• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, March 3, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 25, 2021 6:59 pm

2 min read

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

ফটো : নৰ্থ-ইষ্ট নাও

159
VIEWS
Share on FacebookShare on Twitter

স্বচ্ছতা, জৈৱিক কৃষি,বয়ন শিল্পৰ লগতে বাঁহ, কাঠ আৰু বেতেৰে সামগ্রী নিৰ্মাণ কৰাৰ উপৰি প্ৰকৃত গুণগত শিক্ষাৰ দ্বাৰা ব্যৱহাৰিক দিশত এখোজ আগুৱাই মাজুলীৰ চেলেক, চেলেক চেঁচাচুক আৰু পুৰণা চাপৰি সামৰি তিনিখন গাঁৱৰ জীৱন প্ৰণালী উন্নত মানৰ কৰি আত্মনিৰ্ভৰশীলতাৰে গঢ়ি তুলি নিশ্চিতভাৱে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব।

এই বক্তব্য বিশ্ব সংসদ সন্থাৰ আন্তৰ্জাতিক সদস্য, অৰ্ধশতাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ।

২৪জানুৱাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাডাৰ্ছ (Brothers) ৰ উদ্যোগত তথা ব্ৰডাৰ্ছৰ সচিব প্ৰধান ড০ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত মাজুলীৰ চেলেক, চেলেক চেঁচাচুক, আৰু পুৰণা চাপৰিকলৈ তিনিখন গাঁৱৰ চাৰি শতাধিক ঘৰ সামৰি স্বচ্ছ, জৈৱিক আৰু আত্মনিৰ্ভৰ গ্ৰাম্য নিৰ্মাণৰ জৰিয়তে উন্নত জীৱন প্ৰণালীৰে দেশৰ ভিতৰতে পৰিষ্কাৰ আৰু সবল গাঁও হিচাপে নিৰ্মাণৰ হেতু শুভাৰম্ভ কৰা হয়।

চেলেক গাঁৱত ফিটা কাটি হাতত ঝাড়ুলৈ শুভাৰম্ভ কৰে মাজুলীৰ বিবেকানন্দ বিদ্যালয়ৰ অধ্যক্ষ নীলকান্ত পেগুৱে।

নীলকান্ত পেগু, স্থানীয় সমাজকৰ্মী ললিত কুলী আৰু গ্ৰাম্য নিৰ্মাণ অভিযানৰ মুখ্য আহ্বায়ক ড০ দিব্যজ্যোতি শইকীয়াৰ লগতে শতাধিক পুৰুষ মহিলাই হাতত বাঁহৰ ঝাড়ুলৈ গাঁৱৰ পথৰ উপৰি খেল পথাৰ আৰু ৰাজহুৱা স্থান পৰিষ্কাৰ কৰে।

পৰিষ্কাৰ পৰ্ব্বৰ পিছতেই, মীগাং দলে আৰু দেৱকান্ত পাতিৰৰ নেতৃত্বত ব্ৰডাৰ্ছৰ সদস্য সকলে দুই শতাধিক বৃক্ষ ৰোপণ কৰে।

বৃক্ষ ৰোপণৰ পিছতেই সমাজকৰ্মী ললিত কুলিৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত গ্ৰাম্য নিৰ্মাণ অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়াই গ্ৰাম্য নিৰ্মাণ অভিযানৰ মুখ্য আহ্বায়ক, বিশ্ব মানৱধিকাৰ সুৰক্ষা পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় সদস্য ড০ দিব্যজ্যোতি শইকীয়াই।

তেওঁ ভাষণ প্ৰসংগত কয়, ‘এই অভিযান এক দীর্ঘম্যাদী অভিযান। এই দীৰ্ঘম্যাদী অভিযান কেৱল এই অঞ্চল বা মাজুলীতেই যে এক নতুন দিগন্তৰ সূচনা কৰিব এনে নহয়। এই অভিযানৰ ফলত দেশ তথা বিদেশতো এই অঞ্চলৰ ধণাত্মক দিশ সমূহে প্ৰভাৱ বিস্তাৰ কৰিব’।

সভাত শিক্ষাবিদ নীলকান্ত পেগু, এম এ চি ৰ প্ৰাক্তন সদস্য ৰঞ্জনা দলে, ব্ৰডাৰ্ছৰ মীগাং দলে আদি লোকসকলে ড০ দিব্যজ্যোতি শইকীয়াৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে।

সভাৰ শেষত এখনি  ১২জনীয়া সমিতি গঠন কৰা হয়।

উক্ত অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল কলপাত আৰু কল পটোৱাত খাদ্য খোৱা, বাঁহৰ গিলাচত পানী আৰু চাহ খোৱা, বাঁহৰ ডাষ্ট বিনত যাবৰ পেলোৱা আদি।

Recent News

a pos

কোভিড পজিটিভ ভোটাৰৰ ক্ষেত্ৰত কেনে বিধি ব্যৱস্থা?

Akhil Sithi

কংগ্ৰেছ মহাজোঁটত AIUDF নাথাকিলে ৰাইজৰ দলৰ সমৰ্থন পাব মহাজোঁটে

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

অসম বিধানসভা নিৰ্বাচন : প্ৰিয়ংকা গান্ধীয়ে প্ৰদান কৰিলে পাঁচটা প্ৰতিশ্ৰুতি

ballot_paper

পোষ্টেল বেলট সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা, কি কি ঘোষণা কৰিলে তেওঁ?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd