ভাৰত-আমেৰিকাৰ অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। দেওবাৰে তেওঁ এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কেইবাটাও তীক্ষ্ণ প্ৰশ্ন উত্থাপন কৰাৰ লগতে অভিযোগ কৰে যে চৰকাৰে ভাৰতীয় কৃষকসকলৰ সৈতে “বিশ্বাসঘাটকতা” কৰিছে।
চুক্তিখনৰ জৰিয়তে চৰকাৰে দেশৰ স্বাৰ্থ বিক্ৰী কৰি দিয়া বুলি অভিযোগ উত্থাপন কৰি লোকসভাৰ বিৰোধী দলৰ নেতাগৰাকীয়ে কয় যে, এই বিষয়টো দেশৰ ভৱিষ্যতৰ সৈতে জড়িত। তেওঁ প্ৰশ্ন কৰে যে ভাৰতে আন এখন দেশক নিজৰ কৃষি উদ্যোগৰ ওপৰত দীৰ্ঘম্যাদী নিয়ন্ত্ৰণ লাভ কৰিবলৈ অনুমতি দিছে নেকি? চৰকাৰৰ ভাবুকিলৈ কেৰেপ নকৰি বিৰোধী নেতাজনে স্পষ্টকৈ কয় যে, “চৰকাৰে এফআইআৰ (FIR) দাখিল কৰিব পাৰে বা বিশেষাধিকাৰ প্ৰস্তাৱ আনিব পাৰে, কিন্তু মই সদায় কৃষকৰ পক্ষতে থাকিম।”
ৰাহুল গান্ধীয়ে সামাজিক মাধ্যম ‘এক্স’ৰ এটা পোষ্টত প্ৰকাশ কৰিছে যে, “আমেৰিকাৰ বাণিজ্য চুক্তিৰ নামত আমি ভাৰতীয় কৃষকৰ সৈতে কৰা বিশ্বাসঘাটকতা প্ৰত্যক্ষ কৰিছোঁ।” প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্যি তেওঁ প্ৰশ্ন কৰে যে ‘ড্ৰাইড ডিষ্টিলাৰ্ছ গ্ৰেইনছ’ (DDG) আমদানি কৰাৰ প্ৰকৃত অৰ্থ কি? তেওঁৰ আশংকা— “ইয়াৰ অৰ্থ এইটোৱেই নেকি যে ভাৰতীয় পশুধনক এতিয়াৰে পৰা আমেৰিকাৰ জিএম (GM) মাকৈৰ পৰা তৈয়াৰী দানা খুওৱা হ’ব? ইয়াৰ ফলত আমাৰ দুগ্ধজাত সামগ্ৰীসমূহ আমেৰিকাৰ কৃষি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল হৈ নপৰিবনে?”
কেৱল মাকৈয়েই নহয়, জিএম চয়া তেল (GM soy oil) আমদানিৰ অনুমতিৰ ফলত মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু ৰাজস্থানৰ দৰে ৰাজ্যৰ চয়া খেতিয়কসকল কেনেকৈ পুনৰ মূল্যৰ তীব্ৰ হ্ৰাসৰ বোজা সহিব, সেই সন্দৰ্ভতো তেওঁ চৰকাৰৰ পৰা উত্তৰ বিচাৰে। তেওঁ আৰু সুধিলে, “চুক্তিত উল্লেখ থকা ‘অতিৰিক্ত সামগ্ৰী’ৰ তালিকাত কি কি আছে? ই ভৱিষ্যতে দাইল আৰু অন্যান্য শস্য আমেৰিকাৰ পৰা আমদানিৰ বাবে মুকলি কৰি দিবলৈ সৃষ্টি কৰা চাপক সূচাইছে নেকি?”
ৰাহুল গান্ধীয়ে লগতে প্ৰশ্ন কৰে যো, “অ-বাণিজ্যিক বাধা (Non-trade barriers) আঁতৰোৱাৰ প্ৰকৃত উদ্দেশ্য কি? ভৱিষ্যতে ভাৰতক জিএম শস্যৰ ক্ষেত্ৰত নিজৰ স্থিতি শিথিল কৰিবলৈ, ক্ৰয় প্ৰক্ৰিয়া দুৰ্বল কৰিবলৈ অথবা নূন্যতম সমৰ্থন মূল্য (MSP) আৰু বোনাচ হ্ৰাস কৰিবলৈ বাধ্য কৰা হ’ব নেকি?” গান্ধীয়ে আশংকা প্ৰকাশ কৰে যে এবাৰ দুৱাৰ মুকলি হ’লে প্ৰতি বছৰে ইয়াক অধিক বহল হোৱাৰ পৰা ৰোধ কৰাটো কঠিন হ’ব। তেওঁৰ মতে, দেশৰ কৃষকসকলে এই বিষয়ত চৰকাৰৰ পৰা স্পষ্টীকৰণ পোৱাটো অতি জৰুৰী।
যোৱা শনিবাৰে (১৪ ফেব্ৰুৱাৰী) গান্ধীয়ে অভিযোগ কৰিছিল যে এই বাণিজ্য চুক্তিৰ জৰিয়তে চৰকাৰে দেশৰ কপাহ খেতিয়ক আৰু বস্ত্ৰ ৰপ্তানিকাৰকসকলক প্ৰবঞ্চনা কৰিছে। তেওঁৰ মতে, এই চুক্তিৰ ফলত ভাৰততকৈ বাংলাদেশহে অধিক লাভান্বিত হ’ব কাৰণ তেওঁলোকে শূন্য শতাংশ শুল্কৰ সুবিধা লাভ কৰিব। ইয়াৰ বিপৰীতে ভাৰতৰ ১৮ শতাংশ শুল্কৰ বোজাই দেশৰ বস্ত্ৰ খণ্ড আৰু কপাহ খেতি উভয়কে ধ্বংস কৰিব।
অৱশ্যে ৰাহুল গান্ধীৰ এই অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী পীয়ূষ গোৱেলে কয় যে, “ৰাহুল গান্ধী এগৰাকী অপৰিপক্ক নেতা আৰু তেওঁৰ অৰ্থনীতিৰ কোনো বুজাবুজি নাই।”
বিজেপিৰ এই পাল্টাহেঁউকাৰ মাজতো গান্ধীয়ে নিজৰ স্থিতিত অটল থাকি কয় যে এয়া কেৱল আজিৰ সমস্যা নহয়, এয়া দেশৰ ভৱিষ্যতৰ সুৰক্ষাৰ কথা। ১৮ শতাংশ শুল্ক বনাম ০ শতাংশ শুল্কৰ পাৰ্থক্যই কেনেকৈ ভাৰতীয় ৰপ্তানিকাৰকক ক্ষতি কৰিছে, সেইয়া দেশবাসীৰ ওচৰত স্পষ্ট হোৱা উচিত বুলি তেওঁ পুনৰ দোহাৰে।





