• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰত আকৌ চিট ফাণ্ড সদৃশ ব্যৱসায়ৰ জাল; Krushi Dhara নামৰ কোম্পানিয়ে গাইপতি ৩ হাজাৰকৈ সংগ্ৰহ কৰিছে লাখ লাখ টকা

এন ই নাও নিউজ by এন ই নাও নিউজ
August 25, 2018 5:07 pm
ChitFund
294
VIEWS
Share on FacebookShare on Twitter

সাৰদা, ৰ’জ ভেলি আদি চিট ফাণ্ডে অসমৰ ৰাইজৰ পৰা কোটি কোটি টকা লৈ উধাও হোৱাৰ পিছত বঞ্চিত, প্ৰতাৰিত ৰাইজৰ হা-হুমনিয়াহ কিছু শাম কটাৰ সময়তে শিৱসাগৰত আকৌ এনেকুৱা প্ৰতাৰকৰ দলে জাল পেলোৱা দেখা গৈছে।

শিৱসাগৰ জিলাখনৰ ভিতৰুৱা অঞ্চলতো সোমাবলৈ সক্ষম হোৱা এই দুষ্টচক্ৰই মহাৰাষ্ট্ৰৰ নাছিকত থকা ক্ৰুশি ধাৰা নামৰ এটা ব্যক্তিগত কোম্পানিৰ নাম লৈ হাজাৰ হাজাৰ লোকক নিজৰ চেইন ছিষ্টেম বিজনেছ বা চেইন মাৰ্কেটিঙৰ ব্যৱসায়ত অন্তৰ্ভুক্ত কৰাইছে।

এই দুষ্টচক্ৰটোৱে ব্যৱসায়ৰ শৃংখলত এজন লোকক যোগদান কৰাৰ বাবে বিভিন্ন প্ৰলোভনমূলক লাভ দেখুৱায়। আনহাতে যোগদান কৰাৰ মাচুল লয় ৩ হাজাৰকৈ টকা। অৱশ্যে সেই মূল্যৰ বুলি দাবী কৰা কাপোৰ আদি প্ৰডাক্ট যোগান ধৰে কোম্পানিটোৱে।

তাৰ পিছত আকৌ উক্ত সদস্যজনে আন দুজন লোকক যোগদান কৰালে কমিশ্যন প্ৰথমৰজনে কমিশ্যন লাভ কৰে। এইদৰে এজন লোকে কেইদিনমান সক্ৰিয়তাৰে কাম কৰি যথেষ্ট সংখ্যক লোকক জইন কৰাব পাৰিলে লাভ কৰে একোখন গাড়ী।

এই গাড়ীৰ প্ৰলোভনৰ বলত এতিয়া ব্যৱসায়টোৱে দ্ৰুত গতিত প্ৰসাৰ লাভ কৰিবলৈ ধৰিছে। যোগাদান কৰাসকলৰ বিনিময়ত দুষ্টচক্ৰই সংগ্ৰহ কৰিছে লাখ লাখ টকা।

এই ক্ৰুশি ধাৰা নামৰ কোম্পানিটোৰ ৱেবছাইটত (http://www.growindiago.in/) কোম্পানিটোৰ বিষয়ে পোৱা যায় যে এজন লোকৰ স্বত্বত থকা এই ব্যৱসায়টোৰ মূলধন মাত্ৰ ১ লাখ টকা।

ৰাজ্যখনৰ সৰ্বসাধাৰণে কেইবাবাৰো নিজৰ কষ্টোপাৰ্জিত ধন চেইন ছিষ্টেম বিজনেছ বা চিট ফাণ্ডত খটুৱাই সৰ্বস্বান্ত হোৱাৰ পিছত পুনৰ এনেকুৱা কোম্পানিয়ে নীৰৱে জাল পেলাই পুনৰ যে বহুতকে সৰ্বস্বান্ত নকৰিব তাৰ কি নিশ্চয়তা আছে?

চৰকাৰ আৰু স্থানীয় প্ৰশাসন এই বিষয়ত অৱগত হয় নে নহয় জনা নাযায়, যদিও সৰ্বসাধাৰণে অতীতৰ পৰা শিক্ষা লোৱাটোৱেই হ’ব সৰ্বোত্তম পথ।

 

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd