• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দেশৰ ৰাজনীতিত দল বাগৰাৰ জোৱাৰ! চাৰি বছৰত ১১১ গৰাকী সাংসদ-বিধায়কে সলালে দল

২০২২ চনৰ পৰা ২০২৬ চনলৈকে হোৱা এই দলবদলৰ তালিকাত সৰ্বাধিক লাভান্বিত হৈছে নাগালেণ্ডৰ এনপিএফ; আনহাতে তৃণমূল কংগ্ৰেছ ত্যাগ কৰি এনচিপিআইত যোগদান কৰা ২০ গৰাকী সাংসদেৰে এই তালিকাত তৃতীয় স্থানত আছে পশ্চিমবঙ্গ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2026 8:10 pm
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
Apply Now

বিগত চাৰি বছৰত সমগ্ৰ দেশজুৰি মুঠ ১১১ গৰাকী সাংসদ আৰু বিধায়কে নিজৰ দল সলনি কৰিছে। ভাৰতৰ নিৰ্বাচন নিৰীক্ষণ সংস্থা ‘এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ’ চমুকৈ এডিআৰৰ শেহতীয়া প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে। ২৪ ছেপ্টেম্বৰত প্ৰকাশিত এই প্ৰতিবেদন অনুসৰি, ২০২২ চনৰ পৰা ২০২৬ চনলৈকে হোৱা এই দলবদলৰ প্ৰক্ৰিয়াত আটাইতকৈ বেছি লাভান্বিত হৈছে নাগালেণ্ডৰ নাগা পিপলছ ফ্ৰণ্ট (এনপিএফ) আৰু কেন্দ্ৰত ক্ষমতাসীন ভাৰতীয় জনতা পাৰ্টি।

এডিআৰৰ তথ্য অনুসৰি, দলবদলৰ জৰিয়তে সৰ্বাধিক লাভান্বিত হোৱা দলটো হৈছে নাগালেণ্ডৰ এনপিএফ। ২০২৫ চনত মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ৰ দল নেচনেল ডেম’ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টি (এনডিপিপি) মূল দল এনপিএফৰ সৈতে চামিল হোৱাৰ ফলত একেবাৰতে ৩২ গৰাকী বিধায়কে দলটোত যোগদান কৰে, যিটো মুঠ দলবদলৰ ২৯ শতাংশ। আনহাতে, দলবদলৰ জৰিয়তে লাভান্বিত হোৱা দলৰ তালিকাত তৃতীয় স্থানত আছে এনচিপিআই। ২০২৬ চনৰ পশ্চিমবঙ্গৰ বিধানসভা নিৰ্বাচনৰ পাছতে চৰকাৰ পৰিৱৰ্তন হোৱাত তৃণমূল কংগ্ৰেছ ত্যাগ কৰা ২০ গৰাকী লোকসভাৰ সাংসদে  এনচিপিআইত যোগদান কৰি বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটক সমৰ্থন আগবঢ়াইছে।

এককভাৱে নেতাসকলৰ যোগদানৰ ক্ষেত্ৰত বিজেপি শীৰ্ষস্থানত আছে যদিও সামগ্ৰিকভাৱে দলটো দ্বিতীয় স্থানত অৱস্থান কৰিছে। যোৱা চাৰি বছৰত মুঠ ২৯ গৰাকী আইনপ্ৰণেতাই বিজেপিত যোগদান কৰিছে (মুঠ দলবদলৰ ২৬ শতাংশ), য’ত কোনো লোকসভাৰ সাংসদ নাই যদিও ৭ গৰাকী ৰাজ্যসভাৰ সাংসদ আৰু ২২ গৰাকী বিধায়ক অন্তৰ্ভুক্ত আছে। উল্লেখযোগ্য যে, ৰাজ্যসভাৰ এই সাতগৰাকী সাংসদ ক্ৰমে ৰাঘৱ চড্ডাৰ লগতে হৰভজন সিং, স্বাতী মালিৱাল, অশোক মিত্তল, সন্দীপ কুমাৰ পাঠক, বিক্ৰমজিৎ সিং আৰু ৰাজিন্দৰ গুপ্তাই আম আদমী পাৰ্টীৰ পৰা গৈ পদ্ম শিবিৰত যোগদান কৰিছে। ইয়াৰ উপৰিও গোৱাৰ ৮ গৰাকী আৰু গুজৰাটৰ ৪ গৰাকী কংগ্ৰেছ বিধায়কৰ লগতে হিমাচল প্ৰদেশৰ দুগৰাকী বিধায়কেও বিজেপিত যোগদান কৰে।

প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, এই ১১১ গৰাকী দলবদলকাৰীৰ ভিতৰত ২১ গৰাকী লোকসভাৰ সাংসদ (৫ শতাংশ), ৭ গৰাকী ৰাজ্যসভাৰ সাংসদ (৩ শতাংশ) আৰু ৭৮ গৰাকী বিধায়ক (২ শতাংশ) আছে। সমগ্ৰ দেশৰ ১৭ খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত এই দলবদল সংঘটিত হৈছে। ৰাজ্যভিত্তিক হিচাপত নাগালেণ্ড (৩২ গৰাকী) শীৰ্ষত থকাৰ বিপৰীতে পশ্চিমবঙ্গ (২০ গৰাকী), তেলেংগানা (৯ গৰাকী), গোৱা (৮ গৰাকী) আৰু পঞ্জাৱ (৮ গৰাকী) পৰৱৰ্তী স্থানসমূহত আছে। আনহাতে, কংগ্ৰেছত ৯ গৰাকী, শিৱসেনাত ৮ গৰাকী, এনপিপিত ৬ গৰাকী আৰু পিপলছ পাৰ্টী অৱ অৰুণাচলত ৪ গৰাকী নেতাই যোগদান কৰিছে।

এই সময়ছোৱাত আটাইতকৈ বেছি সাংসদ আৰু বিধায়কে ত্যাগ কৰা দলকেইটা হৈছে ক্ৰমে নাগালেণ্ডৰ এনডিপিপি, তৃণমূল কংগ্ৰেছ আৰু কংগ্ৰেছ। এই পৰিসংখ্যা দাঙি ধৰি এডিআৰে দেশৰ দলবদল বিৰোধী আইনখন অধিক কঠোৰ আৰু শক্তিশালী কৰাৰ সপক্ষে যুক্তি দৰ্শাইছে। অৱশ্যে, নিৰ্বাচন আয়োগৰ তথ্যভঁৰালত পদ্ধতিগতভাৱে সংৰক্ষিত তথ্যৰ অভাৱৰ বাবে প্ৰকাশিত তালিকাত কিছু ত্ৰুটি থাকিব পাৰে বুলিও সংস্থাটোৱে স্বীকাৰ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd