ভাৰত মহাসাগৰত চীনৰ ক্ৰমান্বয়ে বৃদ্ধি পোৱা কাৰ্যকলাপক বাধা দিবলৈ ভাৰতে এতিয়া এক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে ভাৰতে জাৰ্মানীৰ সৈতে প্ৰায় ৯০ হাজাৰ কোটি টকাৰ এখন ঐতিহাসিক চাবমেৰিন চুক্তিত চহী কৰিবলৈ ওলাইছে। এই গুৰুত্বপূৰ্ণ চুক্তিখন চূড়ান্ত কৰাৰ বাবে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ইতিমধ্যে জাৰ্মানীত উপস্থিত হৈছেগৈ। এই চুক্তিৰ অধীনত দুয়োখন দেশে লগ লাগি অত্যাধুনিক প্ৰযুক্তিৰ চাবমেৰিন বা পানীৰ তলত চলা যুদ্ধজাহাজ নিৰ্মাণ কৰিব। এই সমগ্ৰ প্ৰকল্পটোক প্ৰকল্প ৭৫ আই বুলি নাম দিয়া হৈছে।
প্ৰাপ্ত বাতৰি অনুসৰি, এই প্ৰকল্পটো নব্বৈৰ দশকৰ শেষৰ ফালেই আৰম্ভ কৰাৰ কথা আছিল যদিও বিভিন্ন কাৰণত ই বাৰে বাৰে পিছুৱাই গৈছিল। অৱশেষত প্ৰায় দুটা দশকৰ মূৰত সকলো বাধা আঁতৰি গৈছে আৰু অহা কেইদিনমানৰ ভিতৰতে এই চুক্তিখন স্বাক্ষৰিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। চুক্তিখনৰ জৰিয়তে জাৰ্মানীৰ টাইপ ২১৪ আৰ্হিৰ ওপৰত ভিত্তি কৰি মুঠ ছখন উন্নত মানৰ চাবমেৰিন সাজি উলিওৱা হ’ব। আটাইতকৈ গৌৰৱৰ কথাটো হ’ল যে জাৰ্মানীৰ প্ৰযুক্তি আৰু আৰ্হি ব্যৱহাৰ কৰিলেও এই ছাবমেৰিনকেইখন সম্পূৰ্ণৰূপে ভাৰততেই নিৰ্মাণ কৰা হ’ব। ইয়াত ব্যৱহাৰ হ’বলগীয়া ৬০ শতাংশ সামগ্ৰী ভাৰতৰ নিজা হ’ব, যিয়ে চৰকাৰৰ মেক ইন ইণ্ডিয়া কাৰ্যসূচীক এক বৃহৎ সফলতা প্ৰদান কৰিব। আশা কৰা হৈছে যে ২০৩২ চনৰ ভিতৰত ভাৰতীয় নৌসেনাই এই আটাইকেইখন চাবমেৰিন সম্পূৰ্ণৰূপে নিজৰ হাতলৈ লাভ কৰিব।
বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে, বিশেষকৈ পশ্চিম এছিয়াত যি উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে, তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতৰ বাবে সামুদ্ৰিক নিৰাপত্তা অতি প্ৰয়োজনীয় হৈ পৰিছে। সাগৰীয় পথত ভাৰতীয় জাহাজৰ নিৰাপদ যাতায়াত সুনিশ্চিত কৰিবলৈ ভাৰতীয় নৌসেনাই দিনে-নিশাই কাম কৰি আছে। ইয়াৰ উপৰিও ভাৰতৰ হাতত থকা পুৰণি চাবমেৰিনসমূহ ক্ৰমান্বয়ে দুৰ্বল আৰু অচল হৈ পৰিছে। সেয়েহে চীন আৰু পাকিস্তানৰ দৰে শত্ৰুৰ পৰা নিজকে বচাবলৈ ভাৰতক এক নতুন আৰু শক্তিশালী নৌসেনাৰ প্ৰয়োজন। এই নতুন চাবমেৰিনবোৰত এ আই পি বা এয়াৰ ইণ্ডিপেণ্ডেণ্ট প্ৰপালচন নামৰ এবিধ বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব। এই প্ৰযুক্তিৰ সহায়ত চাবমেৰিনবোৰে পানীৰ তলত বহু দিন ধৰি লুকাই থাকিব পাৰিব আৰু শত্ৰুৱে সহজে ইহঁতৰ অৱস্থান ধৰা পেলাব নোৱাৰিব।
বৰ্তমান সময়ত ভাৰত মহাসাগৰত চীনৰ উপস্থিতি আৰু আগ্ৰাসন ভয়ানকভাৱে বৃদ্ধি পাইছে। চীনৰ নৌসেনাৰ শক্তিও আগতকৈ বহুত বাঢ়িছে। এনে অৱস্থাত সাগৰৰ তলত ভাৰতৰ নিজা চোৰাংচোৱাগিৰি আৰু আক্ৰমণৰ ক্ষমতা বৃদ্ধি কৰাটো অতি জৰুৰী হৈ পৰিছে। প্ৰতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, জাৰ্মানীৰ সহযোগত নিৰ্মাণ হ’বলগীয়া এই ছখন অত্যাধুনিক চাবমেৰিনে ভাৰত মহাসাগৰত চীনৰ অহংকাৰ আৰু আধিপত্য খৰ্ব কৰাত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।





