• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজনীতিৰ ময়দানত নীতিশ পুত্ৰৰ অভিষেক, কি গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব নিশান্তই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 8, 2026 5:45 pm
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক নতুন মোৰ আহি পৰিছে। দীৰ্ঘদিন ধৰি চলি থকা জল্পনা-কল্পনাৰ অৱসান ঘটাই অৱশেষত সক্ৰিয় ৰাজনীতিত ভৰি দিছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্ৰ নিশান্তই। দেওবাৰে তেওঁ আনুষ্ঠানিকভাৱে পিতৃৰ দল জনতা দল ইউনাইটেড বা জেডিইউত যোগদান কৰে। দলত যোগদান কৰি নিশান্তই সকলোকে লগত লৈ আগবাঢ়ি যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। তেওঁ স্পষ্ট কৰি দিছে যে এজন সক্ৰিয় কৰ্মী হিচাপে তেওঁ দলৰ সাংগঠনিক কাম-কাজ চোৱা-চিতা কৰিব বিচাৰে। অৱশ্যে দলত তেওঁৰ স্থান কি হ’ব আৰু তেওঁ কোনো মন্ত্ৰী পদ লাভ কৰিব নে নাই, সেই লৈ এতিয়াও ৰাজনৈতিক মহলত চৰ্চা অব্যাহত আছে।

নিশান্তৰ ৰাজনীতিত প্ৰৱেশৰ ইংগিত যোৱা সপ্তাহতে পোৱা গৈছিল। জেডিইউৰ জ্যেষ্ঠ নেতা তথা বিহাৰৰ মন্ত্ৰী সৰ্বান কুমাৰে পূৰ্বতেই কৈছিল যে নিশান্তই সোনকালেই দলত যোগ দিব আৰু তেওঁক কোনো ডাঙৰ দায়িত্ব অৰ্পণ কৰা হ’ব পাৰে। এই খবৰৰ মাজতে নীতিশ কুমাৰে ৰাজ্যসভালৈ যোৱাৰ সিদ্ধান্তই বিহাৰৰ ৰাজনীতিত জোকাৰণিৰ সৃষ্টি কৰিছে। যোৱা বুধবাৰৰ পৰাই এই বিষয়টো চৰ্চাত আছিল আৰু বৃহস্পতিবাৰে যেতিয়া নীতিশে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত মনোনয়ন পত্ৰ দাখিল কৰে, তেতিয়া সকলো কথা স্পষ্ট হৈ পৰে। এতিয়া বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ’ব তাক লৈও চৰ্চা চলিছে। যিহেতু বিজেপিৰ বিধায়কৰ সংখ্যা অধিক, সেয়েহে এইবাৰ বিজেপিয়ে মুখ্যমন্ত্ৰী পদটো লাভ কৰাৰ সম্ভাৱনা আছে। বৰ্তমানৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ নাম এই দৌৰত আগস্থানত আছে।

Apply Now

নীতিশ কুমাৰে দুটা দশকতকৈও অধিক সময় ধৰি বিহাৰ চৰকাৰৰ নেতৃত্ব দি আহিছে। তেওঁৰ ৰাজ্যসভালৈ যোৱাৰ সিদ্ধান্তক লৈ জেডিইউৰ একাংশ কৰ্মীৰ মাজত অসন্তুষ্টি দেখা গৈছে আৰু ৰাজপথত প্ৰতিবাদো সাব্যস্ত হৈছে। ইয়াৰ প্ৰত্যুত্তৰত নীতিশে কৈছে যে সংসদীয় ৰাজনীতিৰ অভিজ্ঞতাত তেওঁৰ সংসদৰ দুয়োটা সদনৰ সদস্য হোৱাৰ পুৰণি হেঁপাহ আছিল আৰু সেইবাবেই তেওঁ এই সিদ্ধান্ত লৈছে। আনহাতে নিশান্তই পিতৃৰ এই সিদ্ধান্তক সন্মান জনাই কৈছে যে পিতৃৰ নিৰ্দেশ মৰ্মে তেওঁ কাম কৰি যাব আৰু সংগঠনটোক অধিক শক্তিশালী কৰি তোলাত গুৰুত্ব দিব।

নিশান্তই উচ্চ শিক্ষিত হোৱাৰ পাছতো ইমান দিনে ৰাজনীতিৰ পৰা আঁতৰত আছিল। পাটনাত স্কুলীয়া শিক্ষা শেষ কৰি ৰাঁচীৰ বিৰলা ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী লাভ কৰা নিশান্তই বহুজাতিক কোম্পানীত কাম কৰাৰ অভিজ্ঞতাও আছে। বহুবাৰ তেওঁৰ ৰাজনীতিত যোগদানক লৈ কথা ওলাইছিল যদিও তেওঁ বিশেষ আগ্ৰহ দেখুওৱা নাছিল। কিন্তু বৰ্তমানৰ পৰিস্থিতিত তেওঁৰ সক্ৰিয় অংশগ্ৰহণে ৰাজ্যখনত জেডিইউৰ স্থিতি নতুনকৈ নিৰূপণ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। যদিহে সম্ৰাট চৌধুৰী মুখ্যমন্ত্ৰী হয়, তেন্তে নিশান্তই উপ-মুখ্যমন্ত্ৰীৰ দৰে কোনো গুৰুত্বপূৰ্ণ পদ লাভ কৰিব নেকি, সেই প্ৰশ্নই এতিয়া বিহাৰৰ ৰাজনীতিত সবাতোকৈ বেছি চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত দোষী সাব্যস্ত চীনৰ প্ৰযুক্তি সংস্থা Huawei; বিশ্বজুৰি আলোড়ন

আমেৰিকাত দোষী সাব্যস্ত চীনৰ প্ৰযুক্তি সংস্থা Huawei; বিশ্বজুৰি আলোড়ন

November 25, 2026 8:44 pm
চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

November 25, 2026 7:56 pm
ট্ৰেইন লেট হোৱাৰ বাবে ধৰিব নোৱাৰিলে বিমান; দম্পতীক ৬৩,১৯৯ টকা ক্ষতিপূৰণ দিব লাগিব ৰে’লৱেই

ট্ৰেইন লেট হোৱাৰ বাবে ধৰিব নোৱাৰিলে বিমান; দম্পতীক ৬৩,১৯৯ টকা ক্ষতিপূৰণ দিব লাগিব ৰে’লৱেই

November 25, 2026 7:10 pm
শিশুৰ ম’বাইল আসক্তি, বিবাহ-বহিৰ্ভূত সম্পৰ্ক আৰু মানসিক হতাশা: জ্যেষ্ঠ মনস্তত্ত্ববিদ নিমি বৰগোহাঁইৰ সৈতে নৰ্থ-ইষ্ট নাওৰ বিশেষ সাক্ষাৎকাৰ

শিশুৰ ম’বাইল আসক্তি, বিবাহ-বহিৰ্ভূত সম্পৰ্ক আৰু মানসিক হতাশা: জ্যেষ্ঠ মনস্তত্ত্ববিদ নিমি বৰগোহাঁইৰ সৈতে নৰ্থ-ইষ্ট নাওৰ বিশেষ সাক্ষাৎকাৰ

November 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত দোষী সাব্যস্ত চীনৰ প্ৰযুক্তি সংস্থা Huawei; বিশ্বজুৰি আলোড়ন

আমেৰিকাত দোষী সাব্যস্ত চীনৰ প্ৰযুক্তি সংস্থা Huawei; বিশ্বজুৰি আলোড়ন

November 25, 2026 8:44 pm
চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

চৌদি আৰৱত পুনৰ হুথীৰ আক্ৰমণ; ৰিয়াদৰ বাণিজ্য কেন্দ্ৰত আহত ১১ জনৰ ভিতৰত ২ জন ভাৰতীয়, কি ক’লে নতুন দিল্লীয়ে?

November 25, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd