খালিস্তানী সন্ত্ৰাসবাদী পান্নুনক হত্যাৰ নিৰ্দেশ দিছিল RAWৰ বিষয়াই; আমেৰিকাৰ কাকতৰ দাবীক লৈ ভাৰতৰ প্ৰতিক্ৰিয়া

খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুন। ফাইল ফটোঃ সংগ্ৰহীত।

ৰিচাৰ্ছ এণ্ড এনালাইছিছ উইং RAW)ৰ বিষয়াৰ নাম বিক্ৰম যাদৱ। তেওঁ এটা `হিট টিম’ক আমেৰিকাৰ মাটিত খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুনক হত্যা কৰিবলৈ নিৰ্দেশ দিছিল। আমেৰিকাৰ এখন দৈনিক কাকতৰ প্ৰতিবেদনত এইদৰে কোৱা হৈছে। প্ৰতিবেদন অনুসৰি বিক্ৰম যাদৱ চৰকাৰী সংস্থাৰ সৈতে জড়িত। নিউয়ৰ্কৰ ঠিকনাকে ধৰি পান্নুন সম্পৰ্কীয় এক বিতং তথ্যও সংশ্লিষ্ট দলটোলৈ প্ৰেৰণ কৰিছে।

ৱাশ্বিংটন পোষ্টৰ এক প্ৰতিবেদন অনুসৰি আমেৰিকা আৰু ভাৰতৰ নিৰাপত্তা বিষয়াসকলে বিক্ৰম যাদৱৰ কথা অৱগত কৰিছে। অৱশ্যে বিক্ৰম যাদৱৰ নাম দিয়া সকলে তেওঁলোকৰ নিজৰ নাম জনোৱা নাই। প্ৰতিবেদন অনুসৰি হত্যাকাৰীক কোৱা হৈছিল যে পান্নুন আমেৰিকাৰ নাগৰিক। ঘৰত থকাৰ সময়তে হত্যাৰ পৰিকল্পনা কৰা হৈছিল।

পান্নুনৰ ওপৰত আমেৰিকাৰ দাবী সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে ভাৰতে। পান্নুনৰ বিৰুদ্ধে চলোৱা ষড়যন্ত্ৰ চৰকাৰী নীতিৰ বিৰুদ্ধে বুলিও দাবী কৰিছে ভাৰতে। ভাৰতে এই অভিযোগ তীব্ৰভাৱে অস্বীকাৰ কৰিছে। আমেৰিকাৰ কাকতখনৰ অভিযোগৰ ভিত্তিত কেন্দ্রীয় চৰকাৰে ২০২৩ চনৰ নৱেম্বৰ মাহত হত্যাৰ ষড়যন্ত্রৰ অভিযোগৰ তদন্তৰ বাবে এখন উচ্চ পর্যায়ৰ তদন্ত সমিতি গঠন কৰিছিল৷

লগতে পঢ়কঃ নাগালেণ্ডত “অপাৰেচন ক্লাউডবাৰ্ষ্ট”ত বৃহৎ অস্ত্ৰ ভাণ্ডাৰ জব্দ কৰিলে নিৰাপত্তা বাহিনীয়ে

তদন্তৰ ফলাফল সন্দৰ্ভত এতিয়ালৈকে ভাৰতে কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই। ২০২৪ চনৰ এপ্ৰিল মাহত সংবাদ মাধ্যমৰ আগত বক্তৱ্য দি ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে তদন্ত সন্দৰ্ভত নিৰ্দিষ্ট বক্তব্য দিয়াৰ পৰা বিৰত আছিল। তেওঁ কৈছিল যে আমি তদন্ত কৰি আছো কিয়নো আমি বিশ্বাস কৰোঁ যে সেই তদন্তত আমাৰ নিজৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ স্বাৰ্থ জড়িত হৈ আছে।’

আমেৰিকাৰ বিষয়াসকলে দাবী কৰা মতে, ২০২৩ চনৰ ৩০ জুনত চেক গণৰাজ্যত ৫২ বছৰীয়া নিখিল গুপ্তাক গ্ৰেপ্তাৰ কৰা হৈছিল। আমেৰিকাৰ ন্যায় বিভাগে পান্নুনক হত্যাৰ চক্ৰান্তত জড়িত থকাৰ অভিযোগ উত্থাপন কৰে। আমেৰিকাৰ বিষয়াসকলৰ মতে, গুপ্তাই হত্যাকাণ্ডৰ বাবে হত্যাকাৰীক এক লাখ ডলাৰ পৰ্যন্ত ধন দিবলৈ সন্মত হয়। ইয়াৰে ১৫০০০ টকা আগধন হিচাপে দিয়া হৈছিল।

ইপিনে, ভাৰতৰ এজন প্ৰাক্তন চোৰাংচোৱা বিষয়াই আমেৰিকাৰ মাটিত খালিস্তানী সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুনক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি ৱাশ্বিংটন পোষ্টত প্ৰকাশিত বাতৰি মঙলবাৰে ভাৰতে তীব্ৰভাৱে নাকচ কৰে।

লগতে পঢ়কঃ কোভিশ্বিল্ড ভেকচিন লোৱাসকলৰ হ’ব পাৰে এই বিৰল ছাইড এফেক্ট; স্বীকাৰ কৰিলে এষ্ট্ৰাজেনেকাই

ভাৰতে উল্লেখ কৰে যে অপৰাধমূলক আৰু সন্ত্ৰাসবাদী নেটৱৰ্ক সন্দৰ্ভত আমেৰিকাই উত্থাপন কৰা নিৰাপত্তাজনিত উদ্বেগসমূহৰ সমাধানৰ বাবে ভাৰত চৰকাৰে গঠন কৰা এখন উচ্চ পৰ্যায়ৰ সমিতিৰ তদন্ত চলি আছে।

ইয়াৰ ওপৰত জল্পনা-কল্পনা আৰু দায়িত্বহীন মন্তব্যই কোনো সহায়ক নহয় বুলিও লগতে কোৱা হৈছে।

উল্লেখ্য যে ২০২২ চনৰ নৱেম্বৰ মাহত ফাইনেন্সিয়েল টাইমছে আমেৰিকাই পান্নুনক হত্যাৰ চক্ৰান্ত বিফল কৰা বুলি প্ৰকাশ কৰাৰ লগতে ভাৰত জড়িত বুলি অভিযোগ উত্থাপন কৰি ভাৰতক সকীয়াই দিয়াৰ পিছতে বিতৰ্কৰ সূত্ৰপাত হৈছিল।

ইয়াৰ পিছত মানহাটনৰ আদালতত দাখিল কৰা অভিযোগনামাত ভাৰতীয় নাগৰিক নিখিল গুপ্তাক ষড়যন্ত্ৰকাৰী বুলি উল্লেখ কৰা হৈছে, যিয়ে এই চক্ৰান্তত “চিচি-১” বুলি কোৱা এজন নাম প্ৰকাশ নকৰা ভাৰতীয় বিষয়াৰ সৈতে সহযোগিতা কৰিছিল বুলি অভিযোগ কৰা হয়।

লগতে পঢ়কঃ পতঞ্জলিৰ ১৪টা সামগ্ৰীৰ অনুজ্ঞাপত্ৰ বাতিল; ৰামদেৱৰ বিৰুদ্ধে দাখিল অপৰাধমূলক গোচৰ

ৱাশ্বিংটন পোষ্টে এই “চিচি-১”ক বিক্ৰম যাদৱ বুলি চিনাক্ত কৰিছে।

ভাৰতে এই অভিযোগসমূহক “চৰকাৰী নীতিৰ বিৰুদ্ধ” বুলি অভিহিত কৰি ধাৰাবাহিকভাৱে ইয়াক অস্বীকাৰ কৰি আহিছে।