মাৰ্ঘেৰিটা অঞ্চলৰ কেইগৰাকীমান সমাজ সচেতন ব্যক্তিৰ উদ্যোগত মাৰ্ঘেৰিটা মহকুমাৰ পাৱৈৰ পৰা বৰগোলাই অঞ্চল এলেকাৰ ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে পৰিত্যক্ত অৱস্থাত থকা শতাধিক দেৱ-দেৱীৰ মূৰ্তি সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে ট্ৰাকত সংগ্ৰহ কৰি মাৰ্ঘেৰিটা বুঢ়ীদিহিং নৈত বিসৰ্জন দিয়া হয়।
মলয় চক্ৰৱৰ্তী, উত্তম ভট্টাচাৰ্জী, বিৰেণ ৰায়, কানু দত্ত, হৰেন শইকীয়া, দিগন্ত গোহাঁই, দিলীপ দত্ত সহ কেইবাজনো স্বেচ্ছাসেৱী সমাজ সচেতন ব্যক্তিৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে মূৰ্তিসমূহ সংগ্ৰহ কৰি নৈত বিসৰ্জন দিয়ে।
ইয়াৰ উপৰি স্থানীয় ৰাইজৰ পৰা এই ক্ষেত্ৰত সহায়-সহযোগিতা কামনা কৰাৰ লগতে পথ সভা অনুষ্ঠিত কৰি বিশেষতঃ হিন্দু ধৰ্মাৱলম্বী ৰাইজক দেৱ-দেৱীৰ পূজাৰ অন্তত প্ৰতিমাসমূহ বিসৰ্জন দিয়াৰ বিপৰীতে পথৰ দাঁতিত, দলঙৰ কাষত আনকি জাবৰ-জোঁথৰ, মল-মূত্ৰৰে ভৰা ঠাইত পেলোৱা প্ৰথা বন্ধ কৰিবলৈ আহ্বান জনায়।
পূজাৰ পাছত বিধিসন্মত ভাৱে মূৰ্তিসমূহ বিসৰ্জন নিদি পথৰ কাষত পেলাই থোৱা কাৰ্যই আধ্যাত্মিক ভাৱা সম্পন্ন লোকৰ অনুভূতিক আঘাত নাসানিবলৈ তথা এনে দৃশ্যকুট কামেৰে পৰিবেশ কলুষিত নকৰিবলৈও সকলোৰে প্ৰতি অনুৰোধ জনাই স্বেচ্ছাসেৱী সমাজ সচেতন ব্যক্তিকেইজনে।





