• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইৰাণত আমেৰিকা-ইজৰাইলৰ আক্ৰমণৰ প্ৰভাৱঃ গুজৰাটৰ কাৰখানালৈ গেছৰ যোগান হ্ৰাস, আদানীৰ মূল্যবৃদ্ধি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2026 2:18 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইৰান, ইজৰাইল আৰু আমেৰিকাৰ মাজত চলি থকা সামৰিক সংঘাতৰ প্ৰভাৱ এতিয়া ভাৰতৰ শক্তি যোগান ব্যৱস্থাত স্পষ্ট হৈ পৰিছে। পশ্চিম এছিয়াত উত্তপ্ত পৰিস্থিতিৰ বাবে প্ৰাকৃতিক গেছ আৰু এলএনজিৰ যোগান ব্যাহত হোৱাত দেশৰ বিভিন্ন উদ্যোগ খণ্ডই এক প্ৰকাৰ সংকটৰ সন্মুখীন হৈছে। ইয়াৰ ফলত কেৱল গেছৰ দামেই বৃদ্ধি পোৱা নাই, বৰঞ্চ যোগানৰ অভাৱত বহু উদ্যোগত উৎপাদন প্ৰক্ৰিয়াও স্থবিৰ হৈ পৰিছে।

মূলতঃ হৰমুজ প্ৰণালীৰ মাজেৰে চলি অহা জাহাজ চলাচলত বাধা আহি পৰাৰ ফলতেই এই শক্তি সংকটৰ সৃষ্টি হৈছে। এই জলপথটো বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ শক্তি পৰিবহণ পথ, য’ৰ পৰা ভাৰতে বৃহৎ পৰিমাণৰ খাৰুৱা তেল আৰু গেছ আমদানি কৰে। এই পথত জাহাজ চলাচল মন্থৰ হৈ পৰাৰ বাবে এলএনজিৰ উপলব্ধতা কমি গৈছে, যাৰ পোনপটীয়া প্ৰভাৱ পৰিছে আদানি টোটেল গেছকে ধৰি কেইবাটাও গেছ যোগানকাৰী প্ৰতিষ্ঠানৰ ওপৰত। আদানি টোটেল গ্যাসে উদ্যোগিক গ্ৰাহকৰ বাবে গেছৰ দাম প্ৰায় তিনিগুণ বৃদ্ধি কৰিছে। এতিয়াৰ পৰা নিৰ্ধাৰিত পৰিমাণতকৈ অধিক গেছ ব্যৱহাৰ কৰিলে প্ৰতি ষ্টেণ্ডাৰ্ড কিউবিক মিটাৰত ১১৯ টকাকৈ দিব লাগিব, যিটো পূৰ্বে প্ৰায় ৪০ টকা আছিল।

Apply Now

এই সংকটে আটাইতকৈ বেছি প্ৰভাৱিত কৰিছে গুজৰাটৰ উদ্যোগসমূহক। গুজৰাট গেছ লিমিটেডে ইতিমধ্যে উদ্যোগসমূহক গেছৰ যোগানত কৰ্তন কৰাৰ কথা জনাইছে। ইয়াৰ ফলত ভটৱা, সানন্দ আৰু সুৰতৰ উদ্যোগিক অঞ্চলত উৎপাদন প্ৰভাৱিত হৈছে। বহু ৰাসায়নিক আৰু বস্ত্ৰ উদ্যোগ এতিয়া তেওঁলোকৰ উৎপাদন ক্ষমতাৰ মাত্ৰ ৪০ৰ পৰা ৫০ শতাংশহে চলাই নিব পাৰিছে। সানন্দত অৱস্থিত টাটা মটৰ্ছৰ দৰে প্ৰতিষ্ঠানৰ উৎপাদনতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে বুলি আশংকা কৰা হৈছে।

বিশ্বৰ অন্যতম বৃহৎ চিৰামিক উৎপাদন কেন্দ্ৰ মৰবিত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। প্ৰপেন গেছৰ অভাৱত মৰবিৰ প্ৰায় এশটা চিৰামিক ইউনিট ইতিমধ্যে বন্ধ হৈ পৰিছে। যদি অতি সোনকালে যোগান ব্যৱস্থা স্বাভাৱিক নহয়, তেন্তে অহা কেইদিনমানৰ ভিতৰত আৰু চাৰিশৰো অধিক ইউনিট বন্ধ হৈ পৰাৰ সম্ভাৱনা আছে। উদ্যোগপতিসকলে এই পৰিস্থিতিক এক অস্তিত্বৰ সংকট বুলি অভিহিত কৰিছে, যাৰ ফলত লাখ লাখ শ্ৰমিকৰ জীৱিকা বিপন্ন হ’ব পাৰে। সমগ্ৰ পৰিস্থিতিৰ ওপৰত চৰকাৰ আৰু প্ৰতিষ্ঠানসমূহে তীক্ষ্ণ নজৰ ৰাখিছে যদিও পশ্চিম এছিয়াৰ অস্থিতিশীল পৰিস্থিতিয়ে ভাৰতৰ ঔদ্যোগিক ভেটিক কঁপাই তুলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

মাত্ৰ ৫ মিনিটৰ এক বিশেষ প্ৰাণায়ামে দূৰ কৰিব আপোনাৰ চকু আৰু মগজুৰ ক্লান্তি

June 28, 2026 6:45 am
বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd