NORTHEAST NOW (Assamese)

COVID-19 Update: দেশত পুনৰ কৰ’নাৰ ৰঙা চকু! বৃদ্ধি সংক্ৰমণ; ৪০হাজাৰ অতিক্ৰম সক্ৰিয় ৰোগী

June 11, 2022 11:30 am · এন ই নাও নিউজ, গুৱাহাটী
প্রতিনিধিত্বমূলক ফটো।

কঠোৰ বাধা-নিষেধ আঁতৰি যোৱাৰ পিছত যোৱা কেইদিনমানৰ পৰা দেশত পুনৰ কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখা গৈছে। দৈনিক সংক্ৰমণ বৃদ্ধিয়ে স্বাভাৱিকতে আকৌ এবাৰ উদ্বেগ বৃদ্ধি কৰিছে। চলিত মাহৰ আৰম্ভণিতে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা প্ৰায় ১৮ হাজাৰ আছিল যদিও মাত্ৰ ১১ দিনত ই ৪০হাজাৰৰ সীমা অতিক্ৰম কৰিছে। মহাৰাষ্ট্ৰৰ কোভিড গ্ৰাফো যথেষ্ট উদ্বেগজনক হৈ পৰিছে।

শনিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশখনত ৮,৩২৯ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। এয়া শুকুৰবাৰৰ তুলনাত  বহুত বেছি। ইপিনে কেৱল মহাৰাষ্ট্ৰতে এদিনত ৩হাজাৰ ৮১জন লোক আক্ৰান্ত হৈছে। অকল মুম্বাইতে এদিনত প্ৰায় ২হাজাৰ লোক সংক্ৰমিত হৈছে।

লগতে পঢ়ক: Wipro CEO Salary: অভিলেখ! উইপ্ৰোৰ চিইঅ’ৰ দৰমহাই কিমান? শুনিলে চকু কপালত উঠিব আপোনাৰ!

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত যোৱা ২৪ ঘন্টাত ১০ জন লোকে প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে দেশত মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৫ লাখ ২৪ হাজাৰ ৭৫৭জন। যোৱা ২৪ ঘণ্টাত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। বৰ্তমান, দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৪০হাজাৰ ৩৭০জনলৈ বৃদ্ধি পাইছে। সমগ্ৰ দেশতে পজিটিভিটিৰ হাৰ ০.০৯ শতাংশলৈ বৃদ্ধি পাইছে।

অৱশ্যে, সুস্থতাৰ হাৰে আশাৰ জগাই তুলিছে। তথ্য অনুসৰি এতিয়ালৈকে দেশত ৪ কোটি ২৬ লাখ ৪৮ হাজাৰ ৩০৮ জন লোক কৰোনাৰ পৰা সুস্থ হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘণ্টাত ৪,২১৬ জন লোকে কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে। সুস্থতাৰ হাৰ ৯৮.৬৯ শতাংশ।

লগতে পঢ়ক: Barack Obama: ‘ইউক্ৰেইন যুদ্ধ শেষ হ’বলৈ বহু দেৰি আছে’: আশংকা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি দেশত এতিয়ালৈকে ১৯৪কোটি ৯২ লাখৰো অধিক লোকক কৰ’না ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ১৫ লাখতকৈও অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে।

Related News