• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশত ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহ: তাপমাত্ৰা বৃদ্ধি আৰু কম বৰষুণৰ আশংকা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
May 20, 2026 12:25 pm
88
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে সমগ্ৰ ভাৰতবৰ্ষৰ বিস্তীৰ্ণ অঞ্চল এক ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহৰ কৱলত পৰে। দেশৰ প্ৰধান চহৰসমূহত তাপমাত্ৰা স্বাভাৱিকতকৈ বহু পৰিমাণে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ৰাজধানী দিল্লীত তাপমাত্ৰা ৪২ ৰ পৰা ৪৪ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থকাৰ বিপৰীতে উত্তৰ প্ৰদেশৰ বান্দাত ক্ৰমাগত দ্বিতীয় দিনৰ বাবে সৰ্বোচ্চ তাপমাত্ৰা ৪৭.৬ ডিগ্ৰীলৈ বৃদ্ধি পাইছে। একেদৰে মহাৰাষ্ট্ৰৰ বিদৰ্ভৰ লগতে আহমেদাবাদ আৰু নাগপুৰত পাৰা ৪১ ৰ পৰা ৪৩ ডিগ্ৰী আৰু জয়পুৰ তথা লক্ষ্ণৌত ৪০-৪১ ডিগ্ৰী চেলছিয়াছ ৰেকৰ্ড কৰা হৈছে।

এন ডি টিভিত প্ৰকাশিত প্ৰতিবেদন অনুসৰি দক্ষিণ ভাৰতৰ হায়দৰাবাদ আৰু চেন্নাইৰ লগতে উপকূলীয় চহৰ মুম্বাই আৰু কলকাতাতো দিনৰ ভাগত তাপমাত্ৰা ত্ৰিশ ডিগ্ৰীৰ ঊৰ্ধ্বত থকাৰ লগতে অতিমাত্ৰা আৰ্দ্ৰতাৰ বাবে অস্বস্তিকৰ পৰিৱেশ বিৰাজ কৰিছে। আনকি দিল্লী আৰু জম্মু-কাশ্মীৰৰ দৰে অঞ্চলত নিশাৰ সৰ্বনিম্ন তাপমাত্ৰাও স্বাভাৱিকতকৈ ৫ ডিগ্ৰী চেলছিয়াছ অধিক হোৱাৰ ফলত ৰাইজে গৰমৰ পৰা কোনো ধৰণৰ সকাহ পোৱা নাই। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি, উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতৰ ৰাজ্যসমূহত আগন্তুক কেইবাদিনলৈকে এই তীব্ৰ গ্ৰীষ্মপ্ৰৱাহ অব্যাহত থকাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু একাংশ ঠাইত তাপমাত্ৰা ৪৫ ডিগ্ৰী অতিক্ৰম কৰিব পাৰে। অৱশ্যে দক্ষিণ ভাৰতত দিনৰ ভাগত গৰম আৰু নিশা অস্বস্তিকৰ পৰিৱেশ থাকিলেও উত্তৰ-পূব আৰু পূব ভাৰতৰ একাংশ স্থানত বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনা আছে।

Apply Now

বিশেষজ্ঞসকলৰ মতে, এপ্ৰিল আৰু মে’ মাহৰ স্বাভাৱিক উষ্ণতাৰ লগতে ‘আৰ্বান হিট আইলেণ্ড’ প্ৰভাৱৰ বাবে চহৰাঞ্চলৰ তাপমাত্ৰা গ্ৰামাঞ্চলতকৈ ১০ ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে। ইয়াৰ উপৰি সেউজ আৱৰণ ধ্বংস কৰি কংক্ৰিটৰ অট্টালিকা নিৰ্মাণ, অপৰ্যাপ্ত প্ৰাক-মৌচুমী বৰষুণ আৰু মানৱসৃষ্ট কাৰণত হোৱা গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে কাৰকসমূহে এই পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। ইয়াৰ সমান্তৰালভাৱে, গোলকীয় পৰ্যায়ত ‘এল নিনো’ সক্ৰিয় হোৱাৰ বাবেও ভাৰতত গ্ৰীষ্মপ্ৰৱাহ বৃদ্ধি পোৱা বুলি বিশ্ব বতৰ বিজ্ঞান সংস্থাই উল্লেখ কৰিছে আৰু মে’ মাহৰ পৰা আগষ্ট মাহৰ ভিতৰত ইয়াৰ প্ৰভাৱ সৰ্বাধিক হোৱাৰ আশংকা প্ৰকাশ কৰিছে। বিগত ২০২৪ বৰ্ষটো ইতিহাসৰ আটাইতকৈ উষ্ণ বৰ্ষ হোৱাৰ আঁৰতো এই এল নিনোৰেই প্ৰভাৱ আছিল।

এই এল নিনোৰ প্ৰভাৱত ২০২৬ বৰ্ষৰ দক্ষিণ-পশ্চিম মৌচুমী বতাহ দুৰ্বল হোৱাৰ আশংকা কৰা হৈছে আৰু সমগ্ৰ দেশত স্বাভাৱিকতকৈ কম অৰ্থাৎ দীৰ্ঘম্যাদী গড়ৰ ৯২ শতাংশ বৰষুণ হোৱাৰ পূৰ্বানুমান কৰা হৈছে। এই প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসালয়সমূহক যিকোনো পৰিস্থিতিৰ বাবে সাজু কৰি ৰখাৰ লগতে চৰকাৰৰ তৰফৰ পৰা জনসাধাৰণক পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু দিনৰ ভাগত বাহিৰলৈ ওলোৱাৰ পৰা বিৰত থাকিবলৈ স্বাস্থ্য সম্পৰ্কীয় পৰামৰ্শ প্ৰদান কৰা হৈছে। আনহাতে, গ্ৰামাঞ্চলত কৃষকসকলেও শস্য আৰু পশুধনক এই তীব্ৰ গৰমৰ পৰা ৰক্ষা কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে।

বৰ্তমান সমগ্ৰ দেশবাসীয়ে গ্ৰীষ্মপ্ৰৱাহৰ পৰা পৰিত্ৰাণ পাবলৈ পশ্চিমীয়া বতাহ আৰু মৌচুমী বতাহৰ আগমনলৈ বাট চোৱাৰ বাহিৰে গত্যন্তৰ নাই। পৰিস্থিতি উন্নত নোহোৱালৈকে আটাইতকৈ বেছি প্ৰভাৱিত হোৱা সমতল অঞ্চলৰ বাসিন্দাসকলক স্বাস্থ্য আৰু অৰ্থনৈতিক ক্ষতি হ্ৰাস কৰিবলৈ প্ৰয়োজনীয় প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰি চলিবলৈ আহ্বান জনোৱা হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd