NORTHEAST NOW (Assamese)

বিগত ২৪ ঘণ্টাত ভাৰতত ১১,৬৯,৭৬৪ টা ক’ৰ’না ভাইৰাছৰ নমুনাৰ পৰীক্ষা সম্পন্ন

September 4, 2020 6:17 pm · এন ই নাও নিউজ

বিগত দুটা দিনত ভাৰতে ক’ৰ’না পৰীক্ষা সম্পন্ন কৰাৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

ক্ৰমাগতভাৱে দুটা দিনত ভাৰতত ১১.৭০ লাখতকৈ অধিক নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি বিগত ২৪ ঘণ্টাত ভাৰতত মুঠ ১১,৬৯,৭৬৫ টা নমুনাৰ পৰীক্ষা কৰা হয়।

‘‘কোনো দেশে এদিনতে ইমান বৃহৎ সংখ্যক ক’ৰ’না ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা নায়,’’ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে দাবী কৰে।

ভাৰতে বৰ্তমানলৈ প্ৰায় ৪.৭ কোটিৰো অধিক ক’ৰ’না ভাইৰাছৰ পৰীক্ষা কৰিছে।

৩ ছেপ্তেম্বৰলৈ ভাৰতত মুঠ ৪,৬৬,৭৯,১৪৫ টা ক’ৰ’না ভাইৰাছৰ পৰীক্ষা কৰা হয়।

আনহাতে, ভাৰতত ইমান বৃহৎ হাৰত ক’ৰ’না পৰীক্ষা কৰাৰ পাছতো দেশত প’জিটিভ ৰোগীৰ হাৰ ৭.৫ শতাংশৰ তলত আছে।

বৰ্তমানলৈ ভাৰতৰ ১,০২৫ টা চৰকাৰী পৰীক্ষাগাৰ আৰু ৬০৬ টা ব্যক্তিগত পৰীক্ষাগাৰত ক’ৰ’না ভাইৰাছৰ পৰীক্ষা কৰি থকা হৈছে।

Related News