• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জলবায়ু পৰিৱৰ্তন প্ৰদৰ্শন সূচকাংকত (CCPI) অৱনমিত ভাৰতৰ স্থান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2025 12:02 pm
43
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰসংঘৰ COP30 জলবায়ু সন্মিলনৰ পূৰ্বে প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ২০২৬ চনৰ জলবায়ু পৰিৱৰ্তন প্ৰদৰ্শন সূচকাংক (CCPI)ত ভাৰত ১৩টা স্থানলৈ অৱনমিত হৈ ২৩ নম্বৰ স্থানত উপনীত হৈছে। কয়লাৰ ব্যৱহাৰ ক্ৰমান্বয়ে বন্ধ কৰাৰ (Phase-out) বাবে সুনিৰ্দিষ্ট ৰাষ্ট্ৰীয় সময়সীমাৰ অভাৱকে ইয়াৰ মূল কাৰণ হিচাপে বিবেচনা কৰা হৈছে। কিয়নো নতুন কয়লা ব্লকৰ নিলাম এতিয়াও চলি আছে। চিচিপিআই হৈছে জাৰ্মানৱাচ, নিউক্লাইমেট ইনষ্টিটিউট আৰু ক্লাইমেট একচন নেটৱৰ্কৰ দ্বাৰা প্ৰকাশিত এক বাৰ্ষিক প্ৰতিবেদন, যিয়ে জলবায়ু পৰিৱৰ্তন হ্ৰাস কৰাৰ বাবে ৬৩খন দেশ আৰু ৰাষ্ট্ৰসংঘৰ প্ৰচেষ্টাৰ মূল্যায়ন কৰে।

ভাৰতৰ স্ক‘ৰ হৈছে ৬১.৩১, যাৰ ফলত যোৱা বছৰৰ “উচ্চ প্ৰদৰ্শনকাৰী” শিতানৰ পৰা এই সংস্কৰণত “মধ্যম প্ৰদৰ্শনকাৰী” শিতানলৈ অৱনতি ঘটিছে। অৱশ্যে, ভাৰতৰ অভিলাষী নবীকৰণযোগ্য শক্তিৰ লক্ষ্য আৰু ব্যুৰো অৱ এনাৰ্জি ইফ্লচিয়েন্সি (Bureau of Energy Efficiency) য়ে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ সফল ৰূপায়ণৰ উদাহৰণ দি প্ৰতিবেদনত জলবায়ু কাৰ্য্যৰ প্ৰতি ভাৰতৰ দীৰ্ঘম্যাদী দায়বদ্ধতাক স্বীকাৰ কৰা হৈছে।

Apply Now

নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত অগ্ৰগতি ভাৰতে ২০৩০ চনৰ লক্ষ্যৰ আগতেই ২০২৫ চনত অজীৱাশ্ম ইন্ধনৰ উৎসৰ পৰা স্থাপন কৰা মুঠ শক্তি ক্ষমতাৰ ৫০% লক্ষ্যত উপনীত হৈছিল। দেশখনে সৌৰ শক্তিৰ সক্ষমতাৰ ক্ষেত্ৰতো অগ্ৰগতি লাভ কৰিছে, ২০২৫ চনৰ ছেপ্টেম্বৰৰ ভিতৰত ২০.৮ গিগাৱাট সক্ষমতা লাভ কৰিছে।

অৱশ্যে, কয়লা আৰু জীৱাশ্ম ইন্ধনৰ ৰাজসাহায্যৰ ওপৰত ভাৰতৰ নিৰ্ভৰশীলতা অব্যাহত থকাৰ লগতে বৃহৎ নবীকৰণযোগ্য প্ৰকল্পসমূহৰ পৰিৱেশ আৰু সামাজিক প্ৰভাৱৰ ওপৰত প্ৰতিবেদনত সমালোচনা কৰা হৈছে। ইয়াত কয়লাৰ ব্যৱহাৰ ক্ৰমান্বয়ে বন্ধ কৰাৰ বাবে স্পষ্ট লক্ষ্য, ২০৩৫ আৰু ২০৪০ চনৰ বাবে মধ্যৱৰ্তী লক্ষ্য (Intermediate targets), আৰু এই প্ৰকল্পসমূহৰ দ্বাৰা প্ৰভাৱিত সম্প্ৰদায়সমূহৰ সৈতে অংশগ্ৰহণমূলক আলোচনাৰ অভাৱৰ ওপৰত আলোকপাত কৰা হৈছে।

চিচিপিআইয়ে ভাৰতে কয়লাৰ ব্যৱহাৰ ক্ৰমান্বয়ে বন্ধ কৰাৰ বাবে এটা স্পষ্ট সময়সীমা নিৰ্ধাৰণ কৰিবলৈ পৰামৰ্শ দিয়ে। ইয়াৰ উপৰিও ৰাজহুৱা খণ্ডৰ নবীকৰণযোগ্য শক্তিৰ জীৱাশ্ম ইন্ধনৰ ৰাজসাহায্য পুনৰ নিৰ্ধাৰণ কৰিব লাগে, আৰু পৰিৱেশ তথা সামাজিক সুৰক্ষা শক্তিশালী কৰিব লাগে। লগতে পৰিবহণ, নিৰ্মাণ, উদ্যোগৰ দৰে খণ্ডত জীৱাশ্ম ইন্ধন ক্ৰমান্বয়ে বন্ধ কৰাৰ বাবে স্পষ্ট লক্ষ্য আৰু এক ন্যায্য পৰিৱৰ্তন ব্যৱস্থাৰ সৈতে এক বাধ্যতামূলক ৰোডমেপ প্ৰস্তুত  কৰিবলৈ আহ্বান জনাইছে।

উল্লেখ্য যে বিশ্বজুৰি কোনো দেশেই শীৰ্ষ তিনিটা স্থানত উপনীত হোৱা নাছিল যদিও ডেনমাৰ্ক, ব্ৰিটেইন আৰু মৰক্কো আগশাৰীৰ দেশসমূহৰ ভিতৰত আছে। সৰ্বনিম্ন স্থানত আছে চৌদি আৰব। ইকুইটি (equity) আৰু সৌৰশক্তিৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে ভাৰত আন্তঃৰাষ্ট্ৰীয় জলবায়ু নেতৃত্বত পৰিচিত, কিন্তু জীৱাশ্ম ইন্ধনৰ সম্প্ৰসাৰণৰ বাবে ঘৰুৱাভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

প্ৰতিবেদনত সেউজ গৃহ গেছৰ নিৰ্গমন, নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ, আৰু শক্তিৰ দক্ষতা (Energy Efficiency) ৰ ওপৰত ভিত্তি কৰি দেশসমূহৰ মূল্যায়ন কৰা হৈছে আৰু ইয়াৰ লক্ষ্য হৈছে বিশ্বৰ উষ্ণতা বৃদ্ধি 2 ∘ C ৰ বহু তললৈ সীমিত কৰা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

মোডীৰ জন্মদিনত চাকি প্ৰজ্বলন নকৰাৰ বাবে ৫০০ টকা জৰিমনা! বিতৰ্কত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIM

September 21, 2026 12:56 pm
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd