যি সময়ত মানুহৰ মাজত সচৰাচৰ ভূমি বিবাদৰ ঘটনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে, সেইসময়তে দেশৰে এক প্ৰান্তত বিশাল ভূ-সম্পত্তিৰ মালিক হৈ পৰিছে বন্য বান্দৰ। মহাৰাষ্ট্ৰৰ ওচমানাবাদ জিলাৰ এখন গাঁৱত বান্দৰৰ নামত পঞ্জীয়ন কৰা হৈছে ৩২ একৰ ভূমি।
ওচমানাবাদৰ উপলা নামৰ গাঁওখনৰ গ্ৰাম পঞ্চায়তৰ ভূমিৰ ৰেকৰ্ডত গাওঁখনত বাস কৰা সকলো বান্দৰৰ নামত ৩২ একৰ মাটি থকাৰ কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে।
গাওঁখনৰ মুৰব্বী বাপ্পা পাদৱালে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে ভূমিৰ দস্তাবেজসমূহত এই মাটিখিনি বান্দৰৰ বুলি স্পষ্টকৈ কোৱা হৈছে যদিও কোনে আৰু কেতিয়া বান্দৰৰ বাবে এই ব্যৱস্থা সৃষ্টি কৰিছিল সেয়া জনা নাযায়।
তেওঁ লগতে জানিবলৈ দিয়া মতে পূৰ্বে গাওঁখনত সমাপন কৰা সকলো ৰীতি-নীতিত বান্দৰবোৰ অবিচ্ছেদ্য অংশ আছিল। গাওঁখনত এতিয়া প্ৰায় ১০০ টা বান্দৰ আছে। অৱশ্যে প্ৰতিটো বছৰতে বান্দৰৰ সংখ্যা হ্ৰাস পাই আহিছে বুলি তেওঁ লগতে কয়।
“পূৰ্বে যেতিয়াই গাওঁখনত বিবাহ অনুষ্ঠিত হৈছিল, বান্দৰবোৰক প্ৰথমে এটা উপহাৰ আগবঢ়োৱা হয় আৰু তেতিয়াহে অনুষ্ঠান আৰম্ভ হ’ব। অৱশ্যে সকলোৱে এতিয়া এই প্ৰথা অনুসৰণ নকৰে, কিন্তু এতিয়াও বান্দৰবোৰক বিয়াত সন্মান জনোৱা প্ৰথা চলি আছে।”- বাপ্পা পাদৱালে লগতে কয়।
বান্দৰবোৰ যেতিয়াই গাওঁখনৰ বাসিন্দাসকলৰ ঘৰলৈ আহে, তেতিয়াই খাদ্য বস্তুৰে আপ্যায়ন কৰা হয়। স্থানীয় লোকৰ আপোন হৈ পৰা এই জন্তুসমূহক খাদ্য যোগান ধৰাত কোনো লোকেই অৱহেলা নকৰে বুলি তেওঁ লগতে কয়।
পাদৱালে উল্লেখ কৰা মতে বান্দৰৰ বাবে আবণ্টিত এই ভূমিত এটা পৰিত্যক্ত ঘৰো আছিল যদিও বৰ্তমান এই ঘৰটো জহি-খহি পৰিছে। বন বিভাগে এই মাটিখিনিত এতিয়া বৃক্ষৰোপণৰ কাম হাতত লৈছে বুলি জানিবলৈ দিয়া হৈছে।