ডুবাইত কৰ্মৰত এজন ভাৰতীয়ক প্ৰায় ২ নিযুত আমেৰিকান ডলাৰ মূল্যৰ ৮৬টা ঘড়ী চুৰ কৰাৰ অপৰাধত ইয়াৰ এখন আদলতে এবছৰৰ কাৰাবাসৰ শাস্তি বিহিছে।
তেওঁৰ উপৰি দুজন পাকিস্তানী লোককো ভাৰতীয়জনৰ দ্বাৰা চুৰি ঘড়ী ৰখা বাবে (ভাৰতীয়জনৰ পৰা কিনি লৈছিল) একেই পৰিমাণৰ শাস্তি বিহা হৈছে।
২৬ বছৰীয়া ভাৰতীয় যুৱকজনে ডুবাইত চাফাইকৰ্মী হিচাপে কৰ্মৰত আছিল আৰু Gold Souq নামৰ দামী ঘড়ীৰ দোকানখনত তেওঁ নিয়মীয়াকৈ চাফাই কাৰ্য্য সম্পন্ন কৰিছিল, খালীজ টাইমছ নামৰ সংবাদ প্ৰতিষ্ঠানটোত প্ৰকাশ।
আদালতে শাস্তি দিয়া পাকিস্তানী লোক দুজন ইজন সিজনৰ সম্পৰ্কীয় ভাই আৰু তেওঁলোকৰ অনুপস্থিতিতে আদালতে শাস্তি ঘোষণা কৰে।
তিনিওজনকে শাস্তিৰ ম্যাদ সম্পূৰ্ণৰ পিছত নিজৰ নিজৰ দেশলৈ প্ৰত্যৰ্পণ কৰিবলৈও নিৰ্দেশ দিয়ে আদালতে।
যোৱা ৬ জানুৱাৰিতে ভাৰতীয় যুৱকজনৰ বিৰুদ্ধে ঘড়ী চুৰ কৰাৰ অভিযোগ দিয়া হৈছিল আৰু বিচাৰ প্ৰক্ৰিয়াৰ শেষত ২৬ ফেব্ৰুৱাৰিত আদালতে এই ৰায় দিয়ে।
দোকানখনৰ গৰাকীজনে কয়, “যোৱা বছৰৰ ২৫ ডিচেম্বৰত মই দোকানত থাকোতে এজন ভাৰতীয় ছেলছমেনে জাবৰদানিত এটা ঘড়ী পৰি থকা দৃষ্টিগোচৰ কৰে”।
গৰাকীজনে তাৰ পিছতে দোকানৰ চি চি টিভি ফুটেইজ পৰীক্ষা কৰে আৰু দোষী চাফাইকৰ্মীজনে ঘড়ীটো এটা বাকচত ভৰাই জাবৰদানি পেলোৱা কথাটো পৰিষ্কাৰ হয়। তাৰ পৰা তেওঁ জাবৰ পেলোৱাৰ ছলেৰে ঘড়ীটো সৰকোৱাৰ আঁচনি কৰিছিল বুলি গৰাকীজনৰ দাবী।
এই ঘড়ীবোৰ চাফাইকৰ্মীজনে বিভিন্নজনক বিক্ৰী কৰিছিল বুলি আদালতত স্বীকাৰ কৰে।
অৱশ্যে দোষী সাব্যস্ত হোৱা চাফাইকৰ্মীজনে পুনৰ বিচাৰৰ আৱেদন কৰিবলৈ ১৫ দিন সময় পাব।