ভাৰতীয় সেনাবাহিনীৰ কোকৰাঝাৰত থকা ৰেড হৰ্ণ ডিভিজনে স্থানীয় বৰদৈছিখলা স্পোৰ্টছ ক্লাৱৰ সৈতে লগ হৈ জিলাখনৰ কচুগাঁৱত খেলৰ আধুনিক সা-সুবিধাৰ পৰা বঞ্চিত শিশুসকলৰ বাবে এখন ফুটবল প্ৰশিক্ষণ একাডেমী স্থাপন কৰাৰ বাবে আগবাঢ়ি আহিছে।
১৯৮০ চনত স্থাপন হোৱা বৰদৈছিখলা স্পোৰ্টছ ক্লাৱে স্থাপন হোৱাৰে পৰা স্থানীয় প্ৰতিভাসমূহ বিচাৰি উলিয়াই সুযোগ প্ৰদান কৰি আহিছে। ইয়াৰে ভালেসংখ্যকে ইতিমধ্যে নিজৰ নিজৰ জিলা আৰু ৰাজ্যক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিছে।
ভাৰতীয় সেনাবাহিনীৰ বাবে খেল এক অভিন্ন অংগ সেয়েহে কোকৰাঝাৰৰ কচুগাঁৱত থকা সেনাবাহিনীৰ ডিভিজনে স্থানীয় ফুটবল প্ৰতিভাৰ বিকাশৰ বাবে ফুটবলৰ সা-সজুলি সাহাৰ্য্য হিচাপে আগবঢ়াই।
আনহাতে, যিসকল শিশুৰ ফুটবলৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাৰ বাবে প্ৰতিভা আৰু একাগ্ৰতা আছে তেওঁলোকে কোকৰাঝাৰ ফুটবল টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব আৰু তাৰপাছত সেনাবাহিনীৰ দ্বাৰা আয়োজিত সন্মানীয় আৰ্মি বিটিএডি ফুটবল লীগত অংশ ল’ব পাৰিব বুলি ক্লাৱটোৰ উদ্যোক্তাসকলে জনায়।
বৰদৈছিলা স্পোৰ্টছ ক্লাৱক লগত লৈ ভাৰতীয় সেনা বাহিনীয়ে ফুটবলক লৈ আৰম্ভ কৰা এই সহযোগিতাই কেনেদৰে ফুটবলে জাতি, পৰম্পৰাক এক কৰি আগবাঢ়িব লাগে তাৰে উদাহৰণ বহন কৰিছে।
উদ্বোধনী অনুষ্ঠানৰ লগত সংগতিৰাখি অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত সেনা বাহিনীৰ বিষয়া আৰু বৰদৈছিলা স্পোৰ্টছ ক্লাৱৰ সহযোগত শিশুসকলে সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰে।