• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰতৰ মুঠ হাতীৰ ৬০% আছে হাতী কৰ্ণাটক, অসম আৰু তামিলনাডুতঃ প্ৰতিবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 15, 2025 2:40 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ তথ্য আগবঢ়াইছে সদ্য প্ৰকাশিত “ভাৰতত হাতীৰ অৱস্থা: হাতীৰ ডি এন এ ভিত্তিক সমকালীন সৰ্বভাৰতীয় জনসংখ্যাৰ অনুমান” নামৰ প্ৰতিবেদনখনে। এই প্ৰতিবেদন অনুসৰি, ভাৰতত বৰ্তমান প্ৰায় ২২,৪৬৬ টা হাতী আছে আৰু ইয়াৰে ৫৯.২৯% হাতী কৰ্ণাটক, অসম আৰু তামিলনাডুত থকা বুলি উল্লেখ কৰিছে।

প্ৰথমবাৰৰ বাবে দেশজুৰি ডি এন এ ভিত্তিক মাৰ্ক-ৰিকেপচাৰ পদ্ধতি ব্যৱহাৰ কৰি এই গণনা সম্পন্ন কৰা হৈছে, যাৰ ফলত বাঘৰ জনসংখ্যাৰ দৰে হাতীৰ সংখ্যাও বৈজ্ঞানিকভাৱে নিৰূপণ কৰে।

Apply Now

প্ৰতিবেদন অনুসৰি —

কৰ্ণাটকত ৬,০১৩ টা হাতী (ৰেঞ্জ ৪,৭৯২-৭,২৩৫),

অসমত ৪,১৫৯ টা (ৰেঞ্জ ৩,৩৯৫-৪,৯২৪),

আৰু তামিলনাডুত ৩,১৩৬ টা (ৰেঞ্জ ২,৬৮৮-৩,৫৮৫) হাতীৰ উপস্থিতি নিশ্চিত কৰা হৈছে।

এই তিনিখন ৰাজ্যতেই মুঠ ১৩,৩০৮ টা হাতী, অৰ্থাৎ দেশৰ মুঠ হাতীৰ প্ৰায় ৬০%ৰ অধিক, বসবাস কৰে।

ইয়াৰ উপৰিও, পশ্চিম ঘাটৰ অন্তৰ্গত কৰ্ণাটক, তামিলনাডু আৰু কেৰালাত মুঠ ১১,৯৩৪ টা হাতী থাকে, যি ৰাষ্ট্ৰৰ মুঠ হাতীৰ ৫৩.১৭%। অন্যহাতে, উত্তৰ-পূব ভাৰতৰ সাতখন ৰাজ্য আৰু উত্তৰ পশ্চিম বংগৰ অঞ্চলত ৬,৫৫৯ টা হাতী, অৰ্থাৎ ২২.২২%, হাতী বসবাস কৰে। এই অঞ্চলক “হাতীৰ দুৰ্গ” হিচাপে বৰ্ণনা কৰা হৈছে।

প্ৰতিবেদনখনত আৰু উল্লেখ আছে যে—

শিৱলিক পাহাৰ আৰু গংগা সমভূমি অঞ্চলত (উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, বিহাৰ) হাতীৰ ৯.১৮% বসতি।

মধ্য ভাৰত আৰু পূব ঘাটত (অন্ধ্ৰপ্ৰদেশ, দক্ষিণ পশ্চিম বংগ) প্ৰায় ৮.৪২% হাতীৰ উপস্থিতি লক্ষ্য কৰে।

অধ্যয়নখন তিনিটা পৰ্যায়ত সম্পন্ন কৰা হৈছিল—

প্ৰথম পৰ্যায়ত ভূমি জৰীপৰ জৰিয়তে বনাঞ্চলত হাতীৰ উপস্থিতি মানচিত্ৰ তৈয়াৰ কৰা হয়।

দ্বিতীয় পৰ্যায়ত বাসস্থানৰ কাৰক যেনে গছ-গছনিৰ আৱৰণ, বনাঞ্চলৰ আকাৰ, মানুহৰ প্ৰভাৱ, পোহৰৰ পৰা দূৰত্ব আদি মূল্যায়ন কৰা হয়।

তৃতীয় পৰ্যায়ত ডি এন এ ভিত্তিক বিশ্লেষণৰ বাবে ২১,০৫৬ বিধ গোবৰৰ নমুনা সংগ্ৰহ কৰি জনসংখ্যাৰ ঘনত্ব গণনা কৰা হয়।

বিশেষজ্ঞসকলে কয়, এই অধ্যয়নে ভাৰতৰ হাতী সংৰক্ষণ নীতিৰ বাবে এক নতুন দিশ প্ৰদান কৰিছে। তেওঁলোকে লগতে হাতীৰ বাসস্থান সুৰক্ষিত কৰা আৰু মানুহ-হাতীৰ সংঘাত হ্ৰাস কৰাৰ দিশে চৰকাৰী পৰিকল্পনাৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

এফ বি আইৰ ম’ষ্ট ৱাণ্টেড তালিকাত থকা ভাৰতীয় মূলৰ গেংষ্টাৰ নীতিশ কৌশলক আমেৰিকাত গ্ৰেপ্তাৰ

July 17, 2026 10:01 am
আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd