NORTHEAST NOW (Assamese)

শ্ৰীলংকালৈ ৪০,০০০ মেট্ৰিক টন ডিজেল সাহায্য প্ৰেৰণ ভাৰতৰ

April 22, 2022 9:35 am · এন ই নাও নিউজ, গুৱাহাটী

চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকালৈ পুনৰ ৪০,০০০ মেট্ৰিক টন ডিজেল সাহায্য প্ৰেৰণ কৰিছে ভাৰতে। বুধবাৰে এই সাহায্য শ্ৰীলংকাত উপস্থিত হৈছে বুলি ভাৰতৰ উচ্চ আয়োগে জানিবলৈ দিছে।

তীব্ৰ বিদ্যুৎ সংকটে দেখা দিয়া দ্বীপ ৰাষ্ট্ৰখনলৰ সংকট হ্ৰাস কৰাত সহায়ৰ উদ্দেশ্যে ভাৰতীয় ক্ৰেডিট লাইনৰ অধীনত এই সাহায্য প্ৰেৰণ কৰা হৈছে।

এই সাহায্যৰ সৈতে দুমাহত ভাৰতে মুঠ ৪০০,০০০ মেট্ৰিক টন বিভিন্ন প্ৰকাৰৰ ইন্ধন সাহায্য শ্ৰীলংকালৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে যোৱা ২ এপ্ৰিলতো ৪০,০০০ মেট্ৰিক টন ডিজেলৰ আন এক সাহায্য শ্ৰীলংকালৈ প্ৰেৰণ কৰা হৈছিল।

দেশখনত ভয়াবহ সংকট আৰম্ভ হোৱাৰ পিছত ভাৰতে বুধবাৰে চতুৰ্থবাৰৰ বাবে শ্ৰীলংকালৈ সাহায্য প্ৰেৰণ কৰিছে।

 

উল্লেখযোগ্য যে দুয়োখন দেশে ইতিমধ্যে ৫০০ নিযুত আমেৰিকান ডলাৰৰ ঋণ চুক্তি স্বাক্ষৰ কৰিছে।

পেট্ৰ’লিয়াম সামগ্ৰী ক্ৰয়ৰ বাবে চলিত বৰ্ষৰ ২ ফেব্ৰুৱাৰীত উক্ত চুক্তিখন স্বাক্ষৰিত হৈছিল।

Related News