বৰ্ষাপাৰাত দ্বিতীয় টি-২০ ত পাঁচ উইকেটত পৰাস্ত ভাৰত

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ খেলৰ এটা মহুৰ্ত। ফটো-য়ুবি

ভাৰত আৰু ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত চলি থকা তিনিখন খেলৰ টি-২০ শৃংখলাৰ দ্বিতীয়খন খেলতো ভাৰত ইংলেণ্ডৰ হাতত ৫ উইকেটত পৰাস্ত হয়। ইংলেণ্ড দলটোৱে এই বিজয়েৰে শৃখংলাটো ২-০ ব্যাৱধানত অগ্ৰগতিৰে হস্তগত কৰিবলৈ সক্ষম হয়।

আজি অনুষ্ঠিত হোৱা খেলখনত ইংলেণ্ডে টছত জয়ী হৈ প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ লাভ কৰা ভাৰতে দুৰ্বল বেটিং প্ৰদৰ্শনৰ বাবে নিৰ্ধাৰিত ২০ অভাৰত আঠটা উইকেট হেৰুৱাই ১১১ ৰাণহে কৰিবলৈ সক্ষম হয়। ভাৰতীয় দলৰ হৈ মিথালী ৰাজে সৰ্বাধিক ২০ ৰাণ সংগ্ৰহ কৰে। ব্যৰ্থ হয় অধিনায়ক স্মৃতি মান্ধনা(১২) আৰু দিপ্তী শৰ্মা(১৮)।

খেল চাবলৈ অহা দৰ্শকৰ একাংশ। ফটো-য়ুবি

ভাৰতে বান্ধি দিয়া ১১২ ৰাণৰ বিজয় লক্ষ্য আগত ৰাখি খেলিবলৈ নমা ইংলেণ্ডে ১৯.১ অভাৰত পাঁচটা উইকেট হেৰুৱাই প্ৰয়োজনীয় লক্ষ্যত উপনীত হয়। ইংলেণ্ডৰ হৈ অপেনাৰ ডেনিয়েল ওয়াটে মাৰমুখি বেটিঙেৰে ৬৪ ৰাণত অপৰাজিত থাকি দলৰ বিজয়ত মুখ্য ভূমিকা লয়। ভাৰতৰ একতা বিষ্টে দখল কৰে সৰ্বোচ্চ দুটা উইকেট। মেন অফ দ্যা মেচৰ সন্মান লাভ কৰে ডেনিয়েল ওয়াটে।

ভাৰতীয় মহিলা ক্ৰিকেট দলটোৰ ক্ৰমাগত দ্বিতীয়খন খেলত পৰাজয়ে খেল চাবলৈ অহা অসমৰ দৰ্শকক হতাশ কৰিলেও ভাৰত আৰু ইংলেণ্ড মহিলা ক্ৰিকেট দলদুটাক প্ৰথম বাৰৰ বাবে গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় খেলত অংশ লবলৈ অহা বাবে আনন্দিত বুলি হোৱা মন্তব্য কৰে।