• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

COVID-19 Update: দেশত পুনৰ কৰ’নাৰ ৰঙা চকু! বৃদ্ধি সংক্ৰমণ; ৪০হাজাৰ অতিক্ৰম সক্ৰিয় ৰোগী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 11, 2022 11:30 am
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

144
VIEWS
Share on FacebookShare on Twitter

কঠোৰ বাধা-নিষেধ আঁতৰি যোৱাৰ পিছত যোৱা কেইদিনমানৰ পৰা দেশত পুনৰ কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখা গৈছে। দৈনিক সংক্ৰমণ বৃদ্ধিয়ে স্বাভাৱিকতে আকৌ এবাৰ উদ্বেগ বৃদ্ধি কৰিছে। চলিত মাহৰ আৰম্ভণিতে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা প্ৰায় ১৮ হাজাৰ আছিল যদিও মাত্ৰ ১১ দিনত ই ৪০হাজাৰৰ সীমা অতিক্ৰম কৰিছে। মহাৰাষ্ট্ৰৰ কোভিড গ্ৰাফো যথেষ্ট উদ্বেগজনক হৈ পৰিছে।

শনিবাৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশখনত ৮,৩২৯ জন লোক কৰ’নাত আক্ৰান্ত হৈছে। এয়া শুকুৰবাৰৰ তুলনাত  বহুত বেছি। ইপিনে কেৱল মহাৰাষ্ট্ৰতে এদিনত ৩হাজাৰ ৮১জন লোক আক্ৰান্ত হৈছে। অকল মুম্বাইতে এদিনত প্ৰায় ২হাজাৰ লোক সংক্ৰমিত হৈছে।

লগতে পঢ়ক: Wipro CEO Salary: অভিলেখ! উইপ্ৰোৰ চিইঅ’ৰ দৰমহাই কিমান? শুনিলে চকু কপালত উঠিব আপোনাৰ!

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত যোৱা ২৪ ঘন্টাত ১০ জন লোকে প্ৰাণ হেৰুৱাইছে। এতিয়ালৈকে দেশত মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৫ লাখ ২৪ হাজাৰ ৭৫৭জন। যোৱা ২৪ ঘণ্টাত সক্ৰিয় কৰ’না ৰোগীৰ সংখ্যাও যথেষ্ট বৃদ্ধি পাইছে। বৰ্তমান, দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৪০হাজাৰ ৩৭০জনলৈ বৃদ্ধি পাইছে। সমগ্ৰ দেশতে পজিটিভিটিৰ হাৰ ০.০৯ শতাংশলৈ বৃদ্ধি পাইছে।

অৱশ্যে, সুস্থতাৰ হাৰে আশাৰ জগাই তুলিছে। তথ্য অনুসৰি এতিয়ালৈকে দেশত ৪ কোটি ২৬ লাখ ৪৮ হাজাৰ ৩০৮ জন লোক কৰোনাৰ পৰা সুস্থ হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘণ্টাত ৪,২১৬ জন লোকে কৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে। সুস্থতাৰ হাৰ ৯৮.৬৯ শতাংশ।

লগতে পঢ়ক: Barack Obama: ‘ইউক্ৰেইন যুদ্ধ শেষ হ’বলৈ বহু দেৰি আছে’: আশংকা আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামাৰ

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি দেশত এতিয়ালৈকে ১৯৪কোটি ৯২ লাখৰো অধিক লোকক কৰ’না ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘন্টাত ১৫ লাখতকৈও অধিক লোকক ভেকচিন প্ৰদান কৰা হৈছে।

Recent News

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

মাজনিশা ঘুমন্ত শ্ৰমিকক গাড়ীৰে মহতিয়াই নিলে মাতাল চালকে; নিমিষতে ৰক্তাক্ত ৰাজধানীৰ ফুটপাথ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd