খানাপাৰা খেলপথাৰত ৰাজনৈতিক সভা-সমিতি পাতি খেলপথাৰখন ধ্বংস কৰা বুলি খোদ কৃষি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ পৰাই স্পষ্ট কৰাৰ পিছত যি বিতৰ্কৰ ধুমুহা হৈছিল, তাক নেওচা দি পুনৰ আগন্তুক স্বাধীনতা দিৱসৰ চৰকাৰে পতা কেন্দ্ৰীয় কাৰ্য্যসূচী ইয়াতে পতাটো নিশ্চিত হৈছে।
আজি খানাপাৰাত সংবাদ মাধ্যমৰ আগত অন্যান্য বিষয়ৰ লগতে আগন্তুক স্বাধীনতা দিৱসৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই দিয়া ভাষ্যত এইটো স্পষ্ট হৈছে। স্বাধীনতা দিৱসৰ দিনা ল’ব লগীয়া নিৰাপত্তামূলক ব্যৱস্থাটো তিনি তৰপীয়া হ’ব বুলি সঞ্চালক প্ৰধানজনে জানিবলৈ দিয়ে। এই তিনি তৰপীয়া ব্যৱস্থা মতে, খানাপাৰা খেলপথাৰ, খেলপথাৰৰ বাহিৰত আৰু ওচৰৰ পাহাৰ অঞ্চলত কটকটীয়া নিৰাপত্তামূলক কৌশল লোৱা হ’ব।
লগতে তেওঁ কয় যে স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত কোনো ধৰণৰ নিৰাপত্তাৰ সুৰুঙা নাথাকিব।
আনহাতে স্বাধীনতা দিৱসৰ প্ৰাকমুহূৰ্তত কোনো উগ্ৰপন্থী সংগঠনে যাতে কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে সকলো আৰক্ষী অধীক্ষকক দৃষ্টি ৰখাৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ লগতে অৰুণাচল, মণিপুৰ, মেঘালয়ৰ সীমান্ত অঞ্চলত চকু ৰখা হৈছে। চুবুৰীয়া ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে বৈঠকত মিলিত হৈছে সঞ্চালক প্ৰধান কুলধৰ শইকীয়া।
আনহাতে ৰাজ্যত বাংলাদেশ ভিত্তিক ইচলামিক সন্ত্ৰাসবাদী সংগঠন জামাত উল মুজাহিদিনৰ উপস্থিতি সন্দৰ্ভতো মত ব্যক্ত কৰে আৰক্ষী সঞ্চালক প্ৰধানজনে। ৰাজ্যখনত জে এম বিৰ উপস্থিতিক লৈ অসম আৰক্ষী শংকিত নহয় বুলি তেওঁ মন্তব্য কৰে।