• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰণত পৰিল ৰুট বাহিনী! ১৩৪ ৰাণতে সমাপ্ত প্রথম ইনিংছ

অশ্বিনৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 14, 2021 8:35 pm

2 min read

ৰণত পৰিল ৰুট বাহিনী! ১৩৪ ৰাণতে সমাপ্ত প্রথম ইনিংছ
267
VIEWS
Share on FacebookShare on Twitter

প্ৰথমখনত টেষ্টত বৃহৎ ব্যৱধানত পৰাজিত হোৱাৰ পাছত চেন্নাই এমএ চিডাম্বৰম ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টেষ্টত ভাৰতে উভতি ধৰিছে।

দ্বিতীয় টেষ্টত টচত জিকি ভাৰতে প্ৰথমতে বেটিং কৰাৰ সিদ্ধান্ত লয়। টীম ইণ্ডিয়াই প্ৰথম দিনৰ খেলৰ সামৰণি পৰালৈকে ৬ উইকেটৰ বিনিময়ত ৩০০ ৰাণ কৰে।

দ্বিতীয় দিনৰ খেলত ভাৰতে ৩২৯ ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱায়।

ভাৰতৰ প্ৰথম ইনিংছত সৰ্বাধিক ৰোহিত শৰ্মাই ১৬১ৰাণ সংগ্ৰহ কৰে। অজিংকা ৰাহানেই ৬৭ৰাণ কৰাৰ উপৰি ঋষভ পন্টে ৫৮ৰাণ কৰি অপৰাজিত হৈ থাকে।

ইপিনে, দ্বিতীয় দিনা ভাৰতৰ ৩২৯ ৰাণৰ প্ৰত্যুত্তৰত বেটি কৰিবলৈ নামি ইংলেণ্ডে ৫৯.৫ অভাৰত মাত্ৰ ১৩৪ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়।

ভাৰতীয় বলিং আক্ৰমণে ইংলেণ্ডৰ বেটিং ক্ৰম টচনচ কৰি দিয়াত মুখ্য অৰিহণা আগবঢ়ায় অফ স্পীনাৰ ৰবীচন্দ্ৰন অশ্বিনে।

ইনিংছটোত ৰবীচন্দ্ৰন অশ্বিনে পাঁচ উইকেট দখল কৰি চিৰিজটোত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে ইনিংছটোত বেন ষ্ট’কছক ক্লীন ব’ল্ড কৰাৰ পাছতে অশ্বিনে ঘৰুৱা পিটচত সৰ্বাধিক টেষ্ট উইকেট দখলৰ তালিকাত প্ৰাক্তন অফ স্পীনাৰ হৰভজন সিঙৰ ৰেকৰ্ড ভংগ কৰে।

অশ্বিনে ঘৰুৱা পিটচত ২৬৬ টা উইকেট দখল কৰাৰ বিপৰীতে হৰভজনৰ হাতত আছে ২৬৫ টা উইকেট।

এইক্ষেত্ৰত অশ্বিনৰ সমুখত আছে কেৱল প্ৰাক্তন লেগ স্পীনাৰ অনিল কুম্বলে। কুম্বলেয়ে ৩৫০ টা উইকেট দখলেৰে তালিকাৰ শীৰ্ষত আছে।

আনহাতে ব্যাপক চৰ্চাৰে মেচখনত স্থান লাভ কৰা স্পীনাৰ অক্ষৰ পেটেল আৰু ফাষ্টবলাৰ ইশান্ত শৰ্মাই দুটাকৈ উইকেট লাভ কৰাৰ বিপৰীতে ফাষ্ট বলাৰ মহম্মদ ছিৰাজৰ ভাগত পৰে এটা উইকেট।

অক্ষৰ পেটেলে ফৰ্মৰ শিখৰত থকা জ’ ৰুটক পেভিলিয়নলে পঠিয়ায়। ৰুটে ১২ টা বলত ৬ ৰাণ কৰে।

ইংলেণ্ডৰ হৈ অপৰাজীত ৪২ (১০৭) ৰাণেৰে সৰ্বোচ্চ বৰঙনি আগবঢ়ায় বেন ফ’কছে।

আনহাতে ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি দ্বিতীয় দিনা অপেনাৰ শুভমন গীলৰ উইকেট হেৰুৱাই ১৮ অভাৰত ৫৪ ৰাণ সংগ্ৰহ কৰিছে।

শুভমন গীলে ১৪ (২৮) ৰাণ কৰি জেক লীচৰ বলত এলবিডব্লিউ হয়।

দ্বিতীয় দিনাৰ খেল শেষ হোৱালৈ প্ৰথম ইনিংছত দূদৰ্মনীয় শতকেৰে সমালোচকসকলক প্ৰত্যুত্তৰ জনোৱা ৰোহিত শৰ্মা ২৫ (৬২) আৰু ‘দ্যা ৱাল’ চেতেশ্বৰ পূজাৰা ৭ (১৮) ৰাণত ক্ৰিজত অৱতীৰ্ণ হৈ আছে।

Recent News

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd