Covid-19 Update: দেশত পুনৰ হ্ৰাস কৰ’নাৰ দৈনিক সংক্ৰমণ, হ্ৰাস পাইছে সক্ৰিয় ৰোগী; কমা নাই দৈনিক মৃত্যু

india-corona new

প্রতিনিধিত্বমূলক ফটো।

দেশত কোভিড-১৯ৰ দৈনিক সংক্ৰমণ আৰু নিম্নগামী হৈছে আৰু সক্ৰিয় ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে যদিও দৈনিক মৃত্যুৰ সংখ্যা এতিয়াও এহেজাৰৰ ওপৰত আছে

শনিবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত বিগত ২৪ ঘণ্টাত ১লাখ ২৭হাজাৰ ৯৫২গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। শুকুৰবাৰে মুঠ আক্ৰান্ত হৈছিল ১লাখ ৪৯হাজাৰ ৪৯৪গৰাকী লোক।

দেশত আজি পজিটিভিটিৰ হাৰ ৭.৯৮ শতাংশলৈ হ্ৰাস পাইছে ।

আনহাতে, যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছে ১০৫৯গৰাকী।

লগতে পঢ়ক: অষ্ট্ৰেলিয়া ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক পদৰ পৰা জাষ্টিন লেংগাৰৰ পদত্যাগ

দেশত কালান্তক কোভিডে প্ৰাণ হৰি নিয়া মুঠ লোকৰ সংখ্যা হৈছে ৫লাখ ১হাজাৰ ১১৪গৰাকী

আজিৰ তাৰিখত দেশত সক্ৰিয় কোভিড ৰোগীৰ হৈছে ১ লাখ হাজাৰ ৬৪৮গৰাকী।

বিগত ২৪ঘন্টাত দেশত কোভিডৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা হৈছে ২লাখ ৩০হাজাৰ ৮১৪গৰাকী। সুস্থতাৰ হাৰ হৈছে ৯৫.৬৪ শতাংশ।

দেশত এতিয়ালৈকে মুঠ কোভিড মুক্ত লোকৰ সংখ্যা হৈছে হৈছে ৪কোটি ২৪ লাখহাজাৰ ৯০২গৰাকী।

লগতে পঢ়ক: ধনী ভিক্ষাৰী! মহিলা ভিক্ষাৰীৰ বেংক একাউন্টত ওলাইছে লাখ লাখ টকা; ৰহস্যটোনো কি?

দেশজুৰি কোভিড টিকাকৰণ অভিযানৰ অধীনত এতিয়ালৈকে প্ৰদান কৰা সামগ্ৰিক পালিৰ সংখ্যা ১৬৮ কোটি ৯৮ লাখ ১৭হাজাৰ ১৯৯ পালি স্পৰ্শ কৰিছে

আনহাতে, বিগত ২৪ ঘন্টাত দেশত মুঠ ১৬লাখ হাজাৰ ৮৫৬গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছে।