NORTHEAST NOW (Assamese)

কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ হাৰ: ব্ৰিটেইনক অতিক্ৰমি এইবাৰ চতুৰ্থ স্থানত ভাৰত

June 12, 2020 10:27 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

লকডাউন শিথিলৰ পাছতে ভাৰতত দ্ৰুতভাৱে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ হাৰ। বৃহস্পতিবাৰেই কৰ’না আক্ৰান্তৰ হাৰত ভাৰতে অতিক্ৰম কৰিছে ব্ৰিটেইনক।

কৰ’না আক্ৰান্তৰ হাৰ হিচাপে বিশ্বৰ চতুৰ্থ স্থানলৈ উন্নীত হৈছে ভাৰত।

বৃহস্পতিবাৰে সন্ধিয়ালৈকে ব্ৰিটেইনত আক্ৰান্তৰ সংখ্যা আছিল ২ লাখ ৯১ হাজাৰ ৫৮৮জন। আনহাতে, তৃতীয় স্থানত থকা ৰাছিয়াত আক্ৰান্তৰ সংখ্যা হৈছে ৪লাখ ৯৩হাজাৰ।

সেইদৰে দ্বিতীয় স্থানত থকা ব্ৰাজিলত আক্ৰান্তৰ সংখ্যা হৈছে ৭লাখ ৭২হাজাৰ আৰু প্ৰথম স্থানত থকা আমেৰিকাত এই সংখ্যা ২০ লাখতকৈয়ো অধিক।

আনহাতে, ভাৰতত বৃহস্পতিবাৰে সন্ধিয়ালৈকে মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ২ লাখ ৯৫হাজাৰ ৭৭২জন।

লকডাউনৰ সময়ছোৱাত ভাৰতত কৰ’নাৰ সংক্ৰমণৰ হাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত আছিল।

যোৱা ২৪ তাৰিখে বিশ্বৰ কৰ’না আক্ৰান্ত দেশৰ তালিকাৰ দশম স্থানত আছিল ভাৰত। মাত্ৰ ১৮দিনৰ ভিতৰতে চাৰি নম্বৰ স্থানলৈ আহিল ভাৰত।

উল্লেখ্য যে লকডাউন আৰম্ভ হোৱা যোৱা ২৫মাৰ্চত ভাৰতত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা আছিল মাত্ৰ ৫০০জন আৰু ১০জন লোকৰ মৃত্যু হৈছিল।

কিন্তু আনলক-১ আৰম্ভ হোৱাৰ পাছৰে পৰা দ্ৰুতগতিত বৃদ্ধি পাইছে। বৃহস্পতিবাৰে সন্ধিয়ালৈ মাত্ৰ ২৪ঘন্টাৰ ভিতৰত অভিলেখসংখ্যক ৯হাজাৰ ৯৯৬জন লোক কৰ’নাত আক্ৰান্ত হৈছে।

দেশৰ দিল্লী, মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যত কৰ’নাৰ আতংকই জনজীৱন বিধ্বস্ত কৰি তুলিছে।

Related News