• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশৰ সমীপত অসম-পশ্চিম বংগত ভাৰতৰ দুটা সেনা ঘাটি; নতুন ৰণ কৌশল নতুন দিল্লীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 8, 2025 8:47 am
68
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ সমীপৱৰ্তী অসমৰ ধুবুৰী আৰু পশ্চিম বংগৰ উত্তৰ দিনাজপুৰৰ চোপ্ৰাত দুটা নতুন সেনা ঘাটি নিৰ্মাণ কৰি আছে ভাৰতে। ইতিমধ্যে চোপ্ৰাত থকা সেনা ঘাটিটোৰ প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে।

আনহাতে, ভাৰতীয় সেনাৰ পূব অঞ্চলৰ মুৰব্বী তথা জিঅ’চি-ইন-চি লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰীয়ে ধুবুৰীত নতুন সেনা ঘাটি লাচিত বৰফুকন সামৰিক ঘাটিৰ আধাৰশিলা স্থাপন কৰে। ধুবুৰীৰ নতুন সেনা ঘাটিও পৰিদৰ্শন কৰে। দুয়োটা স্থানতে সেনা বিষয়াৰ সৈতে দীঘলীয়া বৈঠকত মিলিত হয়।

Apply Now

যোৱা বছৰ বাংলাদেশত পট পৰিৱৰ্তন হোৱাৰ পিছত ভাৰতীয় সেনাৰ সীমান্ত অঞ্চলত নতুন সেনা ঘাটি নিৰ্মাণৰ সিদ্ধান্তক সংশ্লিষ্ট মহলে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। জনা গৈছে যে অতি শীঘ্ৰে নতুন ঘাটি দুটা সম্পূৰ্ণ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। দুয়োটা ঘাটি উত্তৰ বংগৰ শিলিগুৰিৰ ওচৰৰ স্পৰ্শকাতৰ অঞ্চল চিকেন নেকৰ পৰা অলপ দূৰত। স্থল আৰু বায়ুপথেৰে যাৰ দূৰত্ব বৰ বেছি নহয়।

যোৱা বছৰ বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছত সেই দেশৰ সামৰিক কাৰ্যকলাপ নতুন স্তৰত উপনীত হৈছে। বিশেষকৈ দেশৰ উত্তৰ অংশৰ পৰিত্যক্ত বিমান ঘাটি দুটা কাৰ্যকৰী কৰাৰ সিদ্ধান্ত ভাৰতে যথেষ্ট সন্দেহৰ দৃষ্টিৰে চাইছে।

বাংলাদেশ সেনাৰ জ্যেষ্ঠ বিষয়াসকলে দুটা পৰ্যায়ত লালমণিৰহাট আৰু ঠাকুৰগাঁৱত অৱস্থিত সামৰিক বিমানবন্দৰ পৰিদৰ্শন কৰি আছে। বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰ উজ জামানে দুসপ্তাহ পূৰ্বে এই দুটা বিমান ঘাটি পৰিদৰ্শন কৰিছিল।

ইয়াৰ সমান্তৰালকৈ নতুন দিল্লীয়েও সন্দেহৰ দৃষ্টিৰে চাই আছে চীন আৰু পাকিস্তানী সামৰিক বিষয়াৰ সঘনাই বাংলাদেশ ভ্ৰমণৰ ঘটনা। জেট বিমানৰ গতিবেগেৰে এই তিনিখন দেশৰ সেনাৰ মাজৰ সম্পৰ্ক আগবাঢ়িছে যিটোভাৰতৰ বাবে নতুন সামৰিক প্ৰত্যাহ্বান হিচাপে বিবেচিত হৈছে।

ভাৰতীয় সামৰিক বিশেষজ্ঞসকলৰ মতে বাংলাদেশৰ এই কাৰ্যকলাপৰ আঁৰত চীন আৰু পাকিস্তানৰ লক্ষ্য ভাৰত। তেওঁলোকৰ কৌশল হৈছে ভাৰতৰ পূব অঞ্চলক সামৰিকভাৱে অধিক ব্যস্ত কৰি ৰখা। সেই কৌশলত বাংলাদেশে সহযোগিতামূলক ভূমিকা ল’বলৈ গৈ আছে।

চুবুৰীয়া তিনিখন দেশৰ এই মনোভাৱে আজি ভাৰতীয় সেনাবাহিনীকো পৰিকল্পনা পুনৰ সংগঠিত কৰিবলৈ বাধ্য কৰাইছে। ইতিমধ্যে ভাৰতীয় সেনাই ত্ৰিপুৰাত পৰিত্যক্ত বিমান ঘাটি পুনৰ মুকলি কৰাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।

ভাৰতীয় সেনাৰ বিষয়াসকলৰ মতে পাকিস্তানৰ সৈতে পৰৱৰ্তী যুদ্ধত বাংলাদেশে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। শ্বেখ হাছিনা ক্ষমতাত থকা সময়ত বাংলাদেশ সন্দৰ্ভত ভাৰতীয় সেনাৰ কাৰ্যকলাপ বেলেগ আছিল। পূব অঞ্চলটোক লৈ সেনাবাহিনী যথেষ্ট শিথিল আছিল। কিন্তু হাছিনা চৰকাৰ সলনি হোৱাৰ পিছত এফালে বাংলাদেশৰ ভিতৰত চৰকাৰৰ মনোভাৱ সলনি হৈছে, আনফালে ভাৰত বিৰোধী শক্তিয়েও দেশখনত মুৰ দাঙি উঠিছে। যিটো ভাৰতৰ নিৰাপত্তাৰ বাবে এক নতুন প্ৰত্যাহ্বান হৈ পৰিছে।

ইষ্টাৰ্ণ আৰ্মিৰ মুখ্য কাৰ্যালয় ফ’ৰ্ট উইলিয়ামে এক বিবৃতিত প্ৰকাশ কৰে যে ইষ্টাৰ্ণ কমাণ্ডৰ আৰ্মী কমাণ্ডাৰ লেফটেনেণ্ট জেনেৰেল আৰ চি তিৱাৰীয়ে চোপ্ৰা সামৰিক ঘাটিটোত নিয়োজিত ব্ৰহ্মাস্ত্ৰ কৰ্পছৰ জোৱানসকলক সাক্ষাৎ কৰে। কম সময়ৰ ভিতৰতে ঘাটিটো নিৰ্মাণ আৰু পৰিচালনাৰ ক্ষেত্ৰত জোৱানসকলৰ পেছাদাৰিত্ব, উৎসাহ আৰু অদম্য প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰে।

লেফটেনেণ্ট জেনেৰেল তিৱাৰীয়ে জোৱানসকলক সৰ্বাধিক প্ৰস্তুতি বজাই ৰাখিবলৈ আৰু উদীয়মান নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত সক্ৰিয় হৈ থাকিবলৈ আহ্বান জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm
২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

২৪ ঘণ্টাৰ জাননী, তাৰ পাছতেই ৭৩টা ঘৰ উচ্ছেদ : গোৱালপাৰাৰ ঘটনাক লৈ উচ্চ ন্যায়ালয়ৰ কঠোৰ প্ৰশ্ন

September 16, 2026 5:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd