ৰোমাঞ্চকৰ হৈ পৰিছে ইংলেণ্ড আৰু ভাৰতৰ মাজত হোৱা দ্বিতীয়খন টেষ্ট মেচ। চেন্নাইৰ এমএ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনৰ তৃতীয় দিনা ভাৰতে ইংলেণ্ডক ৪৮২ ৰাণৰ লক্ষ্য স্থিৰ কৰি দিছে।
দিনটোৰ খেল সামৰাৰ সময়লৈকে ৪৮২ ৰাণৰ টাৰ্গেটক অনুসৰণ কৰি ইংলেণ্ডে ১৯ অভাৰ খেলি মাত্ৰ ৫৩ ৰাণতে ৩টাকৈ উইকেট হেৰুৱাই শলঠেকত পৰিছে।
ভাৰতীয় বলিং লাইনআপে মেচখনত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে। ইংলেণ্ডৰ দ্বিতীয় ইনিংছত অক্ষৰ পেটেল দুটাকৈ মূল্যৱান উইকেট লাভ কৰাৰ উপৰি আনটো উইকেটৰ পতন ঘটায় ৰবীচন্দ্ৰন অশ্বিনে।
অশ্বিনে অপেনিং বেটচমেন ৰয় বাৰ্ণছ (২৫)ৰ পেভিলিয়নলৈ উভটাই পঠোৱাৰ বিপৰীতে অক্ষৰ পেটেলে ডম চিবলে’ (৩) আৰু জেক লীচ (০)-ক উইকেট দখল কৰি ইংলেণ্ডৰ বেটিং ক্ৰম ভাঙি দিয়ে।
ইয়াৰ পূৰ্বে ভাৰতে দ্বিতীয় ইনিংছত ২৮৬ ৰাণত অল আউট হয়। প্ৰথম ইনিংছত দুৰ্দমনীয় শতকীয় ইনিংছ খেলা ৰোহিত শৰ্মা (২৬) সোনকালেই জেক লীচৰ চিকাৰ হয়।
শুভনম গীল (১৪), চেতেশ্বৰ পূজাৰা (৭), ৰিষভ পণ্ট (৮), আজিংক্য ৰাহানে (১০) ব্যৰ্থ হোৱাৰ বিপৰীতে বিৰাট কোহলী আৰু ৰবীচন্দ্ৰন অশ্বিনৰ সুন্দৰ প্ৰদৰ্শনৰ সহায়ত ইংলেণ্ডক এটা মজবুট টাৰ্গেট বান্ধি দিবলে সক্ষম হয়।
বিৰাট কোহলীয়ে ১৪৯ টা বলত ৬২ ৰাণ কৰি ময়িন আলীৰ বলত এলবিডব্লিউ হয়।
আনহাতে, প্ৰথম ইনিংছত পাঁচ উইকেট দখল কৰি ফৰ্মৰ শিখৰত থকা চেন্নাইৰ ঘৰুৱা খেলুৱৈ ৰবীচন্দ্ৰন অশ্বিনে ১০৬ ৰাণৰ এটা অতি মূল্যৱান শতকীয় ইনিংছ খেলে।
১৪৮ টা বলত ১০৬ ৰাণ কৰি অশ্বিনে বলিঙৰ উপৰিও বেটিঙৰো স্কিল প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে অশ্বিনৰ এইটো পঞ্চমটো টেষ্ট শতক।
ইংলেণ্ডৰ হৈ জেক লীচ আৰু ময়িন আলীয়ে চাৰিটা উইকেট দখল কৰাৰ বিপৰীতে অলী ষ্ট’নৰ ভাগত পৰে এটা উইকেট।
মেচখনত ভাৰতে টচত জিকি প্ৰথম ইনিংছত ৩২৯ ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱায়।
ভাৰতৰ প্ৰথম ইনিংছত সৰ্বাধিক ৰোহিত শৰ্মাই ১৬১ৰাণ সংগ্ৰহ কৰে। অজিংকা ৰাহানেই ৬৭ৰাণ কৰাৰ উপৰি ঋষভ পন্টে ৫৮ৰাণ কৰি অপৰাজিত হৈ থাকে।
দ্বিতীয় দিনা ভাৰতৰ ৩২৯ ৰাণৰ প্ৰত্যুত্তৰত বেটি কৰিবলৈ নামি ইংলেণ্ডে ৰবীচন্দ্ৰন অশ্বিন আৰু অক্ষৰ পেটেলৰ ক্ষুৰধাৰ বলিঙত তিষ্ঠিব নোৱাৰি ৫৯.৫ অভাৰত মাত্ৰ ১৩৪ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়।
মেচখনত ভাৰতৰ বিজয়ৰ সম্ভাৱনা অধিক, কিন্তু ইংলেণ্ডৰ হাতত অদ্যপি জ’ ৰুট আৰু বেন ষ্ট’কছৰ দৰে শক্তিশালী খেলুৱৈ মজুট আছে, চতুৰ্থ দিনা ভাৰতীয় বলাৰসকলৰ মূল লক্ষ্য হ’ব ইংলেণ্ডৰ অধিনায়ক জ’ ৰুটক সোনকালেই পেভিলিয়নলৈ পঠোৱা।