• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিগত ১০ বছৰত ভাৰতীয় সম্পত্তি তিনিগুণ বৃদ্ধি পালে ছুইছ বেংকত! কিমান ক’লা ধন ঘূৰাই আনিলে মোদী চৰকাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 24, 2025 8:12 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ ক’লা ধনৰ বিষয়টোৱে দীৰ্ঘদিন ধৰি ৰাজনৈতিক আৰু সামাজিক আলোচনাৰ কেন্দ্ৰবিন্দু হৈ আহিছে। চলিত বৰ্ষাকালীন অধিৱেশনতো এই বিষয়টোৱে সংসদত গুৰুত্ব লাভ কৰে। উত্তৰ প্ৰদেশৰ পৰা নিৰ্বাচিত সমাজবাদী পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ জাভেদ আলী খানে সদনত উত্থাপন কৰিছিল যে ছুইজাৰলেণ্ডৰ বেংকত জমা হোৱা ভাৰতীয় সম্পত্তিৰ পৰিমাণ তিনিগুণতকৈ অধিক বৃদ্ধি পাইছে নেকি? ইয়াৰ উত্তৰত কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰীয়ে জনায় যে, বিগত ১০ বছৰত ক’লা ধনৰ সৈতে জড়িত গোচৰত মুঠ ৩৩৮ কোটি টকা আদায় কৰা হৈছে।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ সাংসদ গৰাকীয়ে ৰাজ্যসভাত ক’লা ধনৰ সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে। তেওঁ উল্লেখ কৰে যে, ছুইছ নেশ্যনেল বেংকৰ (SNB) তথ্য অনুসৰি, ২০২৪ চনত ছুইছ বেংকত জমা হোৱা ভাৰতীয় ধনৰাশি তিনিগুণতকৈ অধিক বৃদ্ধি পাই ৩.৫ বিলিয়ন ছুইছ ফ্ৰাংক হৈছে, যাৰ মূল্য প্ৰায় ৩৭,৬০০ কোটি টকা। তেওঁ প্ৰশ্ন কৰে যে, ২০২২, ২০২৩, ২০২৪ আৰু ২০২৫ চনৰ ভিতৰত এতিয়ালৈকে বিদেশী একাউণ্টৰ পৰা ঘূৰাই অনা ক’লা ধন ঘূৰই অনা হ’ল আৰু স্থিতি কি?

Apply Now

চৰকাৰে সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ উদ্ধৃতি দি স্বীকাৰ কৰে যে, ছুইছ নেশ্যনেল বেংকৰ তথ্যৰ ভিত্তিত কিছুমান সংবাদ মাধ্যমে দাবী কৰিছে যে, যোৱা বছৰৰ তুলনাত ২০২৪ চনত ভাৰতীয়সকলে ছুইছ বেংকত জমা কৰা ধনৰাশি বৃদ্ধি পাইছে। ছুইজাৰলেণ্ডৰ কৰ্তৃপক্ষৰ মতে, এছ এন বিৰ তথ্যত গ্ৰাহকৰ জমা ধন (যিকোনো দেশত অৱস্থিত ছুইজাৰলেণ্ডৰ বেংকৰ বিদেশী শাখাকে ধৰি), অন্যান্য লায়েবিলিটিছৰ লগতে বেংকক প্ৰদান কৰিবলগীয়া ধনৰাশিও অন্তৰ্ভুক্ত কৰা হৈছে।

চৰকাৰে জনোৱা মতে, ছুইজাৰলেণ্ডে ২০১৮ চনৰ পৰা স্বয়ংক্ৰিয় তথ্য বিনিময় (Automatic Exchange of Information – AEOI) কাঠামোৰ অধীনত ভাৰতীয় নাগৰিকৰ বিত্তীয় তথ্য প্ৰদান কৰি আহিছে। প্ৰথম তথ্য প্ৰেৰণ ২০১৯ চনৰ ছেপ্টেম্বৰ মাহত হৈছিল আৰু তেতিয়াৰ পৰা এই প্ৰক্ৰিয়া অব্যাহত আছে। ইয়াৰ উপৰিও ভাৰতে ১০০ৰো অধিক বিদেশী কৰ ন্যায়িক অধিকাৰক্ষেত্ৰৰ পৰা বিদেশী সম্পত্তি আৰু আয়ৰ বিষয়ে তথ্য লাভ কৰে।

যেতিয়াই কোনো কৰ ফাঁকিৰ গোচৰ ধৰা পৰে, তেতিয়াই প্ৰত্যক্ষ কৰ আইনৰ অধীনত অনুসন্ধান, জৰীপ, তদন্ত, আয়ৰ মূল্যায়ন, কৰ, জৰিমনা আদি আৰোপ কৰা হয়। প্ৰয়োজন সাপেক্ষে অপৰাধমূলক আদালতত বিচাৰৰ বাবে অভিযোগো দাখিল কৰা হয়।

চৰকাৰৰ তথ্য অনুসৰি, ২০১৫ চনৰ ১ জুলাইত ক’লা ধন (অপ্ৰকাশিত বিদেশী আয় আৰু সম্পত্তি) আৰু কৰ আৰোপ আইন, ২০১৫ (Black Money Act – BMA) কাৰ্যকৰী হোৱাৰ পিছত, ২০১৫ চনৰ ১ জুলাইৰ পৰা ৩০ ছেপ্টেম্বৰলৈ তিনিমাহৰ এককালীন কম্প্লাইয়েন্স পিৰিয়ডত ৪১৬৪ কোটি টকাৰ অপ্ৰকাশিত বিদেশী সম্পত্তিৰ সৈতে জড়িত ৬৮৪টা গোচৰ পোহৰলৈ আহে। এই গোচৰসমূহত কৰ আৰু জৰিমনা হিচাপে প্ৰায় ২৪৭৬ কোটি টকা সংগ্ৰহ কৰা হৈছিল।

প্ৰকাশিত তথ্য অনুসৰি ৩১ মাৰ্চ ২০২৫লৈকে BMAৰ অধীনত ১০২১টা মূল্যায়ন সম্পূৰ্ণ হৈছে। ইয়াৰ ভিতৰত ১৬৩টা বিচাৰ বিভাগৰ অভিযোগ দাখিল কৰা হৈছে আৰু মুঠ ৩৫,১০৫ কোটি টকা কৰ সংগ্ৰহ কৰা হৈছে। বিশেষকৈ ২০১৫ চনৰ ১ জুলাইৰ পৰা ২০২৫ চনৰ ৩১ মাৰ্চলৈ BMAৰ অধীনত কৰ, জৰিমনা আৰু সুতৰ লগতে মুঠ ৩৩৮ কোটি টকা আদায় কৰা হৈছে।

ক’লা ধনৰ বিষয়ে ভাৰত চৰকাৰৰ তৎপৰতা আৰু বিদেশী কৰ্তৃপক্ষৰ সৈতে তথ্য বিনিময়ৰ জৰিয়তে যথেষ্ট পৰিমাণৰ ধনৰাশি সংগ্ৰহ কৰা হৈছে যদিও ছুইছ বেংকত জমা হোৱা ভাৰতীয় ধনৰাশিৰ বৃদ্ধিয়ে এতিয়াও উদ্বেগৰ সৃষ্টি কৰিছে। চৰকাৰে কৰ ফাঁকিৰ গোচৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জনালেও,সবিশেষ তথ্যৰ অভাৱত এই বিষয়ত স্বচ্ছতাৰ দিশত প্ৰশ্ন উত্থাপিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

এন টি এ-ত বৃহৎ সংস্কাৰ: ৬০০ বিশেষজ্ঞ অপসাৰণ, সুৰক্ষাৰ দায়িত্বত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল

August 19, 2026 9:11 am
হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

হাৰিয়ানাৰ চিকিৎসা মহাবিদ্যালয়ত দুই এম বি বি এছ ছাত্ৰীক নিৰ্যাতন, গ্ৰেপ্তাৰ এজন অভিযুক্ত

August 19, 2026 8:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

কলকাতাৰ হোটেলত ভয়ংকৰ অগ্নিকাণ্ড: বাংলাদেশী নাগৰিকসহ ৯ জনৰ মৃত্যু, এচি বিস্ফোৰণৰ সন্দেহ

August 19, 2026 11:34 am
কাজিৰঙাৰ সুৰক্ষা-বলয়

কাজিৰঙাৰ সুৰক্ষা-বলয়

August 19, 2026 10:37 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd