NORTHEAST NOW (Assamese)

চীনৰ সৈতে সংঘাত; ভাৰত মহাসাগৰত ভাৰতে সাজু কৰি ৰাখিছে ১২০ খনতকৈও অধিক যুদ্ধ জাহাজ

December 12, 2020 8:53 am · এন ই নাও নিউজ

প্ৰতিৰক্ষা বিভাগৰ মুৰব্বী (চিডিএছ) জেনেৰেল বিপিন ৰাৱাটে ভাৰত মহাসাগৰত ভাৰতে যিকোনো ধৰণৰ অভিযানৰ বাবে ১২০ খনতকৈ অধিক যুদ্ধ জাহাজ সাজু কৰি ৰাখিছে বুলি শুকুৰবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

ভাৰতে ভাৰত মহাসাগৰ অঞ্চলত শান্তি-সম্প্ৰীতি অব্যাহত ৰখাৰ স্বাৰ্থতে এনেদৰে শতাধিক যুদ্ধ জাহাজ সাজু কৰি ৰাখিছে বুলিও জেনেৰেল বিপিন ৰাৱাটে কয়।

গ্ল’ৱেল ডাইলগ চিকিউৰিটি ছামিটত অংশগ্ৰহণ কৰি জেনেৰেল ৰাৱাটে এনেধৰণে মন্তব্য কৰাৰ লগতে ইণ্ডিয়া-এছিয়ানৰ দৰে বহুপাক্ষিক ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

চীনৰ প্ৰতি আঙুলি টোৱাই চীনে ভাৰত মহাসাগৰ অঞ্চলত ক্ৰমাৎ নিজৰ সৈন্য বাহিনী বৃদ্ধিৰে প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰা বাবেই ভাৰতে নিজৰ সুৰক্ষা তথা সমগ্ৰ অঞ্চলটোৰ শান্তিৰ স্বাৰ্থত যুদ্ধ জাহাজৰ সংখ্যা বৃদ্ধি কৰিবলগীয়া হৈছে বুলিও চিডিএছ গৰাকীয়ে কয়।

উল্লেখযোগ্য যে, ভাৰত-চীন সীমান্তৰ লাডাখত দুয়োখন দেশৰ মাজত সামৰিক উত্তেজনা অব্যাহত থকাৰ সময়তে দুয়োখন দেশে ভাৰত মহাসাগৰতো নিজৰ সামৰিক শক্তি বৃদ্ধিৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

কিছুদিন পূৰ্বে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ভাৰত-চীনৰ মাজত সীমান্তত উত্তেজনা বৃদ্ধিৰ বাবে মূলত চীনক দোষী বুলি অভিহিত কৰাৰ পাছতে চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা ভাৰতৰ বাবেহে সীমান্ত অস্থিৰ হৈ পৰিছে বুলি উত্তৰ দিয়ে।

Related News