NORTHEAST NOW (Assamese)

মিচিং স্বায়ত্ত পৰিষদৰ নিৰ্বাচন : জোনাইত মনোনয়ন প্ৰত্যাহাৰৰ হুমকিৰে নিৰ্দলীয় প্ৰাৰ্থীৰ ঘৰত আক্ৰমণ শাসকীয় দলৰ

January 15, 2019 8:08 pm · এন ই নাও নিউজ
Updated: January 15, 2019 9:09 pm
অভিযুক্ত ৰাজু মেদকক গ্ৰেপ্তাৰৰ দাবীত জোনাই থানা ঘেৰাও স্থানীয় ৰাইজৰ। ১৪ জানুৱাৰিত।

অহা ২১ জানুৱাৰিত অনুষ্ঠিত হ’ব লগীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নিৰ্বাচনী হিংসাত লিপ্ত হোৱাৰ অভিযোগ উঠিছে শাসকীয় দল গণশক্তি-বিজেপিৰ যুটীয়াভাৱে প্ৰক্ষেপিত প্ৰাৰ্থীৰ বিৰুদ্ধে। জোনাই মহকুমাৰ অন্তৰ্গত গালী বিজয়পুৰ সমষ্টিৰ গণশক্তিৰ প্ৰাৰ্থী ৰাজু মেদকৰ বিৰুদ্ধে উঠিছে এই অভিযোগ।

সমষ্টিটোৰ স্থানীয় ৰাইজে অভিযোগ কৰামতে, সমষ্টিটোৰ গণশক্তিৰ প্ৰাৰ্থী ৰাজু মেদকে তেওঁৰ প্ৰতিদ্বন্দ্বী হিচাপে উঠা তথা মনোনয়ন পত্ৰ দাখিল কৰা কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জয় পেগু আৰু নিৰ্দলীয় হিচাপে উঠা হীৰেন কুটুমক মনোনয়ন পত্ৰ উঠাই ল’বলৈ অনুৰোধ কৰে, যাতে তেওঁ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ’ব পাৰে। এই কথাত কংগ্ৰেছৰ প্ৰাৰ্থীজনে যুক্তি দেখুৱাই যে তেওঁ উঠাই ল’লেও নিৰ্দলীয় প্ৰাৰ্থীজন যিহেতু থাকিবই, গতিকে তেৱোঁ প্ৰত্যাহাৰ কৰাৰ যুক্তি নাই।

ইয়াৰ পিছতে নিৰ্দলীয় হীৰেন কুটুমক তেওঁ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ হুমকি দিয়ে ৰাজু মেদকৰ বাহিনীয়ে। কিন্তু সন্মত নোহোৱাত ১৩ জানুৱাৰিৰ ৰাতি তেওঁৰ গুণ্ডা বাহিনী পঠিয়াই হীৰেন কুটুমৰ ঘৰ লণ্ডভণ্ড কৰে। ২২জনীয়া এটা দলে কুটুমৰ ঘৰ লণ্ডভণ্ড কৰাৰ লগতে কুটুমৰ ঘৰত থকা গাভৰু ছোৱালীক অশ্লীল ভাষাৰে গালি-গালাজ কৰে বুলি অভিযোগ উঠিছে। মন কৰিব লগীয়া যে ১৪ জানুৱাৰি আছিল মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন।

ইপিনে ঘটনাৰ পিছতে ৰাজু মেদকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা সত্ত্বেও আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই। ক্ষমতাসীন দলৰ প্ৰতি আৰক্ষীৰ এই পক্ষপাতিত্বত ক্ষুব্ধ হৈ স্থানীয় লোকে ১৪ জানুৱাৰিত জোনাই আৰক্ষী থানা ঘেৰাও কৰে। পুলিচ প্ৰশাসন হায় হায়, পুলিচ প্ৰশাসন হুঁচিয়াৰ শ্ল’গান দি স্থানীয় লোকসকলে আৰক্ষীক অভিযুক্তৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা ল’বলৈ দাবী জনায়।

“গোটেই ঘৰৰ আচবাব লণ্ড-ভণ্ড কৰি, ভাঙি-ছিঙি থৈ গৈছে। হীৰেন কুটুমৰ ঘৰত দুজনী ছোৱালী আছিল আৰু সিহঁতে কিছু দিনৰ পিছতে হায়াৰ ছেকেণ্ডাৰি পৰীক্ষা দিব লগীয়া আছিল। এগৰাকী বুঢ়ী মানুহ আছিল। সিহঁত এতিয়া ভয়তে ক’ত লুকাই আছে গম পোৱা নাই।” এগৰাকী স্থানীয় মহিলাই সংবাদ মাধ্যমৰ আগত কয়।

আনহাতে ৮৫ শতাংশ মিচিং মানুহ থকা জোনাইৰ ৭টা সমষ্টিৰ ৪ টাত অমিচিং প্ৰাৰ্থী দিয়া বুলিও গণশক্তি-বিজেপিৰ বিৰুদ্ধে অভিযোগ আনিছে একাংশ মিচিং লোকে।

Related News