ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াইছে সদ্য প্ৰকাশিত “ভাৰতত হাতীৰ অৱস্থা: হাতীৰ ডি এন এ ভিত্তিক সমকালীন সৰ্বভাৰতীয় জনসংখ্যাৰ অনুমান” নামৰ প্ৰতিবেদনখনে। এই প্ৰতিবেদন অনুসৰি, ভাৰতত বৰ্তমান প্ৰায় ২২,৪৬৬ টা হাতী আছে আৰু ইয়াৰে ৫৯.২৯% হাতী কৰ্ণাটক, অসম আৰু তামিলনাডুত থকা বুলি উল্লেখ কৰিছে।
প্ৰথমবাৰৰ বাবে দেশজুৰি ডি এন এ ভিত্তিক মাৰ্ক-ৰিকেপচাৰ পদ্ধতি ব্যৱহাৰ কৰি এই গণনা সম্পন্ন কৰা হৈছে, যাৰ ফলত বাঘৰ জনসংখ্যাৰ দৰে হাতীৰ সংখ্যাও বৈজ্ঞানিকভাৱে নিৰূপণ কৰে।
প্ৰতিবেদন অনুসৰি —
কৰ্ণাটকত ৬,০১৩ টা হাতী (ৰেঞ্জ ৪,৭৯২-৭,২৩৫),
অসমত ৪,১৫৯ টা (ৰেঞ্জ ৩,৩৯৫-৪,৯২৪),
আৰু তামিলনাডুত ৩,১৩৬ টা (ৰেঞ্জ ২,৬৮৮-৩,৫৮৫) হাতীৰ উপস্থিতি নিশ্চিত কৰা হৈছে।
এই তিনিখন ৰাজ্যতেই মুঠ ১৩,৩০৮ টা হাতী, অৰ্থাৎ দেশৰ মুঠ হাতীৰ প্ৰায় ৬০%ৰ অধিক, বসবাস কৰে।
ইয়াৰ উপৰিও, পশ্চিম ঘাটৰ অন্তৰ্গত কৰ্ণাটক, তামিলনাডু আৰু কেৰালাত মুঠ ১১,৯৩৪ টা হাতী থাকে, যি ৰাষ্ট্ৰৰ মুঠ হাতীৰ ৫৩.১৭%। অন্যহাতে, উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্য আৰু উত্তৰ পশ্চিম বংগৰ অঞ্চলত ৬,৫৫৯ টা হাতী, অৰ্থাৎ ২২.২২%, হাতী বসবাস কৰে। এই অঞ্চলক “হাতীৰ দুৰ্গ” হিচাপে বৰ্ণনা কৰা হৈছে।
প্ৰতিবেদনখনত আৰু উল্লেখ আছে যে—
শিৱলিক পাহাৰ আৰু গংগা সমভূমি অঞ্চলত (উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ) হাতীৰ ৯.১৮% বসতি।
মধ্য ভাৰত আৰু পূব ঘাটত (অন্ধ্ৰপ্ৰদেশ, দক্ষিণ পশ্চিম বংগ) প্ৰায় ৮.৪২% হাতীৰ উপস্থিতি লক্ষ্য কৰে।
অধ্যয়নখন তিনিটা পৰ্যায়ত সম্পন্ন কৰা হৈছিল—
প্ৰথম পৰ্যায়ত ভূমি জৰীপৰ জৰিয়তে বনাঞ্চলত হাতীৰ উপস্থিতি মানচিত্ৰ তৈয়াৰ কৰা হয়।
দ্বিতীয় পৰ্যায়ত বাসস্থানৰ কাৰক যেনে গছ-গছনিৰ আৱৰণ, বনাঞ্চলৰ আকাৰ, মানুহৰ প্ৰভাৱ, পোহৰৰ পৰা দূৰত্ব আদি মূল্যায়ন কৰা হয়।
তৃতীয় পৰ্যায়ত ডি এন এ ভিত্তিক বিশ্লেষণৰ বাবে ২১,০৫৬ বিধ গোবৰৰ নমুনা সংগ্ৰহ কৰি জনসংখ্যাৰ ঘনত্ব গণনা কৰা হয়।
বিশেষজ্ঞসকলে কয়, এই অধ্যয়নে ভাৰতৰ হাতী সংৰক্ষণ নীতিৰ বাবে এক নতুন দিশ প্ৰদান কৰিছে। তেওঁলোকে লগতে হাতীৰ বাসস্থান সুৰক্ষিত কৰা আৰু মানুহ-হাতীৰ সংঘাত হ্ৰাস কৰাৰ দিশে চৰকাৰী পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে।





