• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিপদৰ সময়ত বাংলাদেশৰ কাষত ভাৰত, নুমলীগড় তেল শোধনাগাৰৰ পৰা যাব ডিজেল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2026 3:10 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিম এছিয়াৰ যুদ্ধই সমগ্ৰ বিশ্বতে ইন্ধন তেলৰ তীব্ৰ সংকটৰ সৃষ্টি কৰিছে। বিশেষকৈ হৰমুজ জলদ্বীপ বন্ধ হৈ পৰাৰ ফলত ভাৰতৰ দৰে দেশসমূহেও তেল আমদানিৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। এই পৰিস্থিতিত চুবুৰীয়া দেশ বাংলাদেশৰ অৱস্থা অত্যন্ত শোচনীয় হৈ পৰিছে। তীব্ৰ ইন্ধন নাটনিৰ সন্মুখীন হোৱা বাংলাদেশক সহায় কৰিবলৈ এতিয়া আগবাঢ়ি আহিছে ভাৰত। এজন প্ৰকৃত বন্ধুৰ দায়িত্ব পালন কৰি ভাৰতে বাংলাদেশক ১ লাখ ৮০ হাজাৰ মেট্ৰিক টন ডিজেল যোগান ধৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ অংশ হিচাপে মঙলবাৰে অসমৰ নুমলীগড় তেল শোধনাগাৰৰ পৰা ৫ হাজাৰ মেট্ৰিক টন ডিজেল পাইপলাইনৰ জৰিয়তে বাংলাদেশলৈ প্ৰেৰণ কৰা হয়।

এই সংকটকালত দেশখনত ইন্ধনৰ যোগান নিশ্চিত কৰিবলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে জৰুৰীভাৱে ভাৰতৰ সহায় বিচাৰিছিল। বিশেষকৈ আগন্তুক চাৰি মাহৰ বাবে পাইপলাইনৰ জৰিয়তে অতিৰিক্ত ৫০ হাজাৰ মেট্ৰিক টন ডিজেল বিচাৰি যোৱা ৮ মাৰ্চত বাংলাদেশৰ বিত্তমন্ত্ৰীয়ে ভাৰতীয় উচ্চায়ুক্ত প্ৰণয় ভাৰ্মাক আনুষ্ঠানিকভাৱে অনুৰোধ জনাইছিল। ভাৰতে এই অনুৰোধৰ প্ৰতি সঁহাৰি জনাই ততাতৈয়াকৈ ডিজেল প্ৰেৰণৰ ব্যৱস্থা কৰে। উল্লেখযোগ্য যে পূৰ্বৰ চুক্তি অনুসৰি ২০২৬ চনৰ ডিচেম্বৰলৈকে নুমলীগড়ৰ পৰা ডিজেল আমদানিৰ কথা আছিল যদিও মাজতে কূটনৈতিক কাৰণত এই প্ৰক্ৰিয়া স্তব্ধ হৈ পৰিছিল। কিন্তু বাংলাদেশত নতুন চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত দুয়োখন দেশৰ সম্পৰ্ক পুনৰ স্বাভাৱিক হৈছে আৰু ভাৰতে বন্ধুত্বৰ হাত আগবঢ়াইছে।

Apply Now

বৰ্তমান বাংলাদেশত তেলৰ সংকটে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি দেশখনত তেলৰ ব্যৱহাৰত চৰকাৰে কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰিছে। এতিয়াৰে পৰা বাইকৰ বাবে মাত্ৰ ২ লিটাৰ আৰু ব্যক্তিগত গাড়ীৰ বাবে ১০ লিটাৰকৈ তেল ধাৰ্য কৰি দিয়া হৈছে। ইন্ধন আৰু শক্তি ৰাহি কৰিবলৈ বিশ্ববিদ্যালয়সমূহ বন্ধ কৰি দিয়াৰ লগতে ঈদৰ বন্ধও আগতীয়াকৈ ঘোষণা কৰা হৈছে। ইফালে বজাৰত ৰন্ধন গেছৰ ক’লা বেহা বৃদ্ধি পাইছে আৰু ইয়াৰ দাম স্বাভাৱিকতকৈ দুই-তিনি গুণ বৃদ্ধি পাইছে। তেল পাম্পসমূহৰ সন্মুখত গ্ৰাহকৰ দীঘলীয়া শাৰীয়ে দেশখনৰ বৰ্তমানৰ দুৰৱস্থাৰ কথাকে প্ৰমাণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm
যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

যমৰাজৰ বেশত বীৰেন্দ্ৰ ছেহৱাগ; ক্ৰিকেট এৰি নতুন ইনিংছ আৰম্ভ প্ৰাক্তন ভাৰতীয় তাৰকাৰ

September 17, 2026 5:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd