• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

India Trash (Ind VS NZ) : কোহলীৰ নেতৃত্বত ‘বিৰাট’ বিজয়; নিউজিলেণ্ডক বৃহৎ ব্যৱধানত বিধ্বস্ত কৰি শৃংখলা দখল ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 6, 2021 12:21 pm
India VS New Zealand
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

India trash (Ind VS NZ): ভাৰতীয় ক্ৰিকেট দলৰ নতুন প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণৰ পাছতে প্ৰথমটো টেষ্ট শৃংখলাতে জয়ৰ মুখ দেখিলে ৰাহুল দ্ৰাবিড়ে। আজি দ্বিতীয় টেষ্টৰ চতুৰ্থ দিনা প্ৰথম চেছনতে নিউজিলেণ্ডক বিধ্বস্ত কৰি শৃংখলা জয় কৰিলে ভাৰতে।

টেষ্টখনত অদমনীয় প্ৰদৰ্শন দাঙি ধৰা ভাৰতীয় বলিং আক্ৰমণৰ সন্মুখত আকৌ এবাৰ আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল বিশ্বৰ শীৰ্ষ স্থানৰ টেষ্ট দল তথা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ বিজয়ী নিউজিলেণ্ডে।

Apply Now

ভাৰতৰ প্ৰথম ইনিংছৰ ৩২৫ ৰানৰ প্ৰত্যুত্তৰত ৬২ ৰানতে ইনিংছ সামৰি ফ’লঅন খাইছিল নিউজিলেণ্ডে। অৱশ্যে ভাৰতীয় দলে পুনৰ বেটিঙৰ সিদ্ধান্ত লৈ দ্বিতীয় ইনিংছত ২৭৬ ৰান সংগ্ৰহ কৰি নিউজিলেণ্ডক ৫৪০ ৰানৰ বৃহৎ লক্ষ্য বান্ধি দিয়ে।

Also read : Nagaland Firing Incident: উত্তপ্ত নাগালেণ্ড! মন জিলাত উত্তেজিত জনতাৰ আক্ৰমণত নিহত সেনা জোৱান, আন ৬জোৱান আহত

এনে বৃহৎ লক্ষ্যৰ পিছা কৰি নিউজিলেণ্ডৰ বেটাৰসকলে পুনৰ এবাৰ বেটিং ব্যৰ্থতা প্ৰদৰ্শন কৰি মাত্ৰ ১৬৭ ৰানতে ইনিংছ সামৰি ৩৭২ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত হয়। ভাৰতীয় স্পিনাৰদ্বয় অশ্বিন আৰু জয়ন্ত যাদৱে ৪ টাকৈ উইকেট দখল কৰি নিউজিলেণ্ডৰ বেটিং লাইন-আপ থান-বান কৰি পেলায়।

উল্লেখ্য যে টেষ্ট ক্ৰিকেটত ৰানৰ ক্ষেত্ৰত ভাৰতৰ এইয়া সৰ্ববৃহৎ জয়। ইয়াৰ পূৰ্বে ২০১৫ চনত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩৩৭ ৰানৰ জয় ভাৰতৰ সৰ্ববৃহৎ জয় হিচাপে পৰিগণিত হৈছিল।

অৱশ্যে টেষ্টখনত পৰাস্ত হ’লেও নিউজিলেণ্ডৰ স্পিনাৰ আজাজ পেটেল টেষ্ট ক্ৰিকেটৰ ইতিহাসত কেৱল তৃতীয় জন বলাৰ হিচাপে এটা ইনিংছত ১০ টা উইকেট দখল কৰি এক বিৰল কৃতিত্বৰ অধিকাৰী হয়। লগতে দ্বিতীয় ইনিংছতো ৪ টা উইকেট লাভ কৰা আজাজ পেটেলে টেষ্টখনত সামগ্ৰিক ভাৱে ২২৫ ৰানৰ বিনিময়ত ১৪ টা উইকেট দখল কৰি এখন টেষ্টত ভাৰতৰ বিৰুদ্ধে সৰ্বাধিক উইকেট দখলৰ অভিলেখ ৰচে।

উল্লেখ্য যে এই টেষ্টখনত আন কেইবাটাও অভিলেখ সৃষ্টি হৈছে। ৩৭২ ৰানৰ পৰাজয় নিউজিলেণ্ডৰ টেষ্ট ইতিহাসত আটাইতকৈ বৃহৎ পৰাজয়।

এখন টেষ্টত পৰাজয়ৰ পিছতো ২২৫ ৰানৰ বিনিময়ত ১৪ টা উইকেট দখল কৰি সৰ্বশ্ৰেষ্ঠ বলিং প্ৰদৰ্শনৰ গৰাকী হয় পেটেল।

আনহাতে ভাৰতীয় স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে ভাৰতৰ মাটিত ৩০০ টেষ্ট উইকেট সম্পূৰ্ণ কৰে। লগতে অনিল কুম্বলে, শ্বেন ৱাৰ্ন, জেমচ এণ্ডাৰচনৰ দৰে তাৰকা বলাৰক অতিক্ৰম কৰি ঘৰুৱা টেষ্ট শৃংখলাত দ্ৰুত ৩০০ উইকেট (৪৯ টেষ্ট) দখলকাৰীৰ কৃতিত্ব কৰে অশ্বিনে। এই ক্ষেত্ৰত তেওঁতকৈ আগত আছে কেৱল শ্ৰীলঙ্কাৰ কিংবদন্তী স্পিনাৰ মুৰুলীধৰণ।

তদুপৰি কুম্বলে, হৰভজনক অতিক্ৰম কৰি এটা কেলেণ্ডাৰ বৰ্ষত সৰ্বাধিক বাৰ ৫০ টা উইকেট দখলৰ ভাৰতীয় বলাৰৰ অভিলেখ ৰচে অশ্বিনে।

আনহাতে এই জয়েৰে দেশৰ মাটিত ক্ৰমাগত ১৪ টা টেষ্ট শৃংখলা জয়ৰ অভিলেখ ৰচে ভাৰতীয় ক্ৰিকেট দল।

টেষ্টখনৰ প্ৰথম ইনিংছত ১৫০ আৰু দ্বিতীয় ইনিংছত ৬২ ৰান সংগ্ৰহ কৰা ভাৰতীয় অপেনাৰ মায়াংক আগৰৱাল মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয়। আনহাতে শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয় ৰবিচন্দ্ৰন অশ্বিন।

Also read : India vs New Zealand Test ভাৰতৰ ১৬তম বেটাৰ হিচাপে অভিষেক টেষ্টত শতক শ্ৰেয়াস আয়াৰৰ

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm
যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

June 23, 2026 11:11 am
বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

বিশ্বকাপৰ নকআউটত ফ্ৰান্স, বৰ্ষাবিঘ্নিত মেচত এমবাপেৰ চমক; দুটাকৈ গ’লেৰে গঢ়িলে অভিলেখ

June 23, 2026 10:20 am
মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

মহানগৰীৰ চচলৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ, তদন্ত আৰম্ভ আৰক্ষীৰ

June 23, 2026 9:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

আমেৰিকাৰ প্ৰখ্যাত অৰ্থনীতিবিদ এলান গ্ৰীণস্পেনৰ ১০০ বছৰ বয়সত দেহাৱসান

June 23, 2026 12:26 pm
যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

যুদ্ধত ইজৰাইলক সহায় আৰু অপপ্ৰচাৰ! ইৰাণত দেশদ্ৰোহৰ অভিযোগত ৩৩০০ নাগৰিকক গ্ৰেপ্তাৰ

June 23, 2026 11:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd