• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, February 20, 2019
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জ্যেষ্ঠ নাগৰিকক অপমান অ’এনজিচিৰ : প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ

NE NOW NEWS পাৰ্শ্বজ্যোতি গগৈ
শিৱসাগৰ , February 12, 2019 6:58 am

3 min read

20190211_150836

শিৱসাগৰত সোমবাৰে জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

558
VIEWS
Share on FacebookShare on Twitter

অসমৰ জ্যেষ্ঠ নাগৰিকক চৰম অপমান কৰিলে অ’এনজিচিয়ে। জ্যেষ্ঠ নাগৰিকৰ অধিৱেশনৰ বাবে অ’এনজিচি কৰ্তৃপক্ষই মুকলি মঞ্চ ব্যৱহাৰৰ প্ৰতিশ্ৰুতি দি শেষ মুহূৰ্তত অনুমতি নাকচ কৰে। এই কথাত জাঙুৰ খাই উঠিছে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনীয়ে।

উল্লেখযোগ্য যে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱশনখন অহা ১৬ আৰু ১৭ ফেব্ৰুৱাৰিত শিৱসাগৰত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে শিৱসাগৰ শাখাই অধিৱেশনখন সফলভাৱে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে।

ৰাজ্যৰ কেইবা হাজাৰ প্ৰতিনিধি উপস্থিত থাকিবলগীয়া এই অধিৱেশন অনুষ্ঠিত কৰিবৰ বাবে শিৱসাগৰৰ অ’এনজিচি আৱাসিক এলেকাত থকা বৃহৎ মুকলি মঞ্চত অনুষ্ঠিত কৰিবলৈ সন্মিলনীয়ে জিলা উপায়ুক্তৰ যোগেদি অনুমতি বিচাৰি অ’এনজিচিৰ মানৱ সম্পদৰ সঞ্চালকলৈ আবেদন জনায়।

এই আবেদনৰ ভিত্তিত যেৱা ১৭ জানুৱাৰিত অ’এনজিচিৰ মানৱ সম্পদৰ মহাপ্ৰৱন্ধকৰ লগত উদযাপন সমিতিৰ বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত বিষয়া গৰাকীয়ে সভা পাতিবলৈ মুকলি মঞ্চটো দিয়াৰ লগতে আসন, মাইক, যানবাহনৰ ব্যৱস্থা কৰি দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

কিন্তু সেই একেগৰাকী বিষয়াই সেই দিনা নিশা ৭ বজাত উদযাপন সমিতিক তেওঁলোকৰ অনুমতি নাকচ কৰা বুলি ফোন যোগে জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ত জ্যেষ্ঠ নাগৰিকৰ সন্মিলনত অ’এনজিচিৰ বহু সংখ্যক কৰ্মচাৰী জড়িত থকাত অ’এনজিচিৰ অৱসৰপ্ৰাপ্ত কল্যাণ সমিতিয়ে শেষৰ দিনাৰ মুকলি সভাখন অনুষ্ঠিত কৰিব বাবে পুনৰ অনুমতি বিচাৰি আবেদন জনায়।

সেইমৰ্মে যোৱা ২১ জানুৱাৰিত সন্মিলনীৰ সভাপতিৰ নেতৃত্বত যোৱা এটি সজাতি দলে অ’এনজিচিৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰাত মুকলি সভাৰ বাবে মঞ্চখন ব্যৱহাৰৰ অনুমতি প্ৰদান কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত উদযাপন সমিতিয়ে নিমন্ত্ৰণী পত্ৰ আৰু গোহাৰি পত্ৰত মুকলি সভা অনুষ্ঠিত হ’বলগীয়া স্থান আদি ছপা কৰি সকলো শাখালৈ প্ৰেৰণ কৰে।

ইপিনে, অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাত অ’এনজিচিয়ে যোৱা ৪ ফেব্ৰুৱাৰিত মুকলি মঞ্চ ব্যৱহাৰৰ অনুমতি বাতিল কৰা হৈছে বুলি পুনৰ জনায়। যাৰ বাবে উদযাপন সমিতি যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। ফলত সমিতিয়ে জৰুৰীভাৱে কৰ্ণধাৰ সমিতিৰ সভা আহ্বান কৰি মিলন মন্দিৰত সভাখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।

অ’এনজিচিয়ে দুবাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰি শেষ মুহূৰ্তত নাকচ কৰাত সমগ্ৰ অসমৰ জ্যেষ্ঠ নাগৰিকক অপমানিত কৰছে বুলি মন্তব্য কৰে জিলাখনৰ জ্যেষ্ঠ নাগৰিকে। সোমবাৰে এখন সংবাদ মেলত এই কথা ব্যক্ত কৰে সন্মিলনীৰ সভাপতি দেবেন চন্দ্ৰ বৰুৱা আৰু সম্পাদক যোগেশ চন্দ্ৰ ৰাজখোৱাই। তেওঁলোকে লগতে জনায় যে জ্যেষ্ঠ নাগৰিকক কৰা এই অপমানৰ প্ৰতিবাদত জ্যেষ্ঠ নাগৰিক সন্মিলনীয়ে অ’এনজিচিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব।

উল্লেখ্য যে, অসমৰ প্ৰায় ২৫ লাখ জ্যেষ্ঠ নাগৰিকৰ কল্যাণাৰ্থে ২০০৩ চনত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনী প্ৰতিষ্ঠা কৰা হৈছিল। ৰাজ্যৰ ২৭০ টাৰো অধিক শাখাৰ প্ৰায় ৩০ হাজাৰ জ্যেষ্ঠ নাগৰিক এই সন্মিলনীৰ সদস্য। ১৬ আৰ ১৭ ফেব্ৰুৱাৰিত দুদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰৰ মিলন মন্দিৰত অষ্টম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব। দুয়োদিনৰ কাৰ্যসূচীত অসমৰ সকলো জ্যেষ্ঠ নাগৰিকক উপস্থিত থাকিবলৈ উদযাপন সমিতিয়ে অনুৰোধ জনায়।

Recent News

All India public sector football tournament to start in Guwahati

গুৱাহাটীত অল ইণ্ডিয়া পাব্লিক চেক্টৰ ফুটবল টুৰ্নামেন্ট ২০১৯

শিশুসকলৰ প্ৰতিভাৰ চানেকীৰে সামৰণি পৰিল বিশ্বনাথৰ শিশু সমাৰোহ

শিশুসকলৰ প্ৰতিভাৰ চানেকীৰে সামৰণি পৰিল বিশ্বনাথৰ শিশু সমাৰোহ

Hojai-Habaipur double railway line to be inaugurated tomorrow

বৃহস্পতিবাৰে মুকলি হ’ব হোজাই-হবাইপুৰৰ মাজত দ্বৈত ৰে’লপথ

অকলে গাত জোৰ নাই : মিত্ৰতা বিজেপিৰ লগত নে কংগ্ৰেছৰ লগত হ’ব সিদ্ধান্ত নহ’ল অগপৰ কাৰ্য্যনিৰ্বাহকৰ সভাত

অকলে গাত জোৰ নাই : মিত্ৰতা বিজেপিৰ লগত নে কংগ্ৰেছৰ লগত হ’ব সিদ্ধান্ত নহ’ল অগপৰ কাৰ্য্যনিৰ্বাহকৰ সভাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Available at

Follow Us

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd