• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশ্বক ইমৰান খানৰ কাতৰ অনুৰোধ, ‍‘আমাক ভোকত মৰাৰ পৰা বচাওক’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 13, 2020 3:15 pm

2 min read

imran-khan

ইমৰান খান, উৎস-ইণ্টাৰনেট

67.2k
VIEWS
Share on FacebookShare on Twitter

চীনৰ য়ুহান চহৰৰ পৰা আৰম্ভ হোৱা ক’ৰ’না ভাইৰাছে বিশ্বৰ প্ৰায়বোৰ দেশতে ধাৰণ কৰিছে সংহাৰী ৰূপ। ভাইৰাছবিধৰ ফলত এই পৰ্যন্ত বিশ্বত এক লাখৰো অধিক লোকৰ মৃত্যু হৈছে।

ক’ৰ’না মুক্ত কৰাৰ বাবে বিশ্ব প্ৰায়বোৰ দেশে যুঁজি থকাৰ সময়তে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত দেখা দিছে এক নতুন সংকট। বৰ্তমান ক’ৰ’নাৰ বাবে দেশখনৰ সকলো কাম কাজ বন্ধ।

যাৰ পৰিণতিত তীব্ৰ খাদ্য সমস্যাই দেখা দিছে দেশখনত। এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ দেশখনৰ প্ৰধান মন্ত্ৰী ইমাৰান খানে এক বাৰ্তাৰ জৰিয়তে বিশ্ববাসীক এই সমস্যাৰ পৰা বচাবলৈ আহ্বান জনাইছে।

প্ৰধান মন্ত্ৰীগৰাকীৰ এই আহ্বান একাংশ বিশ্লেষকে ক’ৰ’নাৰ অজুহাতত দেশখনে ঋণৰ পৰা হাত সৰাৰ উপায় বুলিও অভিহিত কৰিছে।

ইমৰান খানে এটা ভিডিঅ‍‘ বাৰ্তাৰ জৰিয়তে বিশ্বৰ বিত্তীয় প্ৰতিষ্ঠান সমূহক আহ্বান জনায় কয়, ‍‘এই সংকটৰ সময়ত পাকিস্তানৰ দৰে ঋণত ডুবি থকা দেশসমূহৰ বাবে এটা অভিযান চলাব লাগে। এই অভিযানৰ জৰিয়তে বিকিশত দেশসমূহৰ ঋণ মাফ কৰিব লাগে’।

প্ৰধান মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‍‘ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ পাকিস্তানৰ অৰ্থব্যৱস্থা সক্ষম নহয়। বিশ্বৰ বৃহৎ প্ৰতিষ্ঠান সমূহে এই দেশসমূহক সহায়ৰ বাবে আগবাঢ়ি আহিব লাগে আৰু ঋণ মাফৰ অভিযান আৰম্ভ কৰিব লাগে’।

খানে লগতে কয় যে পাকিস্তানৰ দৰে বিকশিত দেশে ক’ৰ’না প্ৰতিৰোধৰ বাবে লকডাউন দিছে আৰু এই লকডাউনৰ বাবে দেশত এতিয়া খাদ্য সংকটে দেখা দিছে।

উল্লেখ্য যে কিছু দিন পূৰ্বে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বনোৱা ছাৰ্ক কোভিদ-১৯ ফাণ্ডৰ জৰিয়তে ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ইমৰান খানে সাহায্য বিচাৰিছিল।

Recent News

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd