• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰায়পুৰত ঈশানৰ ধুমুহা, ঘটিল সূৰ্য্যদয়ো! নিউজিলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ত ভাৰতৰ ‘ধামাকা’ জয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 24, 2026 8:45 am
35
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৈয়দ মুস্তাক আলী ট্ৰফীত সৰ্বাধিক ৰান সংগ্ৰহ কৰিও ৰাষ্ট্ৰীয় দললৈ প্ৰত্যাৱৰ্তনৰ বাবে আশাবাদী নাছিল ঈশান কিষাণ। কিন্তু কোনে জানিছিল যে ফিনিক্সৰ দৰে তেওঁ জাতীয় দললৈ ঘূৰি আহিব। তেওঁৱেই নিউজিলেণ্ডক দ্বিতীয় টি-২০ত ‘ভাল শিক্ষা’ দিলে। ৰায়পুৰৰ খেলপথাৰত যেনেকৈ তেওঁৰ বিস্ফোৰক ইনিংছ স্মৰণীয় হৈ ৰ’ল, তেনেদৰে সূৰ্যকুমাৰ যাদৱেও দীৰ্ঘ দিনৰ অন্তত অৰ্ধশতক অৰ্জন কৰে। ২৮টা বল বাকী থকা অৱস্থাতে নিউজিলেণ্ডে নিৰ্ধাৰিত কৰি দিয়া ২০৯ ৰানৰ লক্ষ্য অতিক্ৰম কৰে ভাৰতে।

অভিষেক শৰ্মাৰ বেটিং তাণ্ডৱেৰে জয়ৰে বিশ্বকাপৰ ‘প্ৰস্তুতি’ আৰম্ভ কৰিছিল টিম ইণ্ডিয়াই। সূৰ্যকুমাৰ যাদৱে নিউজিলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ৪৮ ৰানত জয়লাভ কৰিছিল। এইবাৰ লক্ষ্য আছিল দ্বিতীয়খন মেচত জয় নিশ্চিত কৰা। সেই লক্ষ্যত টিম ইণ্ডিয়াই লেটাৰ মাৰ্ক লৈ পাছ কৰিলে।

Apply Now

ৰায়পুৰত টছত জয়লাভ কৰি সূৰ্যকুমাৰে নিউজিলেণ্ডক বেটিং কৰিবলৈ প্ৰেৰণ কৰে। নিউজিলেণ্ডে ভাৰতৰ সন্মুখত ২০৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। ৰাচিন ৰবীন্দ্ৰ আৰু মিচেল ছাণ্টনাৰৰ সৌজন্যত নিউজিলেণ্ডে ২০০ৰ সীমা অতিক্ৰম কৰে। ২৭টা বলত ৪৭ ৰান কৰি অপৰাজিত হৈ থাকে ছাণ্টনাৰ। কুলদীপ যাদৱে ৩৫ ৰানত ২ উইকেট দখল কৰে। হাৰ্দিক, হৰ্ষিত, বৰুণ, অভিষেক, ডুবেই এটাকৈ উইকেট দখল কৰে।

প্ৰত্যুত্তৰত ভাৰতে বেটিং কৰিবলৈ ওলাই অহাৰ সময়ত আৰম্ভণিতে অ’পেনাৰ সঞ্জু চেমছন (৬) আৰু অভিষেক শৰ্মা (০)ৰ উইকেট হেৰুৱাইছিল। ৬ ৰানত ২ উইকেট হেৰুওৱা ভাৰতক খেলৰ মাজলৈ ওভতাই আনে ঈশান কিষাণ আৰু অধিনায়ক সূৰ্যকুমাৰে। ২১টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে ঈশানে।

বাওঁহতীয়া বেটছমেনগৰাকীয়ে খেলি থকাৰ সময়তে সূৰ্য্যকুমাৰে এংকৰৰ ভূমিকা পালন কৰিছিল। তেওঁলোকৰ যুটীয়ে ১২২ ৰান সংগ্ৰহ কৰে। ঈশ সোধীৰ বলত ছয়টো মাৰিবলৈ গৈ ৩২টা বলত ৭৬ ৰান সংগ্ৰহ কৰি ড্ৰেছিং ৰুমলৈ উভতি আহে ঈশান। আউট হোৱাৰ পূৰ্বে তেওঁ ১১টা চাৰি আৰু চাৰিটা বিশাল ছয় মাৰে।

জীৱন হয়তো এনেদৰেই সলনি হ’ব পাৰে। কেইবছৰমান পূর্বে দ্বিশতক অর্জন কৰাৰ পাছত বহুতে ভাবিছিল যে ভাৰতীয় দলত ঈশান কিষানৰ স্থান নিৰাপদ, এসময়ত তেওঁলোকৰ ধাৰণা ভুল প্রমাণিত হৈছিল৷ বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিৰ পৰা বাদ পৰাৰ লগতে জাতীয় দলৰ পৰাও বাদ পৰি আকৌ ফিনিক্স চৰাইৰ দৰে ঈশানৰ প্ৰত্যাৱৰ্তনৰ যুঁজ সঁচাকৈয়ে চাবলগীয়া।

ঈশান আউট হ’লেও ভাৰতৰ ৰান ৰেট কমি যোৱা নাছিল। সৌজন্যত অধিনায়ক। সূৰ্য্যই সম্পূৰ্ণ নিজস্ব ভংগীমাত বেটিং কৰে। ১৪ মাহৰ পাছত তেওঁ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অৰ্ধশতক অৰ্জন কৰে। ২৩টা বলত ২২ সংখ্যক অৰ্ধশতক অৰ্জন কৰে। শিৱম ডুবে (৩৬)য়েও এক উপযোগী ইনিংছ খেলিছিল। এই যুটীত সূৰ্য্য আৰু ডুবেই ৮১ ৰান সংগ্ৰহ কৰে।

ভাৰতে জয়ী হ’বলৈ বেছি সময় অপেক্ষা কৰিব লগা নাছিল৷ সূৰ্যই ৩৭টা বলত ৮২ ৰান কৰি অপৰাজিত হৈ থাকে। তেওঁৰ ইনিংছত আছিল ৯টা চাৰি আৰু চাৰিটা ছয়। দুটা ডাঙৰ পাৰ্টনাৰশ্বিপ আৰু দুটা ডাঙৰ ইনিংছত ভাৰতে মাত্ৰ ১৫.২ অভাৰতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ৰায়পুৰত অনুষ্ঠিত হোৱা শৃংখলাৰ ফলাফল এতিয়া ভাৰতৰ পক্ষত ২-০। দেওবাৰে অনুষ্ঠিত হ’ব তৃতীয়খন টি-২০।

সংক্ষিপ্ত স্কোৰঃ

নিউজিলেণ্ডঃ ২০৮/৬ (ছাণ্টনাৰ ৪৭, ৰাচিন ৪৪, কুলদীপ ৩৫/২)

ভাৰতঃ ২০৯/৩ (সূৰ্য ৮২*, ঈশান ৭৬, ঈশ সোধি ৩৪/১)

ভাৰতে ৭ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd