NORTHEAST NOW (Assamese)

টছত জয়ী হৈ বলিঙৰ সিদ্ধান্ত ইংলেণ্ডৰ; পঞ্চম টেষ্টত খেলা নাই বুমৰাহ, আৰম্ভণিতে উইকেট হেৰুৱালে ভাৰতে

July 31, 2025 4:13 pm · এন ই নাও নিউজ, গুৱাহাটী

শৃংখলাৰ পঞ্চমখন টেষ্টত মুখামুখি হৈছে ভাৰত আৰু ইংলেণ্ড দল। ইংলেণ্ডে দুখন মেচত জয়লাভ কৰি শৃংখলাত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে ভাৰতে মাত্ৰ এখন মেচত জয়লাভ কৰিবলৈ সক্ষম হৈছে।

লণ্ডনৰ অ’ভেলত ইংলেণ্ডে টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লৈছে। একেৰাহে পঞ্চমবাৰৰ বাবে টছত পৰাস্ত হৈছে ভাৰত।

ইংলেণ্ডৰ অধিনায়ক বেন ষ্ট’কছ কান্ধৰ আঘাতৰ বাবে এই টেষ্টৰ পৰা আঁতৰি আছে। তেওঁৰ ঠাইত ইংলেণ্ডৰ অধিনায়ক হিচাপে আছে অলি পোপ।

টছত জয়ী হোৱাৰ পিছত পোপে কয় যে ডাৱৰীয়া বতৰৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছে।

ইয়াৰ উপৰিও জোফ্ৰা আৰ্চাৰ, ব্ৰাইডন কাৰ্ছ আৰু লিয়াম ড’ছনেও ইংলেণ্ড দলত খেলা নাই।

তেওঁলোকৰ ঠাইত গাছ এটকিনছন, জোচে টংগু আৰু জেমী অভাৰটনে স্থান লাভ কৰিছে।

ভাৰতীয় অধিনায়ক শুবমান গিলে কয় যে তেওঁৰ বলাৰসকল এই মেচৰ বাবে সাজু। এই মেচখনৰ বাবে ভাৰতে দলত চাৰিটা পৰিৱৰ্তন আনিছে।

ঋষভ পন্তৰ ঠাইত ধ্ৰুৱ জুৰেলে, শাৰ্দুল ঠাকুৰৰ ঠাইত কৰুণ নায়াৰ, প্ৰসিদ্ধ কৃষ্ণ আৰু আকাশদীপে ক্ৰমে যশপ্ৰীত বুমৰা আৰু অংশুল কম্বোজৰ ঠাইত স্থান লাভ কৰিছে।

ইতিমধ্যে খেল আৰম্ভ হৈছে আৰু ভাৰতে আৰম্ভণিতে যশস্বী জয়ছোৱালৰ উইকেট হেৰুৱাইছে।

Related News