• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কিং কোহলীৰ বিৰাট ইনিংছ; নিউজিলেণ্ডক পৰাস্ত কৰি এদিনীয়া শৃংখলা আৰম্ভ টীম ইণ্ডিয়াৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2026 8:11 am
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় ক্ৰিকেটৰ প্ৰাণস্পন্দন বিৰাট কোহলী! যেতিয়ালৈকে তেওঁ ক্ৰীজত থাকে, তেতিয়ালৈকে জয়ৰ আশা বৰ্তি থাকে। তাৰ পিছতে আহে চিন্তা। যদিও কিছু উদ্বেগ পাৰ কৰিবলগীয়া হয়, কোহলীৰ ৯৩ ৰানৰ বলতে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলত জয়লাভ কৰে ভাৰতে।

শেষৰ ফালে কে এল ৰাহুলে ‘ফিনিশ্বাৰ’ৰ ভূমিকাত অৱতীৰ্ণ হয়। হৰ্ষিত ৰাণাইও বিস্ফোৰক বেটিঙেৰে ভাৰতৰ কাম সহজ কৰি তুলিছিল। শেষত ৩০০ ৰানৰ লক্ষ্য খেদি ভাৰতে ৪ উইকেটত জয়লাভ কৰে। তিনিখন খেলৰ এদিনীয়া শৃংখলাত ভাৰতে ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰে।

Apply Now

সাধাৰণতে ভাৰতৰ টছত ভাগ্য ভাল নহয়। অৱশ্যে বৰোদাত শুভমন গিলক ভাগ্যই লগ দিছিল। টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্তক লৈ সন্দেহৰ অৱকাশ নাই। নিউজিলেণ্ডে আৰম্ভণি কৰিছিল আক্ৰমণাত্মকভাৱে। অৰ্শদ্বীপ সিঙক বাদ দিয়াৰ সিদ্ধান্ত ভুল হ’ল নেকি তাকলৈ চৰ্চা আৰম্ভ হয়। ডেভন কনৱে আৰু হেনৰী নিকোলছে ২০ অভাৰতে শতকৰ সীমা অতিক্ৰম কৰে।

হৰ্ষিত ৰাণাই কিউই দলটোক প্ৰথম আঘাত হানে। তেওঁক লৈ সমালোচনাৰ অভাৱ নাছিল। গম্ভীৰৰ ‘প্ৰিয়’ হোৱাৰ বাবেই সুযোগ পোৱা বুলিও চৰ্চা চলিছিল। অৱশ্যে হৰ্ষিতে অহৰহ প্ৰমাণ কৰি আছে যে তেওঁ কিয় গম্ভীৰৰ ‘প্ৰিয়’? অফ ষ্টাম্পৰ বাহিৰৰ বলেৰে নিকোলছ (৬২)ক অসহায় কৰি আউট কৰে হৰ্ষিতে। ইয়াৰ কিছু সময়ৰ পাছতে কনৱেৰ (৫৬) উইকেটো ছিটিকি যায়।

মহম্মদ ছিৰাজেও উইল ইয়ং আৰু জেচাৰী ফ’কেছৰ উইকেট দখল কৰে। অৱশ্যে আনফালে উইকেট পৰি যোৱাৰ পাছতো ডেৰিল মিচেলে ৰান ৰেট বজাই ৰাখিছিল। প্ৰসিদ্ধই মিচেলৰ (৮৪) উইকেট দখল কৰে। শেষত নিউজিলেণ্ডৰ ইনিংছ ৩০০ ৰানত স্তব্ধ হৈ পৰে।

বৰোদাৰ খেলপথাৰত কোনো ডাঙৰ বিপদ নাই। তাৰ উপৰি নিউজিলেণ্ডৰ বলাৰসকলৰ নিয়ৰৰ বাবে সমস্যা হোৱাৰ সম্ভাৱনা আছিল। সেইটোৱেই হ’ল। আনকি গ্লেন ফিলিপছ আৰু ডেৰিল মিচেলৰ দৰে ফিল্ডাৰেও কেচ পেলালে। ইয়াৰে এটা আছিল শুভমন গিলৰ (৫৬)। ভাৰতীয় অধিনায়কগৰাকীয়ে অৰ্ধশতক অৰ্জন কৰে। অৱশ্যে তেওঁক বৰ ছন্দত থকা যেন নালাগিল।

সকলোৰে দৃষ্টি থকা ৰো-কো যুটীৰ ভিতৰত ৰোহিত শৰ্মাই (২৬) ৰান নাপালে। ভাল আৰম্ভণি কৰাৰ পিছতো কেচ দি আউট হৈ উভতিল। কিন্তু কোহলী আছিল। তেওঁ খেলপথাৰত প্ৰৱেশ কৰাৰ লগে লগে কিবা নহয় কিবা ৰেকৰ্ড সৃষ্টি হয়। যদিও দেওবাৰে শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰিলেও নিউজিলেণ্ডৰ বিৰুদ্ধে এদিনীয়া মেচত সৰ্বাধিক ৰানৰ অভিলেখ গঢ়িব নোৱাৰিলে। অৱশ্যে তিনিওটা ফৰ্মেট মিলি ২৮ হাজাৰ ৰান সংগ্ৰহ কৰি পেলালে।

যেতিয়ালৈকে কোহলী ক্ৰীজত থাকে তেতিয়ালৈকে আশা বৰ্তি থাকে। ঘূৰি অহাৰ লগে লগে ভাৰতীয় বেটিং ভাঙি যায়। মাত্ৰ ৭ ৰানৰ বাবে শতক বঞ্চিত হয়। অলপ পিছত ৰবীন্দ্ৰ জাডেজা আৰু শ্ৰেয়াছ আয়াৰো আউট হয়। আঘাতৰ পৰা সুস্থ হোৱাৰ পিছত আয়াৰে কষ্টেৰে অৰ্ধশতক অৰ্জন কৰে। তেওঁ আউট হোৱাৰ লগে লগে মেচখনত পৰাস্ত হোৱাৰ ভয় নামি আহিল।

কাইল জেমিছনৰ গতি আৰু বাউন্সৰ লগতে জেচাৰী ফক্সৰ মিডিয়াম পেচে ভাৰতক সমস্যাত পেলাইছিল। কে এল ৰাহুলৰ ঠাইত প্ৰশিক্ষক গৌতম গম্ভীৰে জাদেজাক কিয় প্ৰথমে পঠিয়ালে সেয়াও এক প্ৰশ্ন। অৱশ্যে আন এটা ‘কৌশল’য়ে কাম কৰিলে। ৱাশ্বিংটন সুন্দৰ আঘাতপ্ৰাপ্ত হোৱাৰ বাবে হৰ্ষিত ৰানা ৭ নম্বৰত বেটিং কৰিবলৈ আহিল। তেওঁ ২৩টা বলত ২৯ ৰানৰ মূল্যৱান ইনিংছ খেলিলে।

সুন্দৰে অৱশ্যে আঘাতক আওকাণ কৰি পিছত বেটিং কৰিবলৈ আহে। আৰু কে এল ৰাহুলে যেন প্ৰতিখন মেচতে নিজকে ‘ডিপেণ্ডেবল’ বুলি প্ৰমাণ কৰি আহিছে। য’তেই তেওঁক পঠিওৱা নহওক কিয় নিজৰ কামটো কৰি আহিছে। চাপত শীতল মসতিষ্কৰে মেচখন শেষলৈকে লৈ গ’ল। আৰু ৪৯ নং অভাৰৰ শেষৰ তিনিটা বলত  ৪, ৪, ৬ মাৰি ভাৰতক জয়ী কৰাই খেলপথাৰ এৰে।

সংক্ষিপ্ত স্কোৰঃ

নিউজিলেণ্ডঃ ৩০০/৮ (ডেৰিল ৮৪, ছিৰাজ ৪০/২, হৰ্ষিত ৬৫/২)

ভাৰতঃ ৩০৬/৬ (কোহলী ৯৩, গিল ৫৬, জেমিছন ৪১/৪)

ভাৰতে ৪ উইকেটত জয়লাভ কৰে।

তিনিখন মেচৰ এদিনীয়া শৃংখলাত ভাৰতৰ ১-০ ব্যধানত অগ্ৰগতি।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

মাজ আকাশত বিমান সেৱিকাক নিৰ্যাতন! ভাৰতীয় যুৱকক কঠোৰ শাস্তি ছিংগাপুৰৰ আদালতৰ

June 23, 2026 9:13 pm
লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

লিয়নেল মেছিৰ বিশ্ব অভিলেখ: বিশ্বকাপত ৪টা ৰেকৰ্ডেৰে গিনিজ বুকত স্থান আৰ্জেণ্টাইন তাৰকাৰ

June 23, 2026 8:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

কংগোৰ বিৰুদ্ধে ব্যৰ্থতাৰ পাছত উজবেকিস্তানৰ বিৰুদ্ধে প্ৰথম একাদশত থাকিবনে ৰোনাল্ডো? প্ৰশিক্ষক মাৰ্টিনেজে দিলে ডাঙৰ ইংগিত

June 23, 2026 9:33 pm
প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

প্লে ষ্টৰত পুনৰ উপলব্ধি হ’ল টেলিগ্ৰাম : ব্যৱহাৰকাৰীৰ বাবে পুনৰ আৰম্ভ হ’ল সেৱা

June 23, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd