• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূমি অধিকাৰৰ দাবীত আৰু পুঁজিপতিৰ স্বাৰ্থত উচ্ছেদৰ বিৰোধিতাৰে ১২ অক্টোবৰত ‘অধিকাৰ সমাৱেশ’ ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2025 8:15 pm
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মূখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসম আদানি – আম্বানিৰ দৰে বৃহৎ বণিয়াৰ সম্পূর্ণ ক’লনীত পৰিণত হবলৈ গৈ আছে আৰু এই ষড়যন্ত্রৰ সম্পূর্ণ পৰিকল্পনা ইতিমধ্যে সাজু কৰা হৈছে । জাতি – মাটি – ভেটিৰ শ্লোগানেৰে শাসনলৈ অহা বিজেপিয়ে এতিয়া পাহাৰ – ভৈয়ামৰ সম্পূর্ণ মাটি – ভেটি বৃহৎ বণিয়াৰ হাতত বন্ধকত ৰাখিছে। অসমৰ অমূল্য সম্পদবোৰৰ অধিকাৰৰ পৰা অসম আৰু অসমবাসীক বঞ্চিত কৰাৰ পিছত আমাৰ অস্তিত্বৰ একমাত্র সম্বলৰূপে  থকা মাটিকণৰ ওপৰতো হিমন্ত বিশ্ব শৰ্মাৰ শেনচকু পৰিছে – এই  অভিযোগ ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিৰ।

আজি এক সংবাদমেল সম্বোধন কৰি যৌথ সংগ্রাম সমিতিৰ হৈ শান্তনু বৰঠাকুৰ, সুব্রত তালুকদাৰ, কৃষ্ণ গগৈ আৰু অচিত চক্রৱৰ্তীয়ে কয় যে, অসমৰ মাটি বৃহৎ বণিয়াৰ হাতত গতাই দিয়াৰ সকলো ষড়যন্ত্র তৎপৰ হৈ উঠিছে। ইয়াৰ ফলশ্রুতিতেই অসমত চলিছে অবাধ উচ্ছেদ আৰু ভূমি অধিগ্রহণ  । নিষ্ঠুৰ ‘বুলডোজাৰৰ ৰাজনীতি’ত চাৰিওফালে এতিয়া অবৰ্ণনীয় পৰিৱেশ। উচ্ছেদৰ লগত বিয়পাই দিয়া হৈছে বিষাক্ত সাম্প্রদায়িক বিষবাষ্প । হাজাৰ হাজাৰ মানুহক একে নিশাই গৃহহীন কৰা হৈছে আৰু হাজাৰ হাজাৰ মানুহক গৃহহীন কৰাৰ আখৰা চলি আছে। বৃহৎ বণিয়াৰ স্বাৰ্থত ৰাভা হাছঙৰ বৰদুৱাৰৰ ৫০০০ বিঘা মাটি, কাৰ্বি আংলংত সৌৰশক্তি প্রকল্প আৰু কমপ্ৰেজড বায়’গেছ প্রকল্পৰ নামত ক্ৰমে ১৮০০০ বিঘা আৰু ১২০০০ বিঘা মাটি, ডিমা হাচাওৰ চিমেন্ট ফেক্টৰীৰ নামত ৯০০০ বিঘা, পৰ্বতজোৰাৰ ৩৬০০ বিঘা মাটিৰ পৰা হাজাৰ হাজাৰ পৰিয়ালক বিতাড়িত কৰাৰ পৰিকল্পনা সম্পূর্ণ হৈছে।

Apply Now

আনহাতে  শিলসাঁকোৰ পৰা ১২০০ পৰিয়াল, মিকিৰ বামুণীৰ পৰা ১০০ পৰিয়াল, চাপৰৰ পৰা ১২০০ পৰিয়াল, কাজিৰঙাৰ পৰা ৪৫ টি পৰিয়াল, গৰুখুটিৰ পৰা ২০৪৭ টা পৰিয়াল,  হাচিলা বিলৰ পৰা ৬৬৮ টা পৰিয়াল, পাইকানৰ পৰা ১০০০ পৰিয়ালক ইতিমধ্যে উচ্ছেদ কৰা হৈছে। এয়া কেইটামান মাত্ৰ উদাহৰণহে।  অন্যহাতে পাম খেতি আৰু বৃহৎ বণিয়াক মাটিৰ তলৰ খনিজ পদার্থ গতাই দিয়াৰ নামত ভৱিষ্যতে কিমান খাটিখোৱা মানুহ নিজৰ ভেটি – মাটিৰ পৰা বিতাড়িত হব তাৰ কোনো হিচাপেই নাই। একে সময়তে চাহ বাগানসমূহৰ ৫% মাটিত অন্য ব্যবসায় কৰিবলৈ চৰকাৰে প্ৰদান কৰা সিদ্ধান্তই বহু চাহ শ্রমিকৰ জীৱনলৈ যে অনিশ্চয়তা নমাই আনিব সেয়াও নিশ্চিত। 

উচ্ছেদৰ পক্ষত চৰকাৰী বক্তব্য হ’ল যে বনাঞ্চল ৰক্ষা কৰিব লাগে, অথচ সেই চৰকাৰেই চাৰিওফালৰ পৰা বনাঞ্চল, পাহাৰ, জলাশয় শেষ কৰি পেলাইছে। এক হিচাপমতে হিমন্ত বিশ্ব শৰ্মা শাসনত অহাৰ পিছত ২০২১ চনৰ পৰা ২০২৩ চনলৈ কেৱল মাত্ৰ ২ বছৰত ৭৯ বৰ্গ কি. মি. বনাঞ্চল হ্রাস হৈছে। সন্দেহ নাই যে তথাকথিত বিকাশৰ ফলতেই এই ধ্বংসলীলা সংঘটিত হৈছে।  সেয়েহে, এইটো  নিশ্চিত যে চৰকাৰৰ ‘বুলডোজাৰ ৰাজনীতি’ আৰু কৰ্প’ৰেটৰ স্বাৰ্থত অবাধ ভূমি অধিগ্রহণৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্রামৰ বিকল্প নাই। এনে পৰিপ্ৰেক্ষিতত শাসক পক্ষই বৃহৎ বণিয়াক মাটি গতাই দিয়াৰ চৰকাৰী নীতিৰ বিৰুদ্ধে এক আদৰ্শগত আৰু নিৰ্ণায়ক সংগ্রামেই অসমৰ মানুহৰ এতিয়া শেষ ভৰষা।

ভূমিহীন ভাৰতীয় নাগৰিকক ভূমিৰ পট্টা দিয়া তথা এখন প্রগতিশীল ভূমি আইনৰ স্বাৰ্থত আৰু বিজেপি চৰকাৰে অসমৰ খাটিখোৱা মানুহক কৰা বৃহৎ প্ৰতাৰণাৰ বিৰুদ্ধে  এক ঐক্যবদ্ধ সংগ্রামৰ অংশৰূপে অহা ১২ অক্টোবৰত ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিৰ উদ্যোগত গুৱাহাটীৰ চচলত ‘অধিকাৰ সমাৱেশ’ শীৰ্ষক এখন  গণ সমাবেশৰ আয়োজন কৰা হৈছে।  এই সমাবেশত কাৰ্বি আংলং, ডিমা হাচাও, ৰাভা হাছং, কাজিৰঙা, মিকিৰ বামুণী, বৰাক, বি.টি.আৰ, বটদ্ৰৱা,চন্দ্ৰপুৰ, দৰাবিল আদি অঞ্চলৰ ভূক্তভোগী ৰাইজে অংশগ্রহণ কৰিব। গতিকে এই সমাৱেশত সৰ্বস্তৰৰ ৰাইজ উপস্থিত থাকি এই সমাৱেশ সফল কৰিবলৈ আহ্বান জনাইছে ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

 নতুন মামী অধ্যায়! স্বামী মুখ্যমন্ত্ৰী হোৱাৰ সুবাদতে পত্নী ৰিণিকি ভূঞাৰ প্ৰাইড ই’ষ্টলৈ বিজ্ঞাপনৰ বৰষুণ

August 22, 2026 1:26 pm
‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

‘আজিকালি সকলোৰে মধুমেহ, কেইজনে চেনি খায়?’ চেনিৰ দাম বৃদ্ধিক লৈ বিহাৰৰ মন্ত্ৰীৰ অদ্ভুত মন্তব্য

August 22, 2026 12:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm
দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

দুদিনতে খৰ্ব হ’ল ‘টাইগাৰ’ বাহিনীৰ গৰ্ব! ষ্টাৰ্কৰ বিধ্বংসী বলিঙত ৬৪ ৰাণতে অল আউট বাংলাদেশ

August 22, 2026 1:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd