• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চেমছনৰ শতক, অৰ্শদীপ-সুন্দৰৰ দুৰ্দান্ত বলিং; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলা জয় ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2023 8:01 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইয়াকে কোৱা হয় তীব্ৰ যুঁজ। অৱশেষত পাৰ্লেত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ এদিনীয়া শৃংখলাৰ পৰিণাম ওলাল। টী-২০ শৃংখলাত বৰষুণ খলনায়ক হৈ নপৰা হ’লে হয়তো এই সিদ্ধান্ত ১-১ত অমীমাংসিত নহ’লহেঁতেন৷ কিন্তু এদিনীয়া শৃংখলাত সেয়া নাছিল। ৫০ অভাৰৰ ফৰ্মেটত দুয়োটা দলৰ মাজত ৩ মেচৰ শৃংখলাটো যথেষ্ট ৰোমাঞ্চকৰ আছিল।

টীম ইণ্ডিয়াই শক্তি প্ৰদৰ্শন কৰি জয়লাভ কৰে জো’বাৰ্গত। বেৰহাত প্ৰটিয়াছে শৃংখলাটোত সমতা স্থাপন কৰে। ফলত সকলোৰে দৃষ্টি ছিৰিজৰ নিৰ্ণায়ক মেচখনৰ ওপৰত আছিল। টীম ইণ্ডিয়াৰ প্ৰটিয়া ভ্ৰমণত এই খেলখন আছিল অতি ৰোমাঞ্চকৰ। অৱশেষত ভাৰতীয় শিবিৰে ২-১ ব্যৱধানত শৃংখলা জয় লাভ কৰি শেষ হাঁহি মাৰিলে৷ ২০১৮ চনৰ পিছত দক্ষিণ আফ্ৰিকাত অনুষ্ঠিত হোৱা এদিনীয়া শৃংখলাত টীম ইণ্ডিয়াই জয়লাভ কৰিলে।

Apply Now

টছত পৰাস্ত হোৱাৰ পাছত কে এল ৰাহুল বাহিনীয়ে প্ৰথমে বেটিং কৰে। প্ৰটিয়াছৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথম শতক অৰ্জন কৰে সঞ্জু চেমছনে। তেওঁৰ লগতে টীম ইণ্ডিয়াৰ যুৱ যোদ্ধা তিলক ভাৰ্মাই প্ৰথম এদিনীয়া অৰ্ধশতক অৰ্জন কৰে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় টি-২০ত অভিষেক ঘটোৱা ৰিংকু সিঙে ছিৰিজৰ সিদ্ধান্তকাৰী মেচখনত ৩৮ ৰান সংগ্ৰহ কৰে। অধিনায়ক ৰাহুলৰ বেটৰ পৰা আহে ২১ ৰান। মুঠতে টীম ইণ্ডিয়াই ৮টা উইকেট হেৰুৱাই ২৯৬ ৰান সংগ্ৰহ কৰে।

২৯৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই ভাল আৰম্ভণি কৰে। ৰিজা হেণ্ড্ৰিক্স আৰু টনি ডি জৰ্জিৰ অপেনিং যুটিটোৱে ৫৯ ৰান সংগ্ৰহ কৰে। ইয়াৰ পাছতে তৃতীয় উইকেটত অধিনায়ক আইডেন মাৰ্কৰামৰ সৈতে যুটি বান্ধি ৬৫ ৰান সংগ্ৰহ কৰে টনীয়ে। এইটোৱেই হৈছে প্ৰটিয়াছৰ ডাঙৰ পাৰ্টনাৰশ্বিপ। তাৰ পিছত আৰু কোনো যুটিয়ে সেই অৰ্থত অধিক ৰান কৰিব নোৱাৰিলে। কিন্তু প্ৰটিয়াছ শিবিৰে ট্ৰফী ধৰি ৰখাৰ বাবে মেচখনত জয়লাভ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল।

ভাৰতৰ তৰুণ যোদ্ধাসকলে মাৰ্কৰাম, মিলাৰ বাহিনীক চাপত পেলাইছিল। প্ৰটিয়াছৰ অধিনায়কগৰাকীয়ে ৩৬ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ ৰিজা হেণ্ড্ৰিক্সৰ বাহিৰে কোনেও ডাঙৰ ৰান নাপালে। তেওঁ ৮৭টা বলত ৮১ ৰান সংগ্ৰহ কৰে। কেশৱ মহাৰাজে ২৭ বলত ১৪ ৰানৰ মন্থৰ ইনিংছ আৰু বেউৰাণ হেণ্ড্ৰিক্সে ২৬ বলত ১৮ ৰান সংগ্ৰহ কৰে। কিন্তু নিৰ্ধাৰিত ৫০ অভাৰলৈকে কোনেও দলটোক টানি নিব পৰা নাছিল। ৪৫.৫ অভাৰত ২১৮ ৰানতে প্ৰটিয়াছৰ ইনিংছ সমাপ্ত হয়।

ভাৰতীয় যুৱ বলাৰ অৰ্শদীপ সিঙে ৪টা উইকেট দখল কৰে। আবেশ খান আৰু ৱাশ্বিংটন সুন্দৰে ২টাকৈ উইকেট দখল কৰে। মুকেশ কুমাৰ আৰু অক্ষৰ পেটেলে ১টাকৈ উইকেট পায়। খেলখনত কোনো ভাৰতীয় বলাৰ খালী হাতেৰে উভতিব লগা নহ’ল। ৭৮ ৰানত জয়লাভ কৰাৰ উপৰিও টীম ইণ্ডিয়াই এদিনীয়া শৃংখলাটো ২-১ ব্যৱধানত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

ৰাজ্যৰ ভয়ংকৰ বান পৰিস্থিতিৰ বাবে স্থগিত প্ৰতিবাদী কাৰ্যসূচী, বানত হোৱা মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

July 23, 2026 9:00 pm
বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

বানপানীৰ ভয়ংকৰ পৰিস্থিতিৰ মাজতে নীপকোৱে খুলিলে দৈয়াং বান্ধৰ তিনিখন গেট

July 23, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd