প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনৰ ভাৰতৰ বায়ু সেনাবাহিনীৰ বহুসংখ্যক পাইলটে চাকৰি এৰিছে।
বিগত এটা দশকত ৭৯৮ গৰাকী বায়ু সেনাৰ পাইলটে চাকৰিৰ এৰা চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে তথ্য জনা অধিকাৰ আইন(আৰটিআই)এ।
এক ৰাষ্ট্ৰীয় স্তৰৰ সংবাদ প্ৰতিষ্ঠানে আৰটিআই ওচৰত জনোৱা এক আবেদনৰ উত্তৰত এই উদ্বেগজনক ছবি পোহৰলৈ আহিছে।
আৰটিআইৰ তথ্য মতে বিগত ১০ টা বছৰত বছৰি গড়ে ৮০ জনকৈ বায়ু সেনাৰ পাইলটে চাকৰি এৰিছে।
প্ৰতিৱেশী চীন আৰু পাকিস্তানৰ সৈতে সঘনাই সীমান্তৰ বিবাদ, উত্তেজনাৰ উৎপত্তি আৰু বৃদ্ধি হৈ থকাৰ এনে সময়ত বায়ু সেনা বাহিনীৰ পাইলটে চাকৰি এৰাটো অতি দুঃচিন্তাজনক বুলি বিবেচিত হৈছে প্ৰতিৰক্ষা মন্ত্ৰালয়ত।
উল্লেখ্য যে, প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰতীয় সেনা বাহিনীৰ তিনিওটা বিভাগকে অত্যাধুনিক ৰূপত গঢ়িবলৈ তুলিবলৈ প্ৰচেষ্টা কৰি আহিছে।
ইফালে ফ্ৰান্সৰ পৰা অত্যাধুনিক যুদ্ধ বিমান ৰাফেলো ক্ৰয় কৰিছে বায়ু সেনাই। আনহাতে চুখই দৰে আন অত্যাধুনিক যুদ্ধ বিমানো আছে ভাৰতীয় বায়ু সেনাত।
তেনে সময়তে প্ৰকাশ পাইছে এই উদ্বেগজনক তথ্য।
তথ্যৰ মতে নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ দিনত অধিক সংখ্যক বায়ু সেনাৰ পাইলটে চাকৰি এৰিছে।
২০১৬ আৰু ২০১৭ বৰ্ষত ক্ৰমে ১০০ আৰু ১১৪ জনকৈ বায়ু সেনাৰ পাইলটে চাকৰি এৰিছে।
বায়ু সেনাৰ পাইলটৰ চাকৰি ইস্তফা দিয়া পাইলটৰ তথ্য—
সেনাৰ কেন্দ্ৰীয় লোক তথ্য বিষয়া এচ কে ওঝায়ে জনোৱা অনুসৰি ২০১০ বৰ্ষত ৯৩ জন, ২০১১ত ৮৯ জন, ২০১২ত ৬৮ জন, ২০১৩ত ৫৪ জন, ২০১৪ত ৬৫ জন, ২০১৫ত ৩৭ জন, ২০১৬ত ১০০ জন, ২০১৭ত ১১৪ জন, ২০১৮ত ৯০ জন আৰু ২০১৯ত ৯১ জন বায়ু সেনাৰ পাইলটে চাকৰি ইস্তফা দিছে।
২০১৮ চনতে ৰাজ্যসভাত চৰকাৰে দাখিল কৰা তথ্য অনুসৰি বায়ু সেনাত পাইলটৰ পদ আছে ৪ হাজাৰ ২৩১ টা। সেই সময়ত বায়ু সেনাত পাইলট আছিল ৩ হাজাৰ ৮৫৫ গৰাকী।
অৰ্থাৎ ২০১৮ চনত বায়ু সেনাত ৩৭৬ টা পাইলটৰ পদ খালী আছিল।
ইয়াৰ পিছত ২০১৮ আৰু ২০১৯ চনত ক্ৰমে ৯০ আৰু ৯১ জনকৈ বায়ু সেনাৰ পাইলটে চাকৰি ইস্তফা দিছে।
ইয়াৰ ফলত বায়ু সেনাত পাইলটৰ খালী পদৰ সংখ্যা পূৰ্বতকৈ ক্ৰমাৎ বৃদ্ধি পাইছে।
বায়ু সেনাৰ পাইলটে কিয় চাকৰি ইস্তফা দিছে?
এই সংক্ৰান্তীয় বায়ু সেনাৰ পাইলটৰ মাজত চলোৱা এক সমীক্ষাৰ প্ৰতিবেদনো প্ৰকাশ পাইছে।
সেই প্ৰতিবেদনৰ মতে, ৩২ শতাংশ পাইলট কতৰ্ব্যৰ পৰিৱেশকলৈ সন্তুষ্ট নহয়। ২৫ শতাংশই ভাৱে যে বায়ু সেনাৰ পাইলটতকৈ সাধাৰণ মানুহৰ জীৱনেই উত্তম।
১৯ শতাংশ পাইলটে সঘনাই হোৱা বদলিত অসন্তুষ্ট হোৱাৰ বিপৰীতে ১৭ শতাংশই বায়ুসেনাত কেৰিয়াৰ উন্নতি নাই বুলি অনুভৱ কৰে।
৭ শতাংশ পাইলট বেতনকলৈ সন্তুষ্ট নহয়। উল্লেখ্য যে, বায়ু সেনাৰ এজন পাইলটৰ মাহিলি দৰমহা হৈছে ২ লাখ টকা।
কিন্তু ইয়াৰ বিপৰীতে বেচৰকাৰী বিমান পৰিবহন সংস্থাবোৰত পাইলটক মাহিলি ৭ৰ পৰা ৮ লাখ টকাৰ দৰমহা দিয়া হয়।
ইস্তফা দিয়া ৭৯৮ গৰাকী পাইলটৰ ভিতৰত ২৮৯ গৰাকী পাইলটে বেচৰকাৰী বিমান সংস্থাত যোগ দিয়াৰ বাবে বায়ু সেনাৰ পাইলটৰ চাকৰি এৰিছে বুলি জানিব পৰা গৈছে।
এইসকল পাইলটে বেচৰকাৰী বিমান সংস্থাত যোগ দিবলৈ বায়ু সেনাৰ পৰা ‘এন অ’ চি’ প্ৰমাণ পত্ৰ লৈছিল।
পৰিসংখ্যাৰ মতে নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত ৪৯৪ গৰাকী বায়ু সেনাৰ পাইলটে চাকৰি ইস্তফা দিছে।