• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

১৯ৰ দুঃস্বপ্নৰ অৱসান! ছামি স্ফুলিংগত দিশহাৰা কিৱি, ফাইনেলত ‘অজেয়’ ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2023 12:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৯ জুলাই, ২০১৯; স্থান- অ’ল্ড ট্ৰেফৰ্ড। অশ্ৰুসিক্ত নয়নেৰে ক্ৰীজ এৰি পেভিলিয়নলৈ উভতিছে ধোনী। গুপ্টিলৰ এটি ঘাতক থ্ৰ’ত ধোনীৰ লগতে কান্দি উঠিছিল দেশবাসী; ভংগ হৈছিল বিশ্ববিজয়ৰ আকাংক্ষিত স্বপ্ন!

কোটি কোটি ভাৰতীয়ৰ বাবে দু:স্বপ্ন হৈ পৰিছিল এই ক্ষণ; সমানেই দু:স্বপ্ন হৈ পৰিছিল ‘ব্লেক কেপছ্’ বাহিনী। পিছে ৱাংখাড়েত আজি এই দু:স্বপ্নক যেন চিৰবিদায় দিলে ভাৰতীয়ই। কিৱি বাহিনীৰ ভেটা চূৰ্ণ কৰি অপ্ৰতিৰোধ্য ‘মেন ইন ব্লু’ৱে অব্যাহত ৰাখিলে অজেয় গতি।

Apply Now

ৱাংখাড়েত আজি কিৱি বাহিনীৰ সমুখত যেন নিৰ্দয় হৈ পৰিছিল ৰোহিত বাহিনী! প্ৰথমে ধুমুহাৰ গতিৰে ৰাণৰ বৰষুণ তুলি নিউজিলেণ্ডৰ সমুখত থিয় কৰাইছিল পৰ্বতসম স্ক’ৰ। আৰু তাৰ পিছতে আৰম্ভ হৈছিল ছামি শ্ব’। ছেমি নহয় যেন ‘ছামি-ফাইনেল’!

লীগ পৰ্যায়ত অপৰাজেয় অত্যুৎসাহী ভাৰতীয় দলে আজি প্ৰবল আত্মবিশ্বাসেৰেই নামিছিল ২২ গজৰ ৰণাংগনত। টছত জয়ী হৈ লৈছিল প্ৰথমে বেটিঙৰ সিদ্ধান্ত। আৰু হাতত বেট লৈ সবল নেতৃত্বৰ পুনৰ প্ৰমাণ দি ৰোহিতে দিছিল এক আকাংক্ষিত আৰম্ভণি।

চলিত বিশ্বকাপ নিজৰ বিস্ফোৰক ধাৰা অব্যাহত ৰাখি ৰোহিত শৰ্মাই আজিও আক্ৰমণাত্মক শৈলীৰেই আগবঢ়াই নিয়ে ইনিংছ। গিলৰ সৈতে প্ৰথম ৮ অভাৰতে যোগ দিয়ে ৭১ ৰাণ। পিছে মাৰমুখী বেটিঙৰ ধাৰা আগুৱাবলৈ গৈ ব্যক্তিগত ৪৭ ৰাণত বিদায় লয় ৰোহিতে।

ৰোহিতৰ বিদায়ৰ পিছত ক্ৰীজত লগ লাগে ‘কিং-প্ৰিন্স’ যুটী। এফালে কোহলীয়ে ধীৰে-সুস্থিৰে ইনিংছ গঢ় দিয়াৰ দায়িত্ব লোৱাৰ বিপৰীতে খৰতকীয়াকৈ ৰাণ সংগ্ৰহৰ চেষ্টা চলায় গিলে। কিন্তু ব্যক্তিগত ৭৯ ৰাণত ৰিটায়াৰ্ড হাৰ্ট হৈ ক্ৰীজ এৰে গিলে।

ইয়াৰ পিছতে ক্ৰীজত খোপনি পোতে কোহলী আৰু আয়াৰে। নিউজিলেণ্ড বলিং আক্ৰমণক হেলাৰঙে দিশহাৰা কৰি দুয়ো ভাৰতীয় ইনিংছক এক শক্তিশালী পৰ্যায়লৈ তুলি নিয়ে। তাৰ মাজতে অপ্ৰতিৰোধ্য কোহলীয়ে সম্পূৰ্ণ কৰে এদিনীয়া কেৰিয়াৰত শতকৰ অৰ্ধশতক।

নিজৰ স্বভাৱসিদ্ধ ধাৰাবাহিকতাৰে ক্ৰিকেট ইতিহাসৰে অন্যতম শ্ৰেষ্ঠ তাৰকা ৰূপে পৰিগণিত হোৱা কোহলীয়ে আজিৰ শতকীয় ইনিংছটোৰে শচীন টেণ্ডুলকাৰক অতিক্ৰম কৰি এদিনীয়া আন্ত:ৰাষ্ট্ৰীয়ত সৰ্বাধিক শতকৰ অভিলেখ গঢ়ে।

১১৭ ৰাণৰ এক দৰ্শনীয় ইনিংছ দলক উপহাৰ দি বিদায় লয় কোহলীয়ে। আনহাতে আনটো মূৰত বিস্ফোৰক বেটিং অব্যাহত ৰাখি শ্ৰেয়স আয়াৰেও সম্পূৰ্ণ কৰে ক্ৰমাগত দ্বিতীয়টো শতক। মাত্ৰ ৭০ বলত ৪ টা চাৰি আৰু ৮ টা ছয়েৰে আয়াৰে খেলে ১০৫ ৰাণৰ এক বিধ্বংসী ইনিংছ।

আনহাতে কে এল ৰাহুলেও ২০ বলত আক্ৰমণাত্মক ৩০ ৰাণৰ ব্যক্তিগত স্ক’ৰত অপৰাজিত থাকে। ৰিটায়াৰ্ড হাৰ্ট হৈ ক্ৰীজ এৰা গিলে পুনৰবাৰ বেটিং কৰিবলৈ আহি ৮০ ৰাণত অপৰাজিত হৈ ৰয়। সন্মিলিত এই প্ৰদৰ্শনৰ সুবাদত দলে থিয় কৰায় ৩৯৭ ৰাণৰ বৃহৎ স্ক’ৰ।

ইফালে এই বৃহৎ লক্ষ্য অনুসৰণ কৰি কিৱি বাহিনীৰ দুই অপেনাৰ কনৱে’ আৰু ৰবীন্দ্ৰই এক আশাব্যঞ্জক আৰম্ভণি দিছিল যদিও নিজ স্পেলৰ প্ৰথমটো বলতে এই যুটী ভাঙে মহম্মদ ছামিয়ে। ৩০ ৰাণত কনৱে’ৰ উইকেট পতনৰ পিছত ৩৯ ৰাণত ৰবীন্দ্ৰকো বিদায় দিয়ে ছামিয়ে।

প্ৰাৰম্ভিক এই সফলতাৰ পিছত অৱশ্যে উইলিয়ামছন আৰু মিচেলৰ সমুখত শলঠেকত পৰে ভাৰতীয় বলিং শক্তি। পেচ-স্পীন উভয় শক্তিকে প্ৰতিহত কৰি দুয়ো কিৱি বাহিনীৰ বাবে মেচখনত আংশিক আশা সজীৱ কৰি ৰাখে। কিন্তু পুনৰাই এই যুটী ভংগ কৰি ভাৰতক উশাহ দিয়ে ছামিয়ে।

দলীয় স্ক’ৰ ২২০ ৰাণত ছামিৰ বলত বিদায় লয় উইলিয়ামছনে (৬৯)। উইলিয়ামছনৰ উইকেটৰ দুটা বলৰ পিছতে লাথামকো পেভিলিয়নৰ পথ দেখুৱায় ছামিয়ে। ইয়াৰ পিছত কিৱি বাহিনীৰ হৈ পুনৰ এক সফল যুটী বান্ধে মিচেল আৰু ফিলিপছে।

দুয়ো ৭৫ ৰাণৰ যুটী বান্ধি মেচ উদ্ধাৰৰ চেষ্টা চলায় যদিও ফিলিপছক বিদায় দি এই যুটী ভংগ কৰে বুমৰাহে। ইয়াৰ পিছতে ভাৰতীয় বলিঙৰ সমুখত প্ৰায় আত্মসমৰ্পণ কৰে কিৱি বাহিনীয়ে। তাৰ মাজতে অৱশ্যে ডেৰিল মিচেলে খেলে ১৩৪ ৰাণৰ প্ৰশংসাযোগ্য এক যুঁজাৰু ইনিংছ।

কিৱি বাহিনীৰ বিপৰ্যয়ৰ কাৰণ হৈ পৰা মহম্মদ ছামিয়ে আজি ৱাংখাৰেত প্ৰদৰ্শন কৰে অবিস্মৰণীয় বলিং শ্ব’। সাতটাকৈ উইকেট দখলেৰে ছামিয়ে নিউজিলেণ্ডৰ বেটিং লাইন আপক থৰক বৰক কৰি তোলাৰ লগতে ভাৰতকো পৰম আকাংক্ষিত বিজয় উপহাৰ দি ফাইনেলৰ পথ প্ৰশস্ত কৰে।

ছামিৰ বিপৰীতে বুমৰাহ, চিৰাজ আৰু কুলদীপে লাভ কৰে কিৱি বাহিনী আন তিনিটা উইকেট। এই দুৰন্ত প্ৰদৰ্শনৰ সুবাদত ছামিয়ে লাভ কৰে মেচৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান। লগতে আজিৰ এই অনন্য কৃতিত্বৰে ছামিয়ে অতিক্ৰম কৰে বিশ্বকাপত ৫০ উইকেটৰ দেওনা।

এইপৰ্যন্ত অভিজ্ঞ পেচাৰগৰাকীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰি বিশ্বকাপত ঈৰ্ষণীয় সাফল্যৰে লাভ কৰিছে ৫৪ টা উইকেট। লগতে মাত্ৰ ৬ খন মেচত ২৩ টা উইকেটেৰে চলিত বিশ্বকাপত সৰ্বাধিক উইকেট দখলকাৰী হিচাপেও শীৰ্ষত উপনীত হয় ছামি।

কিৱি বাহিনীৰ পথ ৰুদ্ধ কৰি ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় দল এতিয়া ২০১১ৰ পুনৰাবৃত্তিৰ দিশত আৰু মাথো এখোজ দূৰত। অহা ১৯ নৱেম্বৰত আহমেদাবাদত বিশ্বজয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব মেন ইন ব্লু। সমুখত থাকিব অষ্ট্ৰেলিয়া অথবা দক্ষিণ আফ্ৰিকা।

২০১১ ৰ সেই বিশ্বজয়ৰ সুখানুভূতিৰ স্বাদ পুনৰ ল’বলৈ অধীৰ আগ্ৰহেৰে অপেক্ষাৰত দেশ। অপেক্ষা এতিয়া মাথো ১৯ নৱেম্বৰলৈ….।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত বিশাল জলবিদ্যুৎ প্ৰকল্প; ধুমুহাৰ গতিৰে কাম আগবঢ়াই নিছে চীনে, উদ্বেগ বাঢ়িছে ভাৰতৰ

June 18, 2026 3:42 pm
ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

ডেৰাডুনৰ পিছত এইবাৰ তামিলনাডু : নীটৰ পুনৰ পৰীক্ষাৰ পূৰ্বেই চৰম সিদ্ধান্ত ১৯ বছৰীয়া ছাত্ৰীৰ

June 18, 2026 3:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

টেলিগ্রাম এতিয়া ইণ্টাৰনেটৰ নতুন অন্ধকাৰ জগত, আদালতত কেন্দ্ৰীয় চৰকাৰৰ বিস্ফোৰক দাবী

June 18, 2026 5:51 pm
শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

শিৱসেনাৰ উদ্ধৱ ফৈদৰ বৈঠকত অনুপস্থিত ৬ জন সাংসদৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী নেতৃত্বৰ

June 18, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd