• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জ্যেষ্ঠ নাগৰিকক অপমান অ’এনজিচিৰ : প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
February 12, 2019 6:58 am
20190211_150836

শিৱসাগৰত সোমবাৰে জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ সংবাদমেল। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ জ্যেষ্ঠ নাগৰিকক চৰম অপমান কৰিলে অ’এনজিচিয়ে। জ্যেষ্ঠ নাগৰিকৰ অধিৱেশনৰ বাবে অ’এনজিচি কৰ্তৃপক্ষই মুকলি মঞ্চ ব্যৱহাৰৰ প্ৰতিশ্ৰুতি দি শেষ মুহূৰ্তত অনুমতি নাকচ কৰে। এই কথাত জাঙুৰ খাই উঠিছে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনীয়ে।

উল্লেখযোগ্য যে অসম জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱশনখন অহা ১৬ আৰু ১৭ ফেব্ৰুৱাৰিত শিৱসাগৰত অনুষ্ঠিত হ’ব। ইয়াৰ বাবে শিৱসাগৰ শাখাই অধিৱেশনখন সফলভাৱে অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে।

Apply Now

ৰাজ্যৰ কেইবা হাজাৰ প্ৰতিনিধি উপস্থিত থাকিবলগীয়া এই অধিৱেশন অনুষ্ঠিত কৰিবৰ বাবে শিৱসাগৰৰ অ’এনজিচি আৱাসিক এলেকাত থকা বৃহৎ মুকলি মঞ্চত অনুষ্ঠিত কৰিবলৈ সন্মিলনীয়ে জিলা উপায়ুক্তৰ যোগেদি অনুমতি বিচাৰি অ’এনজিচিৰ মানৱ সম্পদৰ সঞ্চালকলৈ আবেদন জনায়।

এই আবেদনৰ ভিত্তিত যেৱা ১৭ জানুৱাৰিত অ’এনজিচিৰ মানৱ সম্পদৰ মহাপ্ৰৱন্ধকৰ লগত উদযাপন সমিতিৰ বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকত বিষয়া গৰাকীয়ে সভা পাতিবলৈ মুকলি মঞ্চটো দিয়াৰ লগতে আসন, মাইক, যানবাহনৰ ব্যৱস্থা কৰি দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

কিন্তু সেই একেগৰাকী বিষয়াই সেই দিনা নিশা ৭ বজাত উদযাপন সমিতিক তেওঁলোকৰ অনুমতি নাকচ কৰা বুলি ফোন যোগে জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ত জ্যেষ্ঠ নাগৰিকৰ সন্মিলনত অ’এনজিচিৰ বহু সংখ্যক কৰ্মচাৰী জড়িত থকাত অ’এনজিচিৰ অৱসৰপ্ৰাপ্ত কল্যাণ সমিতিয়ে শেষৰ দিনাৰ মুকলি সভাখন অনুষ্ঠিত কৰিব বাবে পুনৰ অনুমতি বিচাৰি আবেদন জনায়।

সেইমৰ্মে যোৱা ২১ জানুৱাৰিত সন্মিলনীৰ সভাপতিৰ নেতৃত্বত যোৱা এটি সজাতি দলে অ’এনজিচিৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰাত মুকলি সভাৰ বাবে মঞ্চখন ব্যৱহাৰৰ অনুমতি প্ৰদান কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত উদযাপন সমিতিয়ে নিমন্ত্ৰণী পত্ৰ আৰু গোহাৰি পত্ৰত মুকলি সভা অনুষ্ঠিত হ’বলগীয়া স্থান আদি ছপা কৰি সকলো শাখালৈ প্ৰেৰণ কৰে।

ইপিনে, অধিৱেশনলৈ মাজত মাত্ৰ কেইটামান দিন থকা অৱস্থাত অ’এনজিচিয়ে যোৱা ৪ ফেব্ৰুৱাৰিত মুকলি মঞ্চ ব্যৱহাৰৰ অনুমতি বাতিল কৰা হৈছে বুলি পুনৰ জনায়। যাৰ বাবে উদযাপন সমিতি যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। ফলত সমিতিয়ে জৰুৰীভাৱে কৰ্ণধাৰ সমিতিৰ সভা আহ্বান কৰি মিলন মন্দিৰত সভাখন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।

অ’এনজিচিয়ে দুবাৰকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰি শেষ মুহূৰ্তত নাকচ কৰাত সমগ্ৰ অসমৰ জ্যেষ্ঠ নাগৰিকক অপমানিত কৰছে বুলি মন্তব্য কৰে জিলাখনৰ জ্যেষ্ঠ নাগৰিকে। সোমবাৰে এখন সংবাদ মেলত এই কথা ব্যক্ত কৰে সন্মিলনীৰ সভাপতি দেবেন চন্দ্ৰ বৰুৱা আৰু সম্পাদক যোগেশ চন্দ্ৰ ৰাজখোৱাই। তেওঁলোকে লগতে জনায় যে জ্যেষ্ঠ নাগৰিকক কৰা এই অপমানৰ প্ৰতিবাদত জ্যেষ্ঠ নাগৰিক সন্মিলনীয়ে অ’এনজিচিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব।

উল্লেখ্য যে, অসমৰ প্ৰায় ২৫ লাখ জ্যেষ্ঠ নাগৰিকৰ কল্যাণাৰ্থে ২০০৩ চনত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনী প্ৰতিষ্ঠা কৰা হৈছিল। ৰাজ্যৰ ২৭০ টাৰো অধিক শাখাৰ প্ৰায় ৩০ হাজাৰ জ্যেষ্ঠ নাগৰিক এই সন্মিলনীৰ সদস্য। ১৬ আৰ ১৭ ফেব্ৰুৱাৰিত দুদিনীয়া কাৰ্যসূচীৰে  শিৱসাগৰৰ মিলন মন্দিৰত অষ্টম দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ’ব। দুয়োদিনৰ কাৰ্যসূচীত অসমৰ সকলো জ্যেষ্ঠ নাগৰিকক উপস্থিত থাকিবলৈ উদযাপন সমিতিয়ে অনুৰোধ জনায়।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd