• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰণত পৰিল ৰুট বাহিনী! ১৩৪ ৰাণতে সমাপ্ত প্রথম ইনিংছ

অশ্বিনৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত

এন ই নাও নিউজ by এন ই নাও নিউজ
February 14, 2021 8:35 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমখনত টেষ্টত বৃহৎ ব্যৱধানত পৰাজিত হোৱাৰ পাছত চেন্নাই এমএ চিডাম্বৰম ষ্টেডিয়ামত ইংলেণ্ডৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টেষ্টত ভাৰতে উভতি ধৰিছে।

দ্বিতীয় টেষ্টত টচত জিকি ভাৰতে প্ৰথমতে বেটিং কৰাৰ সিদ্ধান্ত লয়। টীম ইণ্ডিয়াই প্ৰথম দিনৰ খেলৰ সামৰণি পৰালৈকে ৬ উইকেটৰ বিনিময়ত ৩০০ ৰাণ কৰে।

Apply Now

দ্বিতীয় দিনৰ খেলত ভাৰতে ৩২৯ ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱায়।

ভাৰতৰ প্ৰথম ইনিংছত সৰ্বাধিক ৰোহিত শৰ্মাই ১৬১ৰাণ সংগ্ৰহ কৰে। অজিংকা ৰাহানেই ৬৭ৰাণ কৰাৰ উপৰি ঋষভ পন্টে ৫৮ৰাণ কৰি অপৰাজিত হৈ থাকে।

ইপিনে, দ্বিতীয় দিনা ভাৰতৰ ৩২৯ ৰাণৰ প্ৰত্যুত্তৰত বেটি কৰিবলৈ নামি ইংলেণ্ডে ৫৯.৫ অভাৰত মাত্ৰ ১৩৪ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়।

ভাৰতীয় বলিং আক্ৰমণে ইংলেণ্ডৰ বেটিং ক্ৰম টচনচ কৰি দিয়াত মুখ্য অৰিহণা আগবঢ়ায় অফ স্পীনাৰ ৰবীচন্দ্ৰন অশ্বিনে।

ইনিংছটোত ৰবীচন্দ্ৰন অশ্বিনে পাঁচ উইকেট দখল কৰি চিৰিজটোত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে ইনিংছটোত বেন ষ্ট’কছক ক্লীন ব’ল্ড কৰাৰ পাছতে অশ্বিনে ঘৰুৱা পিটচত সৰ্বাধিক টেষ্ট উইকেট দখলৰ তালিকাত প্ৰাক্তন অফ স্পীনাৰ হৰভজন সিঙৰ ৰেকৰ্ড ভংগ কৰে।

অশ্বিনে ঘৰুৱা পিটচত ২৬৬ টা উইকেট দখল কৰাৰ বিপৰীতে হৰভজনৰ হাতত আছে ২৬৫ টা উইকেট।

এইক্ষেত্ৰত অশ্বিনৰ সমুখত আছে কেৱল প্ৰাক্তন লেগ স্পীনাৰ অনিল কুম্বলে। কুম্বলেয়ে ৩৫০ টা উইকেট দখলেৰে তালিকাৰ শীৰ্ষত আছে।

আনহাতে ব্যাপক চৰ্চাৰে মেচখনত স্থান লাভ কৰা স্পীনাৰ অক্ষৰ পেটেল আৰু ফাষ্টবলাৰ ইশান্ত শৰ্মাই দুটাকৈ উইকেট লাভ কৰাৰ বিপৰীতে ফাষ্ট বলাৰ মহম্মদ ছিৰাজৰ ভাগত পৰে এটা উইকেট।

অক্ষৰ পেটেলে ফৰ্মৰ শিখৰত থকা জ’ ৰুটক পেভিলিয়নলে পঠিয়ায়। ৰুটে ১২ টা বলত ৬ ৰাণ কৰে।

ইংলেণ্ডৰ হৈ অপৰাজীত ৪২ (১০৭) ৰাণেৰে সৰ্বোচ্চ বৰঙনি আগবঢ়ায় বেন ফ’কছে।

আনহাতে ভাৰতে দ্বিতীয় ইনিংছ আৰম্ভ কৰি দ্বিতীয় দিনা অপেনাৰ শুভমন গীলৰ উইকেট হেৰুৱাই ১৮ অভাৰত ৫৪ ৰাণ সংগ্ৰহ কৰিছে।

শুভমন গীলে ১৪ (২৮) ৰাণ কৰি জেক লীচৰ বলত এলবিডব্লিউ হয়।

দ্বিতীয় দিনাৰ খেল শেষ হোৱালৈ প্ৰথম ইনিংছত দূদৰ্মনীয় শতকেৰে সমালোচকসকলক প্ৰত্যুত্তৰ জনোৱা ৰোহিত শৰ্মা ২৫ (৬২) আৰু ‘দ্যা ৱাল’ চেতেশ্বৰ পূজাৰা ৭ (১৮) ৰাণত ক্ৰিজত অৱতীৰ্ণ হৈ আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

ইভিএমৰ ছ’ৰ্চ ক’ড লুকুৱাই ৰাখিছে নেকি নিৰ্বাচন আয়োগে? গুৱাহাটী উচ্চ ন্যায়ালয়ত বিৰোধীৰ চাঞ্চল্যকৰ অভিযোগ

September 20, 2026 7:36 pm
মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

মুখ্যমন্ত্ৰীলৈ জাননী আৰু লগে লগে অনুমোদন! ভোটাৰ তালিকা পুনৰীক্ষণত সাধাৰণ ভোটাৰৰ বাবেও একেই প্ৰক্ৰিয়ানে?

September 20, 2026 6:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm
পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

পৰিসংখ্যা মন্ত্ৰালয়ৰ প্ৰতিবেদন: অসমকে ধৰি কেইবাখনো ৰাজ্যত কৰ্মহীন আৰু শিক্ষাহীন যুৱপ্ৰজন্মৰ হাৰ উদ্বেগজনক

September 20, 2026 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd