হিংসাজৰ্জৰ পাকিস্তানতকৈও কম সুৰক্ষিত ভাৰত! আটাইতকৈ বেয়া পৰিস্থিতি আফগানিস্তানৰ

প্রতিনিধিত্বমূলক ফটো।

World’s most secure countries এইবাৰ ভাৰতক পিছ পেলাই এখোজ আগবাঢ়ি গৈছে পাকিস্তান। অৰ্থনীতিৰ নিম্নমুখী গতিৰ লগতে মুদ্ৰাস্ফীতিৰ ফলত এই দেশখন ক্ষতিগ্ৰস্ত হৈছে। তথাপিও দেশবাসীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো আপোচ কৰা হোৱা নাই। গৱেষণাই সেয়াই স্পষ্ট কৰিছে।

এক আন্তৰ্জাতিক গৱেষণা আৰু জনমত জৰীপ সংগঠন গেলপ ইণ্টাৰনেচনেলে ২৭ অক্টোবৰত আইন-শৃংখলা পৰিস্থিতিৰ ওপৰত ২০২২চনৰ সূচক প্ৰকাশ কৰিছে।

জৰীপ অনুসৰি, নিৰাপত্তাৰ ক্ষেত্ৰত পাকিস্তান ভাৰততকৈ যথেষ্ট আগবাঢ়ি আছে। এই জৰীপটো ১২০ খন দেশত কৰা হৈছিল। জৰীপটো বিভিন্ন অঞ্চলৰ জনমতৰ ওপৰত আধাৰিত আছিল। এই আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৱে প্ৰায় ১ লাখ ২৭ হাজাৰ লোকৰ সাক্ষাৎকাৰ লৈছিল।

লগতে পঢ়ক: এঞ্জেলিনাৰ ‘বিকৃত’ ছবি প’ষ্ট কৰি শাস্তি; কাৰাগাৰৰ পৰা ওলাই যুৱতীৰ উপলব্ধি-‘ভাল নহয় সস্তীয়া খ্যাতি’

প্ৰধানকৈ চাৰিটা বিষয় সন্মুখত ৰাখি আইন-শৃংখলা পৰিস্থিতিৰ এই মাপ নিৰ্ধাৰণ কৰা হৈছে। ইয়াত অন্তৰ্ভুক্ত আছে আৱাসীসকলে তেওঁলোকৰ এলেকাত নিশা অকলে খোজ কাঢ়িবলৈ সুৰক্ষিত অনুভৱ কৰে নে নাই, তেওঁলোকৰ স্থানীয় আৰক্ষীৰ ওপৰত আস্থা আছে নে নাই, তেওঁলোকৰ চুৰি হৈছে, আক্ৰমণ বা লুণ্ঠন কৰা হৈছে নেকি।

ইয়াৰ ফলস্বৰূপে প্ৰকাশিত প্ৰতিবেদনত সৰ্বাধিক নম্বৰ লাভ কৰি ছিংগাপুৰে শীৰ্ষস্থান লাভ কৰিছে। আনহাতে, যুদ্ধবিধ্বস্ত আফগানিস্তান ৫১ পইণ্টৰ সৈতে সূচকৰ একেবাৰে তলত আছে।

তাজিকিস্তান ৯৫ পইণ্টৰ সৈতে তালিকাৰ দ্বিতীয় স্থানত আছে। নৰৱে ৯৩ পইণ্টৰ সৈতে তৃতীয় স্থানত আছে। আনহাতে চুইজাৰলেণ্ড আৰু ইণ্ডোনেছিয়া এক পইন্ট কম ৯২ পইন্টৰ সৈতে চতুৰ্থ স্থানত আছে। চিয়েৰা লিয়নৰ ৫৯ পইণ্ট, ডি আৰ কঙ্গোৰ ৫৮, ভেনিজুৱেলাত ৫৫ আৰু গেবনৰ ৫৪ পইণ্ট আছে। বাংলাদেশৰ নম্বৰ আগৰ বছৰৰ ৭৭ ৰ পৰা ৭৯ পইণ্টলৈ বৃদ্ধি পাইছে। ভাৰত ৮০ পইণ্টৰ সৈতে ৬০ তম স্থানত আছে। কিন্তু পাকিস্তানে ৮২ পইন্টেৰে ভাৰততকৈ আগবাঢ়িছে।

লগতে পঢ়ক: যুৱতীক ঘৰলৈ আনি যৌন ব্যৱসায়! প্ৰাক্তন মুখ্য সচিবৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, নিলম্বিত আমোলা

ইয়াৰ পৰা এই দেশৰ উন্নয়নৰ গ্ৰাফ সকলোৰে বাবে স্পষ্টভাৱে দৃশ্যমান হৈ পৰিছে। কিন্তু বাৰে বাৰে দেশবাসীৰ সুৰক্ষাৰ এই নিম্নমুখী গতিয়ে দেশবাসীৰ সন্মুখত প্ৰশ্নৰ  অৱতাৰণা কৰিছে। এই সকলোবোৰৰ পিছত চৰকাৰৰ চেতনা ঘুৰি আহিবনে?