২০২২ চনত দেশত কৰ্কট ৰোগত আক্ৰান্ত ১৪ লাখ ৰোগী, মৃত্যু ৯ লাখৰ

cancer cases in India

যোৱা দেওবাৰে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব কৰ্কট দিৱস উপযাপন কৰে। এই দিৱসৰ লগত সংগতি ৰাখি কৰ্কট ৰোগ সম্পৰ্কে গৱেষণাৰ বাবে আন্তৰ্জাতিক সংস্থা (ইআৰচি)য়ে বিশ্বত মুঠ কৰ্কট ৰোগীৰ সংখ্যাৰ ওপৰত এক প্ৰতিবেদন প্ৰকাশ কৰিছে।

প্ৰতিবেদন অনুসৰি, কৰ্কট ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈ আহিছে। প্ৰতিবেদনত ২০২২ চনলৈকে তথ্য লোৱা হৈছে। ২০২২চনত বিশ্বত কৰ্কট ৰোগীৰ সংখ্যা আছিল ২০ নিযুত।

অৱশ্যে, ২০৫০ চনত এই সংখ্যা ৭৭ শতাংশ বৃদ্ধি হৈ ৩৫ নিযুত হোৱাৰ সম্ভাৱনা আছে। মৃত্যুৰ সংখ্যাও বৃদ্ধি পোৱা সম্ভাৱনা আছে। প্ৰতিবেদন অনুসৰি, ২০২২ চনত ভাৰতত ১৪ লাখৰো অধিক লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু ৯ লাখৰো অধিক ৰোগীৰ মৃত্যু হৈছিল।

প্ৰতিবেদনখনত এইটোও কোৱা হৈছে যে হাঁওফাঁওৰ কৰ্কট হৈছে বিশ্বৰ আটাইতকৈ বেছকৈ হোৱা কৰ্কট ৰোগ। তাৰ পিছতেই বেছিকৈ হয় স্তনৰ কৰ্কট ৰোগ। ২০২২ চনত, ১২.৪ শতাংশ বা ২.৫ নিযুত লোক হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু স্তনৰ কৰ্কটত আক্ৰান্ত হৈছিল ১১.৬ শতাংশ লোক।

২০২২ চনত এই ৰোগৰ ফলত হোৱা মুঠ মৃত্যুৰ ভিতৰত প্ৰায় ১৯ শতাংশ হাঁওফাঁওৰ কৰ্কট ৰোগৰ আৰু ৭ শতাংশ স্তনৰ কৰ্কটৰোগৰ ফলত হৈছিল। প্ৰতিবেদনত কোৱা হৈছে যে কৰ্কট ৰোগ বৃদ্ধিৰ কাৰণ হৈছে অত্যাধিক ধপাত সেৱন, সুৰা, শৰীৰৰ চৰ্বি বৃদ্ধি, বায়ু প্ৰদূষণ ইত্যাদি।

ভাৰতৰ পৰিস্থিতি সন্দৰ্ভত, কোৱা হৈছে যে ভাৰতৰ মহিলাসকলৰ ভিতৰত স্তনৰ কৰ্কট আৰু গ্ৰীৱাৰ কৰ্কটৰোগৰ ঘটনা সৰ্বাধিক। ২০২২ চনত ২৭ শতাংশ মহিলা স্তনকৰ্কট ৰোগত আক্ৰান্ত হৈছিল আৰু ১৮ শতাংশ গ্ৰীৱাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল।

আনহাতে, সেই বছৰত ওঁঠ আৰু মুখৰ কৰ্কট ৰোগত আক্ৰান্ত পুৰুষৰ সংখ্যা আছিল ১৫.৬ শতাংশ। হাঁওফাঁওৰ কৰ্কট ৰোগৰ হাৰ ৮.৫ শতাংশ।

প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতৰ ১০.৬ শতাংশ লোকৰ 75 বছৰ বয়স হোৱাৰ আগতে কৰ্কট ৰোগ হোৱাৰ আশংকা ১০.৬ শতাংশ। আৰু সেই বয়সত, কৰ্কট ৰোগত মৃত্যু হোৱাৰ সম্ভাৱনা ৭.২ শতাংশ।