দহ বছৰ আগতে ভাৰতীয় টকাৰ চেহেৰা সলনি হৈছিল। পৰম্পৰাগত ‘প্ৰিণ্টেড ৰং’ কমলা, গোলাপী, নীলা আদি উজ্জ্বল ৰঙলৈ সলনি হৈছিল। এটা দশকৰ পাছত আকৌ টকাৰ চেহেৰা সলনি কৰাৰ চিন্তা কৰা হৈছে। যোৱা কেইবছৰমানৰ পৰা নগদ ধনৰ চাহিদা বৃদ্ধিৰ সৈতে মোকাবিলা কৰিবলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকে এতিয়া প্লাষ্টিকৰ নোট ছপা কৰাৰ কথা চিন্তা কৰিছে।
দিল্লীৰ সূত্ৰৰ মতে, পাটনা আৰু মুম্বাইত অনুষ্ঠিত হোৱা ৰিজাৰ্ভ বেংকৰ যোৱা দুখন ব’ৰ্ড বৈঠকত প্লাষ্টিক বা পলিমাৰৰ বেংকনোট ছপা কৰাৰ বিষয়টো আলোচনা কৰা হৈছিল। বেংকনোট ছপাৰ খৰচ ৰাহি কৰাটোক অগ্ৰাধিকাৰ দিয়া হৈছে। তদুপৰি প্লাষ্টিক দীৰ্ঘদিন ধৰি অক্ষত অৱস্থাত থকা কথা মনত ৰাখিয়েই এনে সিদ্ধান্ত লোৱা হৈছিল। অতি সোনকালে এই বিষয়ে ঘোষণা হ’ব পাৰে।
ৰিজাৰ্ভ বেংকৰ এক সূত্ৰৰ উদ্ধৃতি দি ‘বিজনেছ ষ্টেণ্ডাৰ্ড’য়ে কয় যে কাগজৰ নোট ছপা কৰাৰ খৰচৰ কথা মনত ৰাখিলে পলিমাৰ বেংকনোট বহুত বেছি লাভজনক। লগতে এটিএমতো পলিমাৰ ভিত্তিক বেংকনোট বিতৰণ কৰিব পাৰিব। বৰ্তমান ভাৰতৰ এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ ক্ষমতা আছে।
পলিমাৰ নোটসমূহ এক বিশেষ ধৰণৰ প্লাষ্টিকৰ দ্বাৰা তৈয়াৰ কৰা হয়। এই ধৰণৰ নোটক প্লাষ্টিকৰ মানি বা প্লাষ্টিকৰ নোট বোলা হয়। এই ক্ষেত্ৰত বিশেষকৈ Biaxially Oriented Polypropylene ছিন্থেটিক প্লাষ্টিক ব্যৱহাৰ কৰা হয়, যিটো পাতল, স্বচ্ছ আৰু নমনীয় চিট তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়। স্বচ্ছ চিটৰ ওপৰত ৰঙৰ প্ৰলেপ দিয়া হয়। ইয়াৰ পিছত ডিজাইন কৰা হয়। এই ধৰণৰ নোট সহজে ফাটি নাযায়, জৰাজীৰ্ণ নহয়।
হিচাপ অনুসৰি, ২০২৪-২৫ বিত্তীয় বৰ্ষত কাগজৰ নোট ছপা কৰাত ৬৩৭২.৮ কোটি টকা ব্যয় কৰা হৈছে। ২০২৩-২৪ বিত্তীয় বৰ্ষত ৫১০১.৪ কোটি টকা ব্যয় হৈছিল। ২০২৫ চনত ৰিজাৰ্ভ বেংকে দিয়া প্ৰতিবেদনত কোৱা হৈছিল যে চাহিদা বৃদ্ধিৰ বাবে নোট ছপাৰ খৰচ বৃদ্ধি পাইছে।
ৰিজাৰ্ভ বেংকে অনুভৱ কৰিছে যে বেংকনোটৰ স্থায়িত্ব বৃদ্ধিৰ বাবে পলিমাৰ ব্যৱহাৰ কৰিব লাগে। কাৰণ এনে ব্যৱহাৰৰ বাবে কাগজৰ নোটবোৰ সোনকালে জৰাজীৰ্ণ হৈ পৰে। বহু পৰিমাণে ধ্বংস হৈ যায়। পৰিসংখ্যা অনুসৰি ২০২৫ চনত ২৩.৮ বিলিয়ন জৰাজীৰ্ণ কাগজৰ নোট বাতিল কৰিবলগীয়া হৈছিল। ২০২৫ চনত সেই সংখ্যা আছিল ২১.২৪ বিলিয়ন, অৰ্থাৎ ২০২৫ চনত ১২.৩ শতাংশ আৰু জৰাজীৰ্ণ নোট বাতিল কৰিবলগীয়া হৈছিল। বাতিল কৰিবলগীয়া কাগজৰ নোটৰ ভিতৰত গৰিষ্ঠসংখ্যক আছিল ৫০০ টকীয়া নোট। দ্বিতীয় স্থানত ১০০ টকীয়া নোট।
ইয়াৰ পৰা আৰু এটা কথা স্পষ্ট যে ডিজিটেল লেনদেনক যিমানেই গুৰুত্ব দিয়া নহওক কিয়, বজাৰত নগদ ধনৰ চাহিদা কমি যোৱাৰ পৰিৱৰ্তে বৃদ্ধি পাইছে। ১৫ মে’লৈকে বজাৰত ৪,২৮৬,০০০ কোটি মুদ্ৰা আছে, যিটো এতিয়ালৈকে সৰ্বাধিক। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম ডেৰ মাহত বজাৰত প্ৰচলিত মুদ্ৰাৰ পৰিমাণ ১১০০০০ কোটিলৈ বৃদ্ধি পাইছে।
ইয়াৰ পৰা দেখা যায় যে ডিজিটেল লেনদেনৰ যুগতো নগদ ধনৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। যোৱা কেইবছৰমানৰ পৰা বিশেষকৈ ১০ টকীয়া আৰু ২০ টকীয়া নোটৰ চাহিদা বৃদ্ধি পাইছে। যদিও কম মূল্যৰ নোটৰ পৰিমাণ সেই পৰিমাণ বৃদ্ধি হোৱা নাই। বিগত দুবছৰত বজাৰত ১০ টকীয়া নোট মুঠ ০.৭ শতাংশ, ২০ টকীয়া নোটৰ ০.৮ শতাংশ আছিল। ৰিজাৰ্ভ বেংকে ১০ আৰু ২০ টকীয়া মুদ্ৰাও প্ৰৱৰ্তন কৰিছে। কিন্তু মুদ্ৰাৰ ব্যৱহাৰ ইমান বৃদ্ধি হোৱা নাই। ২০২৪ চনত ১২০ কোটি মুদ্ৰা যোগান ধৰা হৈছিল। ২০২৫ চনত ১৫০ কোটিলৈ বৃদ্ধি পালে। ইয়াৰে ৫ টকাৰ মুদ্ৰা ৮০ কোটি, আৰু ২০ টকাৰ মুদ্ৰা ৪০ কোটি।
কিন্তু প্লাষ্টিক বা পলিমাৰ নোটৰ প্ৰৱৰ্তনৰ ধাৰণাটো প্ৰথমবাৰৰ বাবে বিবেচনা কৰা হোৱা নাছিল। ২০১২ চনত তেতিয়াৰ ইউ পি এ চৰকাৰে পৰীক্ষামূলক ভিত্তিত পলিমাৰ পদাৰ্থৰে নিৰ্মিত নোট প্ৰৱৰ্তনৰ সিদ্ধান্ত লয়। প্ৰথম পৰ্যায়ত ১০০ কোটি টকাৰ পলিমাৰ ভিত্তিক নোট প্ৰৱৰ্তনৰ ধাৰণা গ্ৰহণ কৰা হয়। কিন্তু জাল নোট ৰোধ কৰিবলৈ নহয়, মুদ্ৰাৰ স্থায়িত্ব বৃদ্ধিৰ বাবেহে এই ধাৰণা গ্ৰহণ কৰা হৈছিল। কিন্তু কাৰিকৰী সীমাবদ্ধতাৰ বাবে সেই সময়ত কাৰ্যকৰী নহ’ল। সময়ৰ লগে লগে সেই কাৰিকৰী সীমাবদ্ধতাবোৰ অতিক্ৰম কৰা হৈছে। এতিয়া এটিএমে প্লাষ্টিক বা পলিমাৰৰ নোট চিনাক্ত কৰিবলৈ সক্ষম হৈ পৰিছে।
পলিমাৰ ভিত্তিক বেংকনোট বিশ্বৰ ৬০খন দেশত ব্যৱহাৰ হৈ আছে। ১৯৮৮ চনত অষ্ট্ৰেলিয়াই প্ৰথমে পলিমাৰ ভিত্তিক নোট প্ৰৱৰ্তন কৰে। পিছলৈ ছিংগাপুৰ, ইণ্ডোনেছিয়া, থাইলেণ্ড আৰু মালয়েছিয়াইও ইয়াৰ অনুসৰণ কৰে। ১৯৯৮ চনত ইউৰোপত প্ৰথমবাৰৰ বাবে ৰোমানিয়াই পলিমাৰ ভিত্তিক নোট প্ৰৱৰ্তন কৰিছিল। কানাডাই ২০১১ চনতো ইয়াৰ অনুসৰণ কৰিছিল। আমেৰিকান ডলাৰ বিশেষ কপাহ-লিনেনৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হয়। এতিয়া ভাৰতেও পলিমাৰ ভিত্তিক নোট প্ৰৱৰ্তনৰ কথা চিন্তা কৰিছে।





