তালিবানে আফগানিস্তান দখল কৰাৰ পিছত দেশখনলৈ তৃতীয় বাৰৰ বাবে মানৱীয় সহায়ৰ হাত আগবঢ়াইছে ভাৰতে। ভাৰতে শুকুৰবাৰে আফগানিস্তানলৈ দুই টন অত্যাৱশ্যকীয় ঔষধ প্ৰেৰণ কৰে।
ভাৰতে বিশ্ব স্বাস্থ্য সংস্থাৰ জৰিয়তে আফগানিস্তানক ৫ লাখ পালি ক’ভিদ ভেকচিন আৰু ১.৬ টন চিকিৎসা সাহায্য যোগান ধৰিছে।
“আফগান জনসাধাৰণক আমাৰ চলিত মানৱীয় সহায়ৰ অংশ হিচাপে ভাৰতে আজি আফগানিস্তানক দুই টন অত্যাৱশ্যকীয় ঔষধৰ চিকিৎসা সাহায্য যোগান ধৰিছে।” শুকুৰবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় “আফগানিস্তানৰ জনসাধাৰণৰ সৈতে আমাৰ বিশেষ সম্পৰ্ক অব্যাহত ৰাখিবলৈ আৰু তেওঁলোকক মানৱীয় সহায় আগবঢ়াবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ”।
বিবৃতিটোত কোৱা হৈছে, “আগন্তুক দিনত আমি আফগানিস্তানলৈ ঔষধ আৰু খাদ্যশস্যৰ অধিক মানৱীয় সহায় যোগান ধৰিম।”