• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

৬ কোটি ভোটাৰৰ অধিকাৰ খৰ্বৰ অভিযোগ! নিৰ্বাচন আয়োগৰ বিৰুদ্ধে সৰৱ দেশৰ নাগৰিক সমাজৰ প্ৰতিনিধিসকল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:27 am
33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ নিৰ্বাচন আয়োগে যোৱা ২০২৫ চনৰ জুন মাহৰ পৰা আৰম্ভ কৰা ভোটাৰ তালিকাৰ ‘বিশেষ ক্ষীপ্ৰ সংশোধন’ (Special Intensive Revision বা SIR) প্ৰক্ৰিয়াক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এক যুটীয়া প্ৰেছ বিবৃতিযোগে দেশৰ নাগৰিক সমাজৰ প্ৰতিনিধিসকলে এই প্ৰক্ৰিয়াটো অগণতান্ত্ৰিক, অস্বচ্ছ আৰু বৈষম্যমূলক বুলি অভিহিত কৰি ইয়াক তৎকালীনভাৱে বাতিল কৰিবলৈ দাবী জনাইছে। ইতিমধ্যে ১০ খন ৰাজ্য আৰু ৩ খন কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰায় ৬ কোটি ভোটাৰ নিজৰ ভোটাধিকাৰৰ পৰা বঞ্চিত হোৱা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে নিৰ্বাচন আয়োগৰ নিৰপেক্ষতাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে।

বিবৃতিটোত উল্লেখ কৰা অনুসৰি, এই পৰ্যায়লৈকে সম্পন্ন হোৱা এছ আই আৰ প্ৰক্ৰিয়াত বৃহৎসংখ্যক বৈধ ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। কেৱল পশ্চিম বংগতেই প্ৰায় ৩৫ লাখ ভোটাৰে কোনো দোষ নোহোৱাকৈয়ে নিজৰ ভোটাধিকাৰ হেৰুৱাবলগীয়া হৈছে বুলি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত প্ৰকাশ কৰিছে। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা লোকসকলৰ ভিতৰত মূলত সংখ্যালঘু, আদিবাসী, দলিত, প্ৰব্ৰজিত শ্ৰমিক, দিন হাজিৰা কৰা লোক আৰু যাযাবৰী সম্প্ৰদায়ৰ লোক অধিক বুলি উল্লেখ কৰি প্ৰতিনিধিসকলে এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰিছে। আনকি এই প্ৰক্ৰিয়াত মহিলাসকল অধিক ক্ষতিগ্ৰস্ত হোৱা বুলিও দাবী কৰিছে। আটাইতকৈ আশ্চৰ্যজনক কথাটো হ‘ল যে নোবেল বঁটা বিজয়ী অমৰ্ত্য সেন, প্ৰাক্তন নৌসেনা প্ৰধান এডমিৰেল অৰুণ প্ৰকাশ, ক্ৰিকেটাৰ মহম্মদ ছামী আৰু কবি জয় গোস্বামীৰ দৰে বিশিষ্ট ব্যক্তিৰ নামো এই তালিকাৰ পৰা বাদ পৰিছে, যিয়ে সমগ্ৰ প্ৰক্ৰিয়াটোৰ ত্ৰুটিপূৰ্ণ দিশটো উদঙাই দিছে।

Apply Now

এই বিসংগতিৰ পৰিপ্ৰেক্ষিতত অসামৰিক সমাজৰ প্ৰতিনিধিসকলে নিৰ্বাচন আয়োগৰ বৰ্তমানৰ কাৰ্যপ্ৰণালীক তীব্ৰ সমালোচনা কৰিছে। তেওঁলোকে অভিযোগ কৰিছে যে সংবিধানৰ ৩২৪ নং অনুচ্ছেদ অনুসৰি এক নিৰপেক্ষ সংস্থা হিচাপে দায়িত্ব পালন কৰাৰ পৰিৱৰ্তে নিৰ্বাচন আয়োগে শাসকীয় পক্ষৰ অনুকূল স্থিতিত অৱতীৰ্ণ হৈছে। সেয়েহে এই বৰ্তমানৰ নিৰ্বাচন আয়োগক আঁতৰাই সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰত স্বচ্ছ আৰু নিৰপেক্ষ সংসদীয় তদাৰকী ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ বাবে তেওঁলোকে দাবী উত্থাপন কৰিছে। লগতে, গ্ৰাম সভাৰ পৰা আৰম্ভ কৰি বিধানসভা আৰু লোকসভালৈকে এখন উমৈহতীয়া আৰু স্বচ্ছ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ওপৰত বিবৃতিটোত গুৰুত্ব আৰোপ কৰিছে। অনুপ্ৰৱেশকাৰী চিনাক্তকৰণৰ নামত আৰম্ভ কৰা এই এছ আই আৰ প্ৰক্ৰিয়াটো যদি অব্যাহত ৰাখিবলৈ হয়, তেন্তে ‘কেগ’ (CAG) নিৰ্ধাৰিত মানদণ্ড অনুসৰি কঠোৰ নিৰীক্ষণৰ ব্যৱস্থা কৰিব লাগিব বুলিও দাবী জনাইছে দেশৰ নাগৰিক সমাজে।

ইয়াৰ উপৰিও, আগন্তুক সময়ত পশ্চিম বংগ, তামিলনাডু, কেৰালা, অসম আৰু পণ্ডিচেৰীত নিৰ্বাচনী ফলাফলক প্ৰভাৱিত কৰাৰ কোনো ধৰণৰ চেষ্টা চলোৱাৰ পৰা বিৰত থাকিবলৈ আয়োগক সকীয়াই দিয়া হৈছে। বৰ্তমান এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এক গোচৰৰ শুনানি অব্যাহত আছে। এই সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ে প্ৰতিগৰাকী ভোটাৰৰ সাংবিধানিক অধিকাৰ সুৰক্ষিত কৰিব পৰাকৈ এক ন্যায়সংগত ৰায়দান কৰিব বুলি দেশৰ নাগৰিক সমাজে আশা প্ৰকাশ কৰিছে। নিৰ্বাচন আয়োগে যদি এই দাবীসমূহ আওকাণ কৰি সংবিধান আৰু গণতন্ত্ৰৰ প্ৰতি নিজৰ অৱজ্ঞা অব্যাহত ৰাখে, তেন্তে আগন্তুক দিনত সমগ্ৰ দেশজুৰি তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।  

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

এমবাপেৰ সপোন ভংগ! ছেমিফাইনেলত ফ্ৰান্সক ২-০ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত অপ্ৰতিৰোধ্য স্পেইন

July 15, 2026 10:58 am
কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত হোটেল প্ৰকল্পৰ বিবাদ: খিলঞ্জীয়া নেতা প্ৰণৱ দলেৰ গ্ৰেপ্তাৰক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিক্ৰিয়া

July 15, 2026 9:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

ভাৰতীয় গ্ৰাহকৰ বাবে সুখবৰ! ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তিৰ ফলত সস্তীয়া হ’ব এইসমূহ সমাগ্ৰী

July 15, 2026 1:03 pm
চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

চাৰি বছৰ পাছত বাংলাদেশ ভ্ৰমণত টিম ইণ্ডিয়া! ছেপ্টেম্বৰত এদিনীয়া আৰু টি-২০ শৃংখলাৰ প্ৰস্তুতি বিচিবিৰ

July 15, 2026 12:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd