আবকাৰী বিভাগ আৰু আৰক্ষী প্ৰসাশনে গ্ৰহণ কৰা কঠোৰ স্থিতিক প্ৰসংশা কৰে।

Related News